ref:১৫:৮৫

ref:১৫:৮৫
وَمَا خَلَقْنَا السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا إِلَّا بِالْحَقِّ ۗ وَإِنَّ السَّاعَةَ لَآتِيَةٌ ۖ فَاصْفَحِ الصَّفْحَ الْجَمِيلَ
আকাশসমূহ আৰু পৃথিৱী লগতে এই দুয়োৰে মাজৰ কোনো বস্তুৱেই আমি যথাৰ্থতাৰ বাহিৰে সৃষ্টি কৰা নাই, আৰু নিশ্চয় কিয়ামত আহিব। এতেকে তুমি পৰম সৌজন্যৰ সৈতে সিহঁতক ক্ষমা কৰি দিয়া।
.
📍ref: (53:31),(38:27),(23:115-116),(43:89).
.
৫৩:৩১
وَلِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ لِيَجْزِيَ الَّذِينَ أَسَاءُوا بِمَا عَمِلُوا وَيَجْزِيَ الَّذِينَ أَحْسَنُوا بِالْحُسْنَى
আৰু আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰেই। যাতে তেওঁ সিহঁতৰ কামৰ প্ৰতিফল দিব পাৰে যিসকলে বেয়া কাম কৰে আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,
.
৩৮:২৭
وَمَا خَلَقْنَا السَّمَاءَ وَالْأَرْضَ وَمَا بَيْنَهُمَا بَاطِلًا ۚ ذَٰلِكَ ظَنُّ الَّذِينَ كَفَرُوا ۚ فَوَيْلٌ لِلَّذِينَ كَفَرُوا مِنَ النَّارِ
আৰু আমি আকাশ, পৃথিৱী লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই। এইটো ধাৰণা কেৱল সিহঁতৰ যিসকলে কুফৰী কৰিছে, এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অগ্নিৰ দুৰ্ভোগ।
.
২৩:১১৫-১১৬
أَفَحَسِبْتُمْ أَنَّمَا خَلَقْنَاكُمْ عَبَثًا وَأَنَّكُمْ إِلَيْنَا لَا تُرْجَعُونَ
‘তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছো আৰু তোমালোকক আমাৰ ওচৰলৈকে ওভোতাই আনা নহ’ব?
২৩:১১৬
فَتَعَالَى اللَّهُ الْمَلِكُ الْحَقُّ ۖ لَا إِلَٰهَ إِلَّا هُوَ رَبُّ الْعَرْشِ الْكَرِيمِ
এতেকে আল্লাহ মহিমাময়, প্ৰকৃত মালিক, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই সন্মানিত আৰছৰ ৰব।
.
৪৩:৮৯
فَاصْفَحْ عَنْهُمْ وَقُلْ سَلَامٌ ۚ فَسَوْفَ يَعْلَمُونَ
এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু কোৱা, ‘ছালাম’। কিন্তু সিহঁতে (ইয়াৰ পৰিণাম) অনতিপলমে জানিবলৈ পাব।
.......raf......

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran