ref10:72-সকলো নবী/ৰছুলে আল্লাহৰ ওচৰত মুছলিম(আত্মসমৰ্পনকাৰী) হ'বলৈ আহ্বান কৰিছিল
ref10:72
(সকলো নবী/ৰছুলে সকলোকে কেৱল আল্লাহৰ ওচৰত মুছলিম(আত্মসমৰ্পনকাৰী) হ'বলৈ আহ্বান কৰিছিল (৫:৪৪,৬:১৬৩ চাব)-টোকা/প্ৰসঙ্গ চাওঁক)
১০:৭২
فَإِنْ تَوَلَّيْتُمْ فَمَا سَأَلْتُكُمْ مِنْ أَجْرٍ ۖ إِنْ أَجْرِيَ إِلَّا عَلَى اللَّهِ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ الْمُسْلِمِينَ
‘তথাপিও যদি তোমালোকে মোৰ পৰা ফালৰি কাটি যোৱা তেন্তে মইতো তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচৰা নাই, মোৰ পাৰিশ্ৰমিক আছে কেৱল আল্লাহৰ ওচৰত, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত হ’বলৈ আদেশপ্ৰাপ্ত হৈছো’।
ref⬇️
5:48, 2:131-132, 12:101, 10:84, 7:126, 27:44, 5:44, 5:111, 6:162-163.
.
৫:৪৮
وَأَنْزَلْنَا إِلَيْكَ الْكِتَابَ بِالْحَقِّ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ مِنَ الْكِتَابِ وَمُهَيْمِنًا عَلَيْهِ ۖ فَاحْكُمْ بَيْنَهُمْ بِمَا أَنْزَلَ اللَّهُ ۖ وَلَا تَتَّبِعْ أَهْوَاءَهُمْ عَمَّا جَاءَكَ مِنَ الْحَقِّ ۚ لِكُلٍّ جَعَلْنَا مِنْكُمْ شِرْعَةً وَمِنْهَاجًا ۚ وَلَوْ شَاءَ اللَّهُ لَجَعَلَكُمْ أُمَّةً وَاحِدَةً وَلَٰكِنْ لِيَبْلُوَكُمْ فِي مَا آتَاكُمْ ۖ فَاسْتَبِقُوا الْخَيْرَاتِ ۚ إِلَى اللَّهِ مَرْجِعُكُمْ جَمِيعًا فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ
আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতা প্ৰতিপন্নকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছো। আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকামত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৰেই প্ৰত্যাৱৰ্তনস্থল। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।
.
২:১৩১-১৩২
إِذْ قَالَ لَهُ رَبُّهُ أَسْلِمْ ۖ قَالَ أَسْلَمْتُ لِرَبِّ الْعَالَمِينَ
যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক কৈছিল, ‘তুমি আত্মসমৰ্পণ কৰা’। তেওঁ কৈছিল, ‘মই বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলো’।
২:১৩২
وَوَصَّىٰ بِهَا إِبْرَاهِيمُ بَنِيهِ وَيَعْقُوبُ يَا بَنِيَّ إِنَّ اللَّهَ اصْطَفَىٰ لَكُمُ الدِّينَ فَلَا تَمُوتُنَّ إِلَّا وَأَنْتُمْ مُسْلِمُونَ
আৰু ইব্ৰাহীম আৰু ইয়াকূবে তেওঁলোকৰ পুত্ৰসকলক ইয়াৰেই নিৰ্দেশ দি কৈছিল, ‘হে মোৰ পুত্ৰসকল! নিশ্চয় আল্লাহে তোমালোকৰ বাবে এই দ্বীনক মনোনীত কৰিছে। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) নোহোৱালৈকে মৃত্যু বৰণ নকৰিবা’।
.
১২:১০১
۞ رَبِّ قَدْ آتَيْتَنِي مِنَ الْمُلْكِ وَعَلَّمْتَنِي مِنْ تَأْوِيلِ الْأَحَادِيثِ ۚ فَاطِرَ السَّمَاوَاتِ وَالْأَرْضِ أَنْتَ وَلِيِّي فِي الدُّنْيَا وَالْآخِرَةِ ۖ تَوَفَّنِي مُسْلِمًا وَأَلْحِقْنِي بِالصَّالِحِينَ
‘হে মোৰ প্ৰতিপালক! তুমিয়েই মোক ৰাজত্ব দান কৰিছা আৰু সপোনৰ ব্যাখ্যা শিক্ষা দিছা। হে আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা! তুমিয়েই পৃথিৱী আৰু আখিৰাতত মোৰ অভিভাৱক। তুমি মোক মুছলিম অৱস্থাত মুত্যু প্ৰদান কৰা আৰু মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰা’।
.
১০:৮৪
وَقَالَ مُوسَىٰ يَا قَوْمِ إِنْ كُنْتُمْ آمَنْتُمْ بِاللَّهِ فَعَلَيْهِ تَوَكَّلُوا إِنْ كُنْتُمْ مُسْلِمِينَ
আৰু মুছাই ক’লে, ‘হে মোৰ সম্প্ৰদায়! যদি তোমালোকে আল্লাহৰ ওপৰত ঈমান আনিছা, তেন্তে তোমালোকে কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা, যদি তোমালোকে (প্ৰকৃত) মুছলিম’।
.
