23:62ref:(আল্লাহে তাৰ ক্ষমতাৰ অতিৰিক্ত বোজা অৰ্পন নকৰে)

23:62ref:(আল্লাহে তাৰ ক্ষমতাৰ অতিৰিক্ত বোজা অৰ্পন নকৰে)
।।।
2:286; 6:153; 7:42
২:২৮৬
لَا يُكَلِّفُ اللَّهُ نَفْسًا إِلَّا وُسْعَهَا ۚ لَهَا مَا كَسَبَتْ وَعَلَيْهَا مَا اكْتَسَبَتْ ۗ رَبَّنَا لَا تُؤَاخِذْنَا إِنْ نَسِينَا أَوْ أَخْطَأْنَا ۚ رَبَّنَا وَلَا تَحْمِلْ عَلَيْنَا إِصْرًا كَمَا حَمَلْتَهُ عَلَى الَّذِينَ مِنْ قَبْلِنَا ۚ رَبَّنَا وَلَا تُحَمِّلْنَا مَا لَا طَاقَةَ لَنَا بِهِ ۖ وَاعْفُ عَنَّا وَاغْفِرْ لَنَا وَارْحَمْنَا ۚ أَنْتَ مَوْلَانَا فَانْصُرْنَا عَلَى الْقَوْمِ الْكَافِرِينَ
আল্লাহে কাকো তাৰ সামৰ্থৰ বাহিৰত কোনো দায়িত্ব নিদিয়ে। যিয়ে ভাল উপাৰ্জন কৰিছে ইয়াৰ প্ৰতিফল তাৰ বাবেই, আৰু যিয়ে বেয়া উপাৰ্জন কৰিছে ইয়াৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। হে আমাৰ প্ৰতিপালক! যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰো তেন্তে তুমি আমাক সোধ-পোচ নকৰিবা। হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ তুমি বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকুৱা বোজা অৰ্পণ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন কৰাৰ সামৰ্থ আমাৰ নাই; আৰু তুমি আমাৰ পাপ মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি দয়া কৰা, তুমিয়েই আমাৰ অভিভাৱক। এতেকে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা।
.
৬:১৫৩
وَأَنَّ هَٰذَا صِرَاطِي مُسْتَقِيمًا فَاتَّبِعُوهُ ۖ وَلَا تَتَّبِعُوا السُّبُلَ فَتَفَرَّقَ بِكُمْ عَنْ سَبِيلِهِ ۚ ذَٰلِكُمْ وَصَّاكُمْ بِهِ لَعَلَّكُمْ تَتَّقُونَ
আৰু এইটোৱেই মোৰ সৰল পথ। এতেকে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু বিভিন্ন পথ অনুসৰণ নকৰিবা, অন্যথা সেইবোৰে তোমালোকক ইয়াৰ পৰা বিচ্ছিন্ন কৰিব। এনেদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হোৱা।
.
৭:৪২
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَا نُكَلِّفُ نَفْسًا إِلَّا وُسْعَهَا أُولَٰئِكَ أَصْحَابُ الْجَنَّةِ ۖ هُمْ فِيهَا خَالِدُونَ
আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আমি কাৰো ওপৰত তাৰ ক্ষমতাৰ অতিৰিক্ত বোজা অৰ্পন নকৰো- তেওঁলোকেই জান্নাতবাসী, তাত তেওঁলোক স্থায়ী হ’ব।
.

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran