ref16:30:সৎকৰ্ম, ঈমান মুত্তাক্বী কি?
ref16:30:সৎকৰ্ম, ঈমান মুত্তাক্বী কি?
.
সৎকৰ্ম, ঈমান মুত্তাক্বী কি?
১৬:৩০
۞ وَقِيلَ لِلَّذِينَ اتَّقَوْا مَاذَا أَنْزَلَ رَبُّكُمْ ۚ قَالُوا خَيْرًا ۗ لِلَّذِينَ أَحْسَنُوا فِي هَٰذِهِ الدُّنْيَا حَسَنَةٌ ۚ وَلَدَارُ الْآخِرَةِ خَيْرٌ ۚ وَلَنِعْمَ دَارُ الْمُتَّقِينَ
আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক কোৱা হ’ল, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেওঁলোকে ক’লে, ‘মহাকল্যাণ’। যিসকলে সৎকৰ্ম✔️ কৰে তেওঁলোকৰ বাবে আছে এই পৃথিৱীত মঙ্গল আৰু আখিৰাতৰ আবাস ইয়াতকৈয়ও উৎকৃষ্ট; আৰু মুত্তাক্বীসকলৰ🎵 আবাসস্থল কিমান যে উৎকৃষ্ট!
(সৎকৰ্ম: ✔️Pl see the link:
.
(মুত্তাক্বীসকল:🎵 see link:
।।।।
১৬:৯৭
مَنْ عَمِلَ صَالِحًا مِنْ ذَكَرٍ أَوْ أُنْثَىٰ وَهُوَ مُؤْمِنٌ فَلَنُحْيِيَنَّهُ حَيَاةً طَيِّبَةً ۖ وَلَنَجْزِيَنَّهُمْ أَجْرَهُمْ بِأَحْسَنِ مَا كَانُوا يَعْمَلُونَ
ঈমানৰ অৱস্থাত পুৰুষে হওঁক বা নাৰী, যিয়েই সৎকৰ্ম কৰিব, অৱশ্যে আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।
.
২৮:৮০
وَقَالَ الَّذِينَ أُوتُوا الْعِلْمَ وَيْلَكُمْ ثَوَابُ اللَّهِ خَيْرٌ لِمَنْ آمَنَ وَعَمِلَ صَالِحًا وَلَا يُلَقَّاهَا إِلَّا الصَّابِرُونَ
আৰু যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’লে, ‘ধিক তোমালোকৰ ওপৰত! যিয়ে ঈমান👌 আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আল্লাহৰ পুৰষ্কাৰেই শ্ৰেষ্ঠ আৰু ধৈৰ্যশীলসকলৰ বাহিৰে আন কোনেও সেয়া নাপাব’।
(ঈমান:👌 Pl see the link:
.
৩:১৯৮
لَٰكِنِ الَّذِينَ اتَّقَوْا رَبَّهُمْ لَهُمْ جَنَّاتٌ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا نُزُلًا مِنْ عِنْدِ اللَّهِ ۗ وَمَا عِنْدَ اللَّهِ خَيْرٌ لِلْأَبْرَارِ
কিন্তু যিসকলে নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব। এয়া হৈছে আল্লাহৰ তৰফৰ পৰা আতিথ্য; আৰু আল্লাহৰ ওচৰত যি আছে সেয়া সৎকৰ্মপৰায়ণসকলৰ বাবে অতি উত্তম।
.
:::::: syedraf:::::
Comments
Post a Comment