৭:১২৬
وَمَا تَنْقِمُ مِنَّا إِلَّا أَنْ آمَنَّا بِآيَاتِ رَبِّنَا لَمَّا جَاءَتْنَا ۚ رَبَّنَا أَفْرِغْ عَلَيْنَا صَبْرًا وَتَوَفَّنَا مُسْلِمِينَ
‘আৰু তুমি আমাক শাস্তি দিব ওলাইছা কেৱল এইবাবে যে, আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনৰ ওপৰত ঈমান আনিছো যেতিয়া সেয়া আমাৰ ওচৰত আহিছে। হে আমাৰ ৰব! আমাক পৰিপূৰ্ণ ধৈৰ্য দান কৰা আৰু মুছলিমৰূপে আমাক মৃত্যু দান কৰা’।
.
২৭:৪৪
قِيلَ لَهَا ادْخُلِي الصَّرْحَ ۖ فَلَمَّا رَأَتْهُ حَسِبَتْهُ لُجَّةً وَكَشَفَتْ عَنْ سَاقَيْهَا ۚ قَالَ إِنَّهُ صَرْحٌ مُمَرَّدٌ مِنْ قَوَارِيرَ ۗ قَالَتْ رَبِّ إِنِّي ظَلَمْتُ نَفْسِي وَأَسْلَمْتُ مَعَ سُلَيْمَانَ لِلَّهِ رَبِّ الْعَالَمِينَ
তাইক কোৱা হ’ল, ‘প্ৰাসাদটোৰ ভিতৰত প্ৰৱেশ কৰা’। এতেকে যেতিয়া তাই সেইটো দেখিলে তেতিয়া তাই সেইটোক জলাশয় বুলি ভাৱিলে আৰু দুয়ো ভৰিৰ কাপোৰ কলাফুলিলৈকে অনাবৃত কৰিলে। তেওঁ (ছুলাইমানে) ক’লে, ‘এয়া কাচেৰে নিৰ্মিত স্বচ্ছ প্ৰাসাদহে’। মহিলাগৰাকীয়ে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ ৰব্ব! নিশ্চয় মই নিজৰ প্ৰতি অন্যায় কৰিছিলো, আৰু মই এতিয়া ছুলাইমানৰ লগত সৃষ্টিজগতৰ ৰব আল্লাহৰ প্ৰতি আত্মসমৰ্পণ কৰিলো’।
.
৫:৪৪
إِنَّا أَنْزَلْنَا التَّوْرَاةَ فِيهَا هُدًى وَنُورٌ ۚ يَحْكُمُ بِهَا النَّبِيُّونَ الَّذِينَ أَسْلَمُوا لِلَّذِينَ هَادُوا وَالرَّبَّانِيُّونَ وَالْأَحْبَارُ بِمَا اسْتُحْفِظُوا مِنْ كِتَابِ اللَّهِ وَكَانُوا عَلَيْهِ شُهَدَاءَ ۚ فَلَا تَخْشَوُا النَّاسَ وَاخْشَوْنِ وَلَا تَشْتَرُوا بِآيَاتِي ثَمَنًا قَلِيلًا ۚ وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الْكَافِرُونَ
নিশ্চয় আমিয়েই তাওৰাত অৱতীৰ্ণ কৰিছিলো, তাত আছিল হিদায়ত আৰু জ্যোতি, ইয়াৰ মাধ্যমত ইয়াহুদীসকলৰ বাবে ফয়চালা প্ৰদান কৰিছিল অনুগত নবীসকলে আৰু ৰাব্বানীসকলে লগতে বিদ্বানসকলেও। কাৰণ তেওঁলোকক আল্লাহৰ কিতাবৰ ৰক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোক আছিল ইয়াৰ ওপৰত সাক্ষী। সেয়ে তোমালোকে মানুহক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা আৰু মোৰ আয়াতসমূহৰ বিনিময়ত তুচ্ছ মূল্য কিনি নলবা। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই কাফিৰ।
.
৫:১১১
وَإِذْ أَوْحَيْتُ إِلَى الْحَوَارِيِّينَ أَنْ آمِنُوا بِي وَبِرَسُولِي قَالُوا آمَنَّا وَاشْهَدْ بِأَنَّنَا مُسْلِمُونَ
আৰু স্মৰণ কৰা, যেতিয়া মই হাৱাৰীসকলৰ মনত ইলহাম কৰিছিলো যে, ‘তোমালোকে মোৰ প্ৰতি আৰু মোৰ ৰাছুলৰ প্ৰতি ঈমান আনা’, সিহঁতে কৈছিল, ‘আমি ঈমান আনিলো আৰু তুমি সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম’।
.
৬:১৬২-১৬৩
قُلْ إِنَّ صَلَاتِي وَنُسُكِي وَمَحْيَايَ وَمَمَاتِي لِلَّهِ رَبِّ الْعَالَمِينَ
কোৱা, ‘মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে’।
৬:১৬৩
لَا شَرِيكَ لَهُ ۖ وَبِذَٰلِكَ أُمِرْتُ وَأَنَا أَوَّلُ الْمُسْلِمِينَ
‘তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মোক ইয়াৰেই নিৰ্দেশ দিয়া হৈছে, আৰু মুছলিমসকলৰ (আত্মসমৰ্পনকাৰী) মাজত ময়েই প্ৰথম’।
.....syedraf....
(সকলো নবী/ৰছুলে সকলোকে কেৱল আল্লাহৰ ওচৰত মুছলিম(আত্মসমৰ্পনকাৰী) হ'বলৈ আহ্বান কৰিছিল (৫:৪৪,৬:১৬৩ চাব)-টোকা/প্ৰসঙ্গ চাওঁক)
Comments
Post a Comment