ref10:28

ref10:28
18:47, 30:14, 30:43, 19:82, 2:166, 46:5-6.
.
১৮:৪৭
وَيَوْمَ نُسَيِّرُ الْجِبَالَ وَتَرَى الْأَرْضَ بَارِزَةً وَحَشَرْنَاهُمْ فَلَمْ نُغَادِرْ مِنْهُمْ أَحَدًا
আৰু স্মৰণ কৰা, যিদিনা আমি পৰ্বতসমূহক সঞ্চালন কৰিম আৰু তুমি পৃথিৱীক উন্মুক্ত প্ৰান্তৰ হিচাপে দেখিবা, আৰু আমি সিহঁত সকলোকে একত্ৰিত কৰিম; ফলত সিহঁতৰ এজনকো এৰি নিদিওঁ।
.
৩০:১৪
وَيَوْمَ تَقُومُ السَّاعَةُ يَوْمَئِذٍ يَتَفَرَّقُونَ
আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা সিহঁত বিভক্ত হৈ পৰিব।
.
৩০:৪৩
فَأَقِمْ وَجْهَكَ لِلدِّينِ الْقَيِّمِ مِنْ قَبْلِ أَنْ يَأْتِيَ يَوْمٌ لَا مَرَدَّ لَهُ مِنَ اللَّهِ ۖ يَوْمَئِذٍ يَصَّدَّعُونَ
এতেকে তুমি সৰল-সঠিক দ্বীনত নিজকে প্ৰতিষ্ঠিত ৰখা, আল্লাহৰ তৰফৰ পৰা সেই দিন অহাৰ পূৰ্বেই, যিটো দিন অনিবাৰ্য। সেইদিনা মানুহ বিভক্ত হৈ পৰিব।
.
১৯:৮২
كَلَّا ۚ سَيَكْفُرُونَ بِعِبَادَتِهِمْ وَيَكُونُونَ عَلَيْهِمْ ضِدًّا
কেতিয়াও নহয়, অনতিপলমে সিহঁতে (উপাস্যবোৰে) সিহঁতৰ ইবাদত অস্বীকাৰ কৰিব আৰু সিহঁতৰ বিৰোধী হৈ যাব।
.
২:১৬৬
إِذْ تَبَرَّأَ الَّذِينَ اتُّبِعُوا مِنَ الَّذِينَ اتَّبَعُوا وَرَأَوُا الْعَذَابَ وَتَقَطَّعَتْ بِهِمُ الْأَسْبَابُ
যেতিয়া, নেতাসকলে (যিসকলক অনুসৰণ কৰা হৈছিল) সিহঁতৰ অনুসাৰীসকলৰ পৰা নিজকে মুক্ত কৰি লব আৰু সিহঁতে শাস্তি দেখিবলৈ পাব (তেতিয়া) সিহঁতৰ যাৱতীয় পাৰস্পৰিক সম্পৰ্ক বিচ্ছিন্ন হৈ যাব।
.
৪৬:৫-৬
وَمَنْ أَضَلُّ مِمَّنْ يَدْعُو مِنْ دُونِ اللَّهِ مَنْ لَا يَسْتَجِيبُ لَهُ إِلَىٰ يَوْمِ الْقِيَامَةِ وَهُمْ عَنْ دُعَائِهِمْ غَافِلُونَ
আৰু সেই ব্যক্তিতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে, যিয়ে আল্লাহৰ পৰিবৰ্তে এনে কিছুমানক আহ্বান কৰে যিবোৰে কিয়ামত দিৱসলৈকে তাৰ আহ্বানত সঁহাৰি নিদিব? আৰু সেইবোৰে সিহঁতৰ আহ্বান সম্পৰ্কেও উদাসীন।
৪৬:৬
وَإِذَا حُشِرَ النَّاسُ كَانُوا لَهُمْ أَعْدَاءً وَكَانُوا بِعِبَادَتِهِمْ كَافِرِينَ
আৰু যেতিয়া কিয়ামতৰ দিনা মানুহক একত্ৰিত কৰা হ’ব তেতিয়া সেইবোৰ হ’ব সিহঁতৰ শত্ৰু আৰু সেইবোৰে সিহঁতৰ ইবাদত অস্বীকাৰ কৰিব।
...raf...

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.