ref10:93(Don't divided)
Proneness to intellectual dissension is a permanent characteristic of human nature (see the last sentences of 2:213 and 253, respectively, also 23:53 )(as).
২:২১৩
كَانَ النَّاسُ أُمَّةً وَاحِدَةً فَبَعَثَ اللَّهُ النَّبِيِّينَ مُبَشِّرِينَ وَمُنْذِرِينَ وَأَنْزَلَ مَعَهُمُ الْكِتَابَ بِالْحَقِّ لِيَحْكُمَ بَيْنَ النَّاسِ فِيمَا اخْتَلَفُوا فِيهِ ۚ وَمَا اخْتَلَفَ فِيهِ إِلَّا الَّذِينَ أُوتُوهُ مِنْ بَعْدِ مَا جَاءَتْهُمُ الْبَيِّنَاتُ بَغْيًا بَيْنَهُمْ ۖ فَهَدَى اللَّهُ الَّذِينَ آمَنُوا لِمَا اخْتَلَفُوا فِيهِ مِنَ الْحَقِّ بِإِذْنِهِ ۗ وَاللَّهُ يَهْدِي مَنْ يَشَاءُ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
সকলো মানুহৰ এটাই উম্মত আছিল। তাৰ পিছত আল্লাহে নবীসকলক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ লগত সত্যসহ কিতাব অৱতীৰ্ণ কৰিলে যাতে মানুহে যিবোৰ বিষয়ত মতভেদ কৰিছিল সেইবোৰ মীমাংসা কৰিব পাৰে; আৰু যিসকলক এইটো দিয়া হৈছিল, স্পষ্ট নিদৰ্শন সিহঁতৰ ওচৰত অহাৰ পিছতো কেৱল পৰস্পৰ বিদ্বেষবশতঃ সেই বিষয়ত সিহঁতে বিৰোধিতা কৰিছিল। তাৰ পিছত আল্লাহে তেওঁৰ ইচ্ছাক্ৰমে ঈমান্দাৰসকলক সেই সত্য বিষয়ত হিদায়ত কৰিছে, যি বিষয়ে সিহঁতে মতানৈক্য সৃষ্টি কৰিছিল; আৰু আল্লাহে যাক ইচ্ছা কৰে সৰল পথৰ ফালে হিদায়ত কৰে।
.
২:২৫৩
۞ تِلْكَ الرُّسُلُ فَضَّلْنَا بَعْضَهُمْ عَلَىٰ بَعْضٍ ۘ مِنْهُمْ مَنْ كَلَّمَ اللَّهُ ۖ وَرَفَعَ بَعْضَهُمْ دَرَجَاتٍ ۚ وَآتَيْنَا عِيسَى ابْنَ مَرْيَمَ الْبَيِّنَاتِ وَأَيَّدْنَاهُ بِرُوحِ الْقُدُسِ ۗ وَلَوْ شَاءَ اللَّهُ مَا اقْتَتَلَ الَّذِينَ مِنْ بَعْدِهِمْ مِنْ بَعْدِ مَا جَاءَتْهُمُ الْبَيِّنَاتُ وَلَٰكِنِ اخْتَلَفُوا فَمِنْهُمْ مَنْ آمَنَ وَمِنْهُمْ مَنْ كَفَرَ ۚ وَلَوْ شَاءَ اللَّهُ مَا اقْتَتَلُوا وَلَٰكِنَّ اللَّهَ يَفْعَلُ مَا يُرِيدُ
সেই ৰাছুলসকল, আমি তেওঁলোকৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছো। তেওঁলোকৰ মাজত এনে কিছুমান আছে, যিসকলৰ লগত আল্লাহে কথা কৈছে, আকৌ কিছুমানক উচ্চ মৰ্যাদা প্ৰদান কৰিছে; আৰু মাৰইয়ামৰ পুত্ৰ ঈছাক আমি স্পষ্ট প্ৰমাণাদি প্ৰদান কৰিছো আৰু ৰূহুল কুদুছৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছো; আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰৱৰ্তীসকলে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি সমাগত হোৱাৰ পিছতো পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লেহেঁতেন; কিন্তু সিহঁতে মতভেদ কৰিলে। ফলত সিহঁতৰ কিছুমানে ঈমান আনিলে আৰু কিছুমানে কুফুৰী কৰিলে; কিন্তু আল্লাহে ইচ্ছা কৰিলে সিহঁতে পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লেহেতেন; কিন্তু আল্লাহে যিটো ইচ্ছা সেইটোৱেই কৰে।
.
২৩:৫২-৫৩
২৩:৫৩
فَتَقَطَّعُوا أَمْرَهُمْ بَيْنَهُمْ زُبُرًا ۖ كُلُّ حِزْبٍ بِمَا لَدَيْهِمْ فَرِحُونَ
পিছতহে মানুহে সিহঁতৰ নিজৰ মাজত সিহঁতৰ এই দ্বীনক বহুধা বিভক্ত কৰিছে। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈহে আনন্দিত।
[23:53 But they (mankind) have torn their affair of unity between them into sects, each sect rejoicing in what it has.(🚩30:31-32)]
(৩০:৩১-৩২🚩
۞ مُنِيبِينَ إِلَيْهِ وَاتَّقُوهُ وَأَقِيمُوا الصَّلَاةَ وَلَا تَكُونُوا مِنَ الْمُشْرِكِينَ
তোমালোকে বিশুদ্ধ চিত্তে তেওঁৰেই অভিমুখী হোৱা আৰু কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা আৰু ছালাত কায়েম কৰা; আৰু মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।
৩০:৩২
مِنَ الَّذِينَ فَرَّقُوا دِينَهُمْ وَكَانُوا شِيَعًا ۖ كُلُّ حِزْبٍ بِمَا لَدَيْهِمْ فَرِحُونَ
যিসকলে নিজৰ দ্বীনক বিভক্ত কৰিছে আৰু বিভিন্ন দলত পৰিণত হৈছে (সিহঁতৰ অন্তৰ্ভুক্ত নহ'বা)। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈয়ে উৎফুল্লিত।)
Comments
Post a Comment