22:47:ref-time is relative

22:47:ref-
(*see 6:57, 8:32 and 13:6)(**Time is relative. See 32:5; 70:4).
.
(৬:৫৭*
قُلْ إِنِّي عَلَىٰ بَيِّنَةٍ مِنْ رَبِّي وَكَذَّبْتُمْ بِهِ ۚ مَا عِنْدِي مَا تَسْتَعْجِلُونَ بِهِ ۚ إِنِ الْحُكْمُ إِلَّا لِلَّهِ ۖ يَقُصُّ الْحَقَّ ۖ وَهُوَ خَيْرُ الْفَاصِلِينَ
কোৱা, ‘নিশ্চয় মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত; অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছা। তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো মোৰ ওচৰত নাই। হুকুম কেৱল আল্লাহৰ ওচৰতেই, তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়চালাকাৰীসকলৰ মাজত তেৱেঁই শ্ৰেষ্ঠ’।
.
৮:৩২
وَإِذْ قَالُوا اللَّهُمَّ إِنْ كَانَ هَٰذَا هُوَ الْحَقَّ مِنْ عِنْدِكَ فَأَمْطِرْ عَلَيْنَا حِجَارَةً مِنَ السَّمَاءِ أَوِ ائْتِنَا بِعَذَابٍ أَلِيمٍ
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইবোৰ যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয় তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।
.
১৩:৬
وَيَسْتَعْجِلُونَكَ بِالسَّيِّئَةِ قَبْلَ الْحَسَنَةِ وَقَدْ خَلَتْ مِنْ قَبْلِهِمُ الْمَثُلَاتُ ۗ وَإِنَّ رَبَّكَ لَذُو مَغْفِرَةٍ لِلنَّاسِ عَلَىٰ ظُلْمِهِمْ ۖ وَإِنَّ رَبَّكَ لَشَدِيدُ الْعِقَابِ
আৰু সিহঁতে তোমাৰ ওচৰত মঙ্গলৰ পূৰ্বে অমঙ্গলৰ বাবে খৰখেদা কৰে। অথচ সিহঁতৰ আগত শাস্তিৰ অনুৰূপ বহু (শিক্ষণীয়) দৃষ্টান্ত পাৰ হৈছে। সিহঁতৰ অপৰাধৰ পিছতো নিশ্চয় তোমাৰ ৰব মানুহৰ প্ৰতি ক্ষমাশীল আৰু (শুনা) নিশ্চয় তোমাৰ ৰব শাস্তি প্ৰদানতো অতি কঠোৰ।)
.
(৩২:৫**
يُدَبِّرُ الْأَمْرَ مِنَ السَّمَاءِ إِلَى الْأَرْضِ ثُمَّ يَعْرُجُ إِلَيْهِ فِي يَوْمٍ كَانَ مِقْدَارُهُ أَلْفَ سَنَةٍ مِمَّا تَعُدُّونَ
তেৱেঁই আকাশৰ পৰা পৃথিৱীলৈকে সকলো বিষয় পৰিচালনা কৰে, তাৰ পিছত সেয়া এদিন তেওঁৰ ওচৰলৈকে উঠিব, যাৰ পৰিমাণ হ’ব তোমালোকৰ গণনা অনুসাৰে এহেজাৰ বছৰ।
.
৭০:৪
تَعْرُجُ الْمَلَائِكَةُ وَالرُّوحُ إِلَيْهِ فِي يَوْمٍ كَانَ مِقْدَارُهُ خَمْسِينَ أَلْفَ سَنَةٍ
ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।
......raf......

Comments

Popular posts from this blog

War and Peace

2:6-Note

3:158