ref10:4A consequence of their own doings.

ref10:4
A consequence of their own doings.
নিজ কৃতকর্মৰ ফল।
 33:24, 34:3, 45:22, 53:31(sa).
.
৩৩:২৪
لِيَجْزِيَ اللَّهُ الصَّادِقِينَ بِصِدْقِهِمْ وَيُعَذِّبَ الْمُنَافِقِينَ إِنْ شَاءَ أَوْ يَتُوبَ عَلَيْهِمْ ۚ إِنَّ اللَّهَ كَانَ غَفُورًا رَحِيمًا
যাতে আল্লাহে সত্যবাদীসকলক তেওঁলোকৰ সত্যবাদিতাৰ বাবে পুৰষ্কৃত কৰিব পাৰে আৰু তেওঁ ইচ্ছা কৰিলে মুনাফিকসকলক শাস্তি দিব পাৰে নাইবা সিহঁতক ক্ষমা কৰি দিব পাৰে। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।
.
৩৪:৩
وَقَالَ الَّذِينَ كَفَرُوا لَا تَأْتِينَا السَّاعَةُ ۖ قُلْ بَلَىٰ وَرَبِّي لَتَأْتِيَنَّكُمْ عَالِمِ الْغَيْبِ ۖ لَا يَعْزُبُ عَنْهُ مِثْقَالُ ذَرَّةٍ فِي السَّمَاوَاتِ وَلَا فِي الْأَرْضِ وَلَا أَصْغَرُ مِنْ ذَٰلِكَ وَلَا أَكْبَرُ إِلَّا فِي كِتَابٍ مُبِينٍ
আৰু কাফিৰসকলে কয়, ‘আমাৰ ওচৰলৈ কিয়ামত নাহিব’। কোৱা, ‘অৱশ্যে আহিব, শপত মোৰ প্ৰতিপালকৰ! নিশ্চয় তোমালোকৰ ওচৰত সেয়া আহিব’। তেওঁ গায়েব সম্পৰ্কে সম্যক পৰিজ্ঞাত; আকাশসমূহ আৰু পৃথিৱীত অণু পৰিমাণ কোনো বস্তু অথবা তাতোকৈ সৰু বা ডাঙৰ একোৱেই তেওঁৰ অগোচৰ নহয়; প্ৰতিটো বস্তুৱেই সুস্পষ্ট কিতাবত লিপিবদ্ধ আছে।
.
৪৫:২২
وَخَلَقَ اللَّهُ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ وَلِتُجْزَىٰ كُلُّ نَفْسٍ بِمَا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ
আল্লাহে আকাশসমূহক আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে, এই উদ্দেশ্যে যে, যাতে প্ৰত্যেক ব্যক্তিক তাৰ কৰ্ম অনুযায়ী ফল প্ৰদান কৰা যায়; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
.
৫৩:৩১
وَلِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ لِيَجْزِيَ الَّذِينَ أَسَاءُوا بِمَا عَمِلُوا وَيَجْزِيَ الَّذِينَ أَحْسَنُوا بِالْحُسْنَى
আৰু আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰেই। যাতে তেওঁ সিহঁতৰ কামৰ প্ৰতিফল দিব পাৰে যিসকলে বেয়া কাম কৰে আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,
.....raf.....

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.