27:9-refs:

27:9-refs:
7:108; 20:17-22; 26:32-33, 20:15.
.
৭:১০৮
وَنَزَعَ يَدَهُ فَإِذَا هِيَ بَيْضَاءُ لِلنَّاظِرِينَ
আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল দৃষ্টিপাত হ’ল।
(Pl find the verse/notes 7:108:link:
[152-fb- https://bit.ly/3AFSSQK (7:101-122)]
.
২০:১৭-২২( link: https://bit.ly/3BcKzxs ).
وَمَا تِلْكَ بِيَمِينِكَ يَا مُوسَىٰ
‘আৰু হে মুছা! তোমাৰ সোঁহাতত সেইডাল কি’?
২০:১৮
قَالَ هِيَ عَصَايَ أَتَوَكَّأُ عَلَيْهَا وَأَهُشُّ بِهَا عَلَىٰ غَنَمِي وَلِيَ فِيهَا مَآرِبُ أُخْرَىٰ
তেওঁ ক’লে, ‘এইডাল মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ, আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ লগতে এইডাল মোৰ অন্যান্য কামতো আহে’।
২০:১৯
قَالَ أَلْقِهَا يَا مُوسَىٰ
আল্লাহে ক’লে, ‘হে মুছা! তুমি এইডাল (মাটিত) নিক্ষেপ কৰাচোন’।
২০:২০
فَأَلْقَاهَا فَإِذَا هِيَ حَيَّةٌ تَسْعَىٰ
তাৰ পিছত তেওঁ সেইডাল নিক্ষেপ কৰিলে, লগে লগে সেইডাল এটা সাপ হৈ দৌৰিব ধৰিলে,
২০:২১
قَالَ خُذْهَا وَلَا تَخَفْ ۖ سَنُعِيدُهَا سِيرَتَهَا الْأُولَىٰ
আল্লাহে ক’লে, ‘তুমি ইয়াক ধৰা, ভয় নকৰিবা, আমি ইয়াক ইয়াৰ আগৰ অৱস্থাত ওভোতাই দিম।
২০:২২
وَاضْمُمْ يَدَكَ إِلَىٰ جَنَاحِكَ تَخْرُجْ بَيْضَاءَ مِنْ غَيْرِ سُوءٍ آيَةً أُخْرَىٰ
‘আৰু তুমি তোমাৰ হাতখন কাষলতিত ৰাখা, সেয়া আন এটা নিদৰ্শনস্বৰূপ কোনো ধৰণৰ ত্ৰুটি অবিহনে উজ্জ্বল হৈ ওলাই আহিব।
.
২৬:৩২-৩৩(link: https://bit.ly/3RzOBFc ):
فَأَلْقَىٰ عَصَاهُ فَإِذَا هِيَ ثُعْبَانٌ مُبِينٌ
তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে তৎক্ষণাত সেয়া এডাল স্পষ্ট অজগৰ সাপত পৰিণত হ’ল।
২৬:৩৩
وَنَزَعَ يَدَهُ فَإِذَا هِيَ بَيْضَاءُ لِلنَّاظِرِينَ
আৰু মুছাই তেওঁৰ হাত (কাষলতিৰ পৰা) উলিয়াই অনাৰ ফলত তৎক্ষণাত সেয়া দৰ্শকৰ দৃষ্টিত শুভ্ৰ উজ্জ্বল প্ৰতিভাত হ’ল।
.
২০:১৫
إِنَّ السَّاعَةَ آتِيَةٌ أَكَادُ أُخْفِيهَا لِتُجْزَىٰ كُلُّ نَفْسٍ بِمَا تَسْعَىٰ
‘নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, মই এইটো গোপন ৰাখিব বিচাৰোঁ যাতে প্ৰত্যেককে নিজ নিজ চেষ্টা-সাধনা অনুযায়ী প্ৰতিদান দিব পাৰি।
..... arranged Syedraf.....

Comments

Popular posts from this blog

2:6-Note

3:158

War and Peace