ref13:17

ref13:17
২৯:৪৩
وَتِلْكَ الْأَمْثَالُ نَضْرِبُهَا لِلنَّاسِ ۖ وَمَا يَعْقِلُهَا إِلَّا الْعَالِمُونَ
আৰু এইবোৰ দৃষ্টান্ত আমি কেৱল মানুহৰ বাবেই দিওঁ, কিন্তু কেৱল জ্ঞানীসকলেই সেয়া বুজি পায়।
.
২:১৭
مَثَلُهُمْ كَمَثَلِ الَّذِي اسْتَوْقَدَ نَارًا فَلَمَّا أَضَاءَتْ مَا حَوْلَهُ ذَهَبَ اللَّهُ بِنُورِهِمْ وَتَرَكَهُمْ فِي ظُلُمَاتٍ لَا يُبْصِرُونَ
সিহঁতৰ উদাহৰণ সেই ব্যক্তিৰ দৰে, যিয়ে জুই জ্বলালে। তাৰ পিছত যেতিয়া সেই জুয়ে তাৰ চাৰিওফালে আলোকিত কৰিলে, তেতিয়া আল্লাহে সিহঁতৰ জ্যোতি অপসাৰণ কৰি নিলে আৰু সিহঁতক এনেকুৱা অন্ধকাৰত এৰি দিলে যে, সিহঁতে দেখিবলৈ নোপোৱা হ’ল ।
.
২:১৯
أَوْ كَصَيِّبٍ مِنَ السَّمَاءِ فِيهِ ظُلُمَاتٌ وَرَعْدٌ وَبَرْقٌ يَجْعَلُونَ أَصَابِعَهُمْ فِي آذَانِهِمْ مِنَ الصَّوَاعِقِ حَذَرَ الْمَوْتِ ۚ وَاللَّهُ مُحِيطٌ بِالْكَافِرِينَ
অথবা (সিহঁতৰ উদাহৰণ) ধাৰাসাৰ বৰষুণৰ দৰে, য’ত আছে ঘোৰ অন্ধকাৰ, বজ্ৰধ্বনি  আৰু বিদ্যুত চমক। সিহঁতে বজ্ৰধ্বনিত মৃত্যুৰ ভয়ত আঙুলিৰে কাণত সোপা দিয়ে। আৰু আল্লাহে কাফিৰসকলক চাৰিওফালৰ পৰা আগুৰি আছে ।
.
২৪:৩৯-৪০
وَالَّذِينَ كَفَرُوا أَعْمَالُهُمْ كَسَرَابٍ بِقِيعَةٍ يَحْسَبُهُ الظَّمْآنُ مَاءً حَتَّىٰ إِذَا جَاءَهُ لَمْ يَجِدْهُ شَيْئًا وَوَجَدَ اللَّهَ عِنْدَهُ فَوَفَّاهُ حِسَابَهُ ۗ وَاللَّهُ سَرِيعُ الْحِسَابِ
আৰু যিসকলে কুফৰী কৰে সিহঁতৰ আমলসমূহ মৰুভূমিৰ মৰীচিকাৰ দৰে, তৃষ্ণাতুৰ ব্যক্তিয়ে যিটোক পানী বুলি ভাৱে, কিন্তু যেতিয়া সি সেইটোৰ কাষত যায় তাত একোকে নাপায়, বৰং তাত আল্লাহকহে পায়, এতেকে তেওঁ তাক তাৰ হিচাপ পূৰ্ণমাত্ৰাত প্ৰদান কৰিব; আৰু আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
২৪:৪০
أَوْ كَظُلُمَاتٍ فِي بَحْرٍ لُجِّيٍّ يَغْشَاهُ مَوْجٌ مِنْ فَوْقِهِ مَوْجٌ مِنْ فَوْقِهِ سَحَابٌ ۚ ظُلُمَاتٌ بَعْضُهَا فَوْقَ بَعْضٍ إِذَا أَخْرَجَ يَدَهُ لَمْ يَكَدْ يَرَاهَا ۗ وَمَنْ لَمْ يَجْعَلِ اللَّهُ لَهُ نُورًا فَمَا لَهُ مِنْ نُورٍ
অথবা (সিহঁতৰ আমলসমূহ) গভীৰ সাগৰৰ তলত থকা অন্ধকাৰৰ দৰে, যাক আচ্ছন্ন কৰে তৰংগৰ ওপৰত তৰঙ্গ, যাৰ উৰ্দ্ধত আছে মেঘপুঞ্জ, অন্ধকাৰযুক্ত মেঘপুঞ্জ স্তৰৰ ওপৰত স্তৰ, আনকি সি নিজৰ হাতখন উলিয়ালেও কদাপি দেখা নাপাব; আৰু আল্লাহে যাৰ বাবে নূৰৰ ব্যৱস্থা কৰা নাই তাৰ বাবে কোনো নূৰ নাই।
.
৯:১১৯
يَا أَيُّهَا الَّذِينَ آمَنُوا اتَّقُوا اللَّهَ وَكُونُوا مَعَ الصَّادِقِينَ
হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সত্যবাদীসকলৰ সঙ্গী হোৱা।

Comments

Popular posts from this blog

2:6-Note

3:158

War and Peace