24:45ref

24:45ref
29:18; 41:9; 7:69; 15:26; 32:7; 71:14.
.
২৯:১৮
وَإِنْ تُكَذِّبُوا فَقَدْ كَذَّبَ أُمَمٌ مِنْ قَبْلِكُمْ ۖ وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ الْمُبِينُ
আৰু যদি তোমালোকে অস্বীকাৰ কৰা তেন্তে তোমালোকৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। আৰু সুস্পষ্টভাৱে প্ৰচাৰ কৰাটোৱেই কেৱল ৰাছুলৰ গুৰু দায়িত্ব।
.
৪১:৯
۞ قُلْ أَئِنَّكُمْ لَتَكْفُرُونَ بِالَّذِي خَلَقَ الْأَرْضَ فِي يَوْمَيْنِ وَتَجْعَلُونَ لَهُ أَنْدَادًا ۚ ذَٰلِكَ رَبُّ الْعَالَمِينَ
কোৱা, ‘তোমালোকে তেওঁৰ লগত কুফৰী কৰানে যিজনে দুদিনত পৃথিৱী সৃষ্টি কৰিছে? আৰু তোমালোকে তেওঁৰ সমকক্ষ স্থিৰ কৰানে’? তেওঁ হৈছে সৃষ্টিজগতৰ ৰব!
.
৭:৬৯
أَوَعَجِبْتُمْ أَنْ جَاءَكُمْ ذِكْرٌ مِنْ رَبِّكُمْ عَلَىٰ رَجُلٍ مِنْكُمْ لِيُنْذِرَكُمْ ۚ وَاذْكُرُوا إِذْ جَعَلَكُمْ خُلَفَاءَ مِنْ بَعْدِ قَوْمِ نُوحٍ وَزَادَكُمْ فِي الْخَلْقِ بَسْطَةً ۖ فَاذْكُرُوا آلَاءَ اللَّهِ لَعَلَّكُمْ تُفْلِحُونَ
‘তোমালোকে বিস্মিত হৈছা নেকি যে, তোমালোকৰ ওচৰত তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকক সতৰ্ক কৰাৰ বাবে উপদেশ আহিছে? আৰু স্মৰণ কৰা যে, আল্লাহে তোমালোকক নূহৰ সম্প্ৰদায়ৰ (ধ্বংসৰ) পিছত (তোমালোকৰ আগৰ লোকসকলৰ) স্থলাভিষিক্ত কৰিছে আৰু সৃষ্টিত (দৈহিক গঠনত) তোমালোকক বেছি পৰিমাণে হৃষ্টপুষ্ট- বলিষ্ঠ কৰিছে। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা’।
.
১৫:২৬
وَلَقَدْ خَلَقْنَا الْإِنْسَانَ مِنْ صَلْصَالٍ مِنْ حَمَإٍ مَسْنُونٍ
আৰু অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰ পৰা,
.
৩২:৭
الَّذِي أَحْسَنَ كُلَّ شَيْءٍ خَلَقَهُ ۖ وَبَدَأَ خَلْقَ الْإِنْسَانِ مِنْ طِينٍ
যিজনে তেওঁৰ প্ৰত্যেকটো সৃষ্টিক সৃজন কৰিছে উত্তমৰূপে আৰু বোকা মাটিৰ পৰা মানৱ সৃষ্টিৰ সূচনা কৰিছে।
.
৭১:১৪
وَقَدْ خَلَقَكُمْ أَطْوَارًا
‘অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে পৰ্যায়ক্ৰমে।
....

Comments

Popular posts from this blog

War and Peace

2:6-Note

3:158