25:51-refs:ap.
25:51-refs:ap.
6:19, 11:17, 42:7, 7:158
.
২৫:৫১
وَلَوْ شِئْنَا لَبَعَثْنَا فِي كُلِّ قَرْيَةٍ نَذِيرًا
আৰু আমি ইচ্ছা কৰিলে প্ৰতিটো জনপদতেই এজনকৈ সতৰ্ককাৰী পঠাব পাৰিলোহেঁতেন।
।।।
৬:১৯
قُلْ أَيُّ شَيْءٍ أَكْبَرُ شَهَادَةً ۖ قُلِ اللَّهُ ۖ شَهِيدٌ بَيْنِي وَبَيْنَكُمْ ۚ وَأُوحِيَ إِلَيَّ هَٰذَا الْقُرْآنُ لِأُنْذِرَكُمْ بِهِ وَمَنْ بَلَغَ ۚ أَئِنَّكُمْ لَتَشْهَدُونَ أَنَّ مَعَ اللَّهِ آلِهَةً أُخْرَىٰ ۚ قُلْ لَا أَشْهَدُ ۚ قُلْ إِنَّمَا هُوَ إِلَٰهٌ وَاحِدٌ وَإِنَّنِي بَرِيءٌ مِمَّا تُشْرِكُونَ
কোৱা, ‘কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী’? কোৱা, ‘আল্লাহ, মোৰ আৰু তোমালোকৰ মাজত সাক্ষ্যদাতা, আৰু এই কোৰআন মোৰ ওচৰত অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰো। তোমালোকে এই সাক্ষী বহন কৰা নেকি যে, আল্লাহৰ লগত আন কোনোবা ইলাহ আছে’? কোৱা, ‘মই এই সাক্ষ্য নিদিওঁ’। কোৱা, ‘তেৱেঁই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ পৰা মই নিশ্চয় বিমুক্ত’।
.
১১:১৭
أَفَمَنْ كَانَ عَلَىٰ بَيِّنَةٍ مِنْ رَبِّهِ وَيَتْلُوهُ شَاهِدٌ مِنْهُ وَمِنْ قَبْلِهِ كِتَابُ مُوسَىٰ إِمَامًا وَرَحْمَةً ۚ أُولَٰئِكَ يُؤْمِنُونَ بِهِ ۚ وَمَنْ يَكْفُرْ بِهِ مِنَ الْأَحْزَابِ فَالنَّارُ مَوْعِدُهُ ۚ فَلَا تَكُ فِي مِرْيَةٍ مِنْهُ ۚ إِنَّهُ الْحَقُّ مِنْ رَبِّكَ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يُؤْمِنُونَ
যিসকলে নিজ প্ৰতিপালকৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আৰু যাৰ অনুসৰণ কৰে তেওঁৰ প্ৰেৰিত সাক্ষী আৰু যাৰ আগত আছিল মুছাৰ কিতাব আদৰ্শ আৰু অনুগ্ৰহস্বৰূপ, (এওঁলোক সেইসকল লোকৰ দৰে নেকি যিসকলে পৃথিৱী আৰু ইয়াৰ উপকৰণ কামনাত বিভোৰ) বৰং এওঁলোকেই ইয়াৰ ওপৰত ঈমান পোষণ কৰে। অন্যান্য দলৰ যিসকলে ইয়াক অস্বীকাৰ কৰে, অগ্নিয়ে হ’ব সিহঁতৰ প্ৰতিশ্ৰুত স্থান। এতেকে তুমি কেতিয়াও ইয়াত সন্দেহ পোষণ নকৰিবা। এইটো কেৱল তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; কিন্তু অধিকাংশ মানুহেই ঈমান পোষণ নকৰে।
.
৪২:৭
وَكَذَٰلِكَ أَوْحَيْنَا إِلَيْكَ قُرْآنًا عَرَبِيًّا لِتُنْذِرَ أُمَّ الْقُرَىٰ وَمَنْ حَوْلَهَا وَتُنْذِرَ يَوْمَ الْجَمْعِ لَا رَيْبَ فِيهِ ۚ فَرِيقٌ فِي الْجَنَّةِ وَفَرِيقٌ فِي السَّعِيرِ
আৰু এইদৰেই আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো আৰবী ভাষাত, যাতে তুমি মক্কা আৰু ইয়াৰ চাৰিওফালৰ জনগণক সতৰ্ক কৰিব পাৰা লগতে সতৰ্ক কৰিব পাৰা কিয়ামতৰ দিন সম্পৰ্কে, যিটো (সংঘটিত হোৱাত) কোনো সন্দেহ নাই। এদল থাকিব জান্নাতত আৰু এদল থাকিব জ্বলন্ত অগ্নিত।
.
৭:১৫৮
قُلْ يَا أَيُّهَا النَّاسُ إِنِّي رَسُولُ اللَّهِ إِلَيْكُمْ جَمِيعًا الَّذِي لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۖ لَا إِلَٰهَ إِلَّا هُوَ يُحْيِي وَيُمِيتُ ۖ فَآمِنُوا بِاللَّهِ وَرَسُولِهِ النَّبِيِّ الْأُمِّيِّ الَّذِي يُؤْمِنُ بِاللَّهِ وَكَلِمَاتِهِ وَاتَّبِعُوهُ لَعَلَّكُمْ تَهْتَدُونَ
কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। সেয়ে তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল উম্মী নবীৰ প্ৰতি যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহত ঈমান পোষণ কৰে; আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা’।
...
Comments
Post a Comment