বিভিন্ন নবীৰ চাহাবীসকল কেনে আছিলঃ কোৰআনে কি ক‌য়?

বিভিন্ন নবীৰ চাহাবীসকল কেনে আছিলঃ কোৰআনে কি ক‌য়?
।।।
∆কোন এই অযোগ্য বংশধৰসকলে চালাত বিনষ্ট কৰিলে? চালাত মানে কি?
∆ৰাছুলসকল পৰৱৰ্তীসকল কোন, চাহাবাসকল নহয়নে?
(এই খণ্ডৰ ভিডিঅ' চাওঁক)
।।।
১৯:৫৯
۞ فَخَلَفَ مِنْ بَعْدِهِمْ خَلْفٌ أَضَاعُوا الصَّلَاةَ وَاتَّبَعُوا الشَّهَوَاتِ ۖ فَسَوْفَ يَلْقَوْنَ غَيًّا
তেওঁলোকৰ পিছত আহিল অযোগ্য বংশধৰ, যিসকলে চালাত বিনষ্ট* কৰিলে আৰু কুপ্ৰবৃত্তিৰ অনুসৰণ কৰিলে। সেয়ে অচিৰেই সিহঁতে ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ’ব।
.
টোকা: কোন অযোগ্য বংশধৰসকলে চালাত বিনষ্ট কৰিলে? চালাত মানে কি?
প্ৰসঙ্গ: ২:২৫২-২৫৩, ৭:১৭৫-১৭৭
২:২৫২
تِلْكَ آيَاتُ اللَّهِ نَتْلُوهَا عَلَيْكَ بِالْحَقِّ ۚ وَإِنَّكَ لَمِنَ الْمُرْسَلِينَ
এইবোৰ আল্লাহৰ আয়াত, যিটো আমি তোমাৰ ওপৰত যথাযথভাৱে তিলাৱত কৰো; আৰু নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত।
২:২৫৩
۞ تِلْكَ الرُّسُلُ فَضَّلْنَا بَعْضَهُمْ عَلَىٰ بَعْضٍ ۘ مِنْهُمْ مَنْ كَلَّمَ اللَّهُ ۖ وَرَفَعَ بَعْضَهُمْ دَرَجَاتٍ ۚ وَآتَيْنَا عِيسَى ابْنَ مَرْيَمَ الْبَيِّنَاتِ وَأَيَّدْنَاهُ بِرُوحِ الْقُدُسِ ۗ وَلَوْ شَاءَ اللَّهُ مَا اقْتَتَلَ الَّذِينَ مِنْ بَعْدِهِمْ مِنْ بَعْدِ مَا جَاءَتْهُمُ الْبَيِّنَاتُ وَلَٰكِنِ اخْتَلَفُوا فَمِنْهُمْ مَنْ آمَنَ وَمِنْهُمْ مَنْ كَفَرَ ۚ وَلَوْ شَاءَ اللَّهُ مَا اقْتَتَلُوا وَلَٰكِنَّ اللَّهَ يَفْعَلُ مَا يُرِيدُ
সেই ৰাছুলসকল, আমি তেওঁলোকৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছো। তেওঁলোকৰ মাজত এনে কিছুমান আছে, যিসকলৰ লগত আল্লাহে কথা কৈছে, আকৌ কিছুমানক উচ্চ মৰ্যাদা প্ৰদান কৰিছে; আৰু মাৰইয়ামৰ পুত্ৰ ঈছাক আমি স্পষ্ট প্ৰমাণাদি প্ৰদান কৰিছো আৰু ৰূহুল কুদুছৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছো; আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ ✔️পৰৱৰ্তীসকলে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি সমাগত হোৱাৰ পিছতো পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লেহেঁতেন; কিন্তু সিহঁতে মতভেদ কৰিলে। ফলত সিহঁতৰ কিছুমানে ঈমান আনিলে আৰু কিছুমানে কুফুৰী কৰিলে; কিন্তু আল্লাহে ইচ্ছা কৰিলে সিহঁতে পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লেহেতেন; কিন্তু আল্লাহে যিটো ইচ্ছা সেইটোৱেই কৰে।
(✔️মন কৰিব ৰাছুলসকল পৰৱৰ্তীসকল কোন, চাহাবাসকল নহয়নে?)
⬇️
আকৌ চাওঁক:৭:১৭৫-১৭৭
৭:১৭৫
وَاتْلُ عَلَيْهِمْ نَبَأَ الَّذِي آتَيْنَاهُ آيَاتِنَا فَانْسَلَخَ مِنْهَا فَأَتْبَعَهُ الشَّيْطَانُ فَكَانَ مِنَ الْغَاوِينَ
আৰু সিহঁতক সেই ব্যক্তিৰ সংবাদ পাঠ কৰি শুনোৱা, যাক আমি নিদৰ্শনসমূহ প্ৰদান কৰিছিলো, তাৰ পিছত সি তাৰ পৰা বিচ্ছিন্ন হৈ গৈছিল, আৰু চয়তানে তাৰ পিছ লৈছিল। ফলত সি বিপথগামীসকলৰ অন্তৰ্ভুক্ত হৈ গৈছিল।
৭:১৭৬
وَلَوْ شِئْنَا لَرَفَعْنَاهُ بِهَا وَلَٰكِنَّهُ أَخْلَدَ إِلَى الْأَرْضِ وَاتَّبَعَ هَوَاهُ ۚ فَمَثَلُهُ كَمَثَلِ الْكَلْبِ إِنْ تَحْمِلْ عَلَيْهِ يَلْهَثْ أَوْ تَتْرُكْهُ يَلْهَثْ ۚ ذَٰلِكَ مَثَلُ الْقَوْمِ الَّذِينَ كَذَّبُوا بِآيَاتِنَا ۚ فَاقْصُصِ الْقَصَصَ لَعَلَّهُمْ يَتَفَكَّرُونَ
আৰু আমি ইচ্ছা কৰিলে ইয়াৰ দ্বাৰা তাক উচ্চ মৰ্যাদা দান কৰিলোহেঁতেন, কিন্তু সি দুনিয়াৰ প্ৰতিহে আকৃষ্ট হৈছে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে। এতেকে তাৰ উপমা হৈছে কুকুৰৰ দৰে, তাৰ ওপৰত বোজা জাপি দিলে সি জিভা উলিয়াই হেঁপাই থাকে আৰু বোজা নিদিলেও সি জিভা উলিয়াই হেঁপাই থাকে। যি সম্প্ৰদায়ে আমাৰ আয়াতসমূহ অস্বীকাৰ কৰিছে সিহঁতৰ অৱস্থাও এইটোৱেই। এতেকে তুমি বৃত্তান্ত বৰ্ণনা কৰা যাতে সিহঁতে চিন্তা কৰে।
৭:১৭৭
سَاءَ مَثَلًا الْقَوْمُ الَّذِينَ كَذَّبُوا بِآيَاتِنَا وَأَنْفُسَهُمْ كَانُوا يَظْلِمُونَ
সেই সম্প্ৰদায়ৰ উপমা কিমান যে নিকৃষ্ট! যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু সিহঁতে নিজৰ প্ৰতিহে অন্যায় কৰিছিল।
।।।।
বিঃদ্ৰঃ প্ৰথমে উল্লেখ কৰি অহা প্ৰশ্নোত্তৰ পাবলৈ আজিৰ কোৰআন বিশ্লেষণৰ খণ্ডৰ ২৮৭ নং মুক্তাবুল হুছেইন চাহাবৰ ভিডিঅ'টো চাওঁক (তলত লিংক আছে: https://youtu.be/PuJeGEkIhlM )
।।।ৰফ।।।



Comments

Popular posts from this blog

War and Peace

2:6-Note

3:158