ref10:27(বেয়া কামৰ বাবে জাহান্নাম তাত সিহঁত চিৰস্থায়ী হ’ব)

ref10:27(বেয়া কামৰ বাবে জাহান্নাম তাত সিহঁত চিৰস্থায়ী হ’ব)

১৪:৪২-৪৩
وَلَا تَحْسَبَنَّ اللَّهَ غَافِلًا عَمَّا يَعْمَلُ الظَّالِمُونَ ۚ إِنَّمَا يُؤَخِّرُهُمْ لِيَوْمٍ تَشْخَصُ فِيهِ الْأَبْصَارُ
আৰু যালিমসকলে যি কৰে সেই বিষয়ে তুমি কেতিয়াও আল্লাহক অমনোযোগী বুলি নাভাৱিবা, কিন্তু তেওঁ সিহঁতক সেই দিনলৈকে অৱকাশ দিয়ে যিদিনা সিহঁতৰ চকু (আতংকত) স্থিৰ হ’ব।
১৪:৪৩
مُهْطِعِينَ مُقْنِعِي رُءُوسِهِمْ لَا يَرْتَدُّ إِلَيْهِمْ طَرْفُهُمْ ۖ وَأَفْئِدَتُهُمْ هَوَاءٌ
ভীত-বিহ্বলচিত্তে ওপৰৰ পিনে চাই সিহঁতে পলাবলৈ দৌৰিব, নিজৰ প্ৰতি সিহঁতৰ দৃষ্টি উভতি নাহিব, আৰু সিহঁতৰ অন্তৰ হ’ব উদাস, শূন্য।
.
৪২:৪৫
وَتَرَاهُمْ يُعْرَضُونَ عَلَيْهَا خَاشِعِينَ مِنَ الذُّلِّ يَنْظُرُونَ مِنْ طَرْفٍ خَفِيٍّ ۗ وَقَالَ الَّذِينَ آمَنُوا إِنَّ الْخَاسِرِينَ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ وَأَهْلِيهِمْ يَوْمَ الْقِيَامَةِ ۗ أَلَا إِنَّ الظَّالِمِينَ فِي عَذَابٍ مُقِيمٍ
আৰু তুমি সিহঁতক দেখিবলৈ পাবা যে, সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হৈছে; সিহঁতে অপমানত অৱনত অৱস্থাত লুকাই চাই থাকিব; আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কিয়ামতৰ দিনা ক’ব, ‘নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত, যিসকলে নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে’। সাৱধান! নিশ্চয় যালিমসকল স্থায়ী শাস্তিত নিপতিত থাকিব।
.
৩:১০৬-১০৭
يَوْمَ تَبْيَضُّ وُجُوهٌ وَتَسْوَدُّ وُجُوهٌ ۚ فَأَمَّا الَّذِينَ اسْوَدَّتْ وُجُوهُهُمْ أَكَفَرْتُمْ بَعْدَ إِيمَانِكُمْ فَذُوقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُونَ
সেইদিনা কিছুমান মুখ উজ্জল হ’ব আৰু কিছুমান মুখ ক'লা পৰিব; যিসকলৰ মুখ ক'লা পৰিব (সিহঁতক কোৱা হ’ব), ‘তোমালোকে ঈমান আনাৰ পিছত আকৌ কুফৰী কৰিছিলা নেকি'? এতেকে তোমালোকে শাস্তি ভোগ কৰা, যিহেতু তোমালোকে কুফৰী কৰিছিলা’।
৩:১০৭(+11:118-119)
وَأَمَّا الَّذِينَ ابْيَضَّتْ وُجُوهُهُمْ فَفِي رَحْمَةِ اللَّهِ هُمْ فِيهَا خَالِدُونَ
আৰু যিসকলৰ মুখ উজ্জল হ’ব, তেওঁলোকে আল্লাহৰ অনুগ্ৰহত থাকিব, তাত তেওঁলোক চিৰস্থায়ী হ’ব।
.
৮০:৩৮-৪০
وُجُوهٌ يَوْمَئِذٍ مُسْفِرَةٌ
সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল,
৮০:৩৯
ضَاحِكَةٌ مُسْتَبْشِرَةٌ
হাঁহিৰে ভৰা, আনন্দত উৎফুল্লিত,
৮০:৪০
وَوُجُوهٌ يَوْمَئِذٍ عَلَيْهَا غَبَرَةٌ
আৰু সেইদিনা কিছুমান চেহেৰা ধূলিৰে মলিন হ’ব,
....raf....

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.