Note/ref10:37(আগৰ কিতাপৰ বিকৃত/কুফৰী/অঙ্গীকাৰ-ভঙ্গ/অৰ্থ-বিকৃত/পণ্ডিতক-ৰব-গ্ৰহন কৰণ)
10:37(কোৰআনৰ আগত যি অৱতীৰ্ণ হৈছে তাৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যাই কোৰআন।-Note)
।।।
Note/ref10:37(আগৰ কিতাপৰ বিকৃত/কুফৰী/অঙ্গীকাৰ-ভঙ্গ/অৰ্থ-বিকৃত/পণ্ডিতক-ৰব-গ্ৰহন কৰণ)
।।।
While it confirms the surviving truth in the previous revelations, it is a Watcher over them and ignores and, where necessary, corrects the human touch in them. 2:75, 2:78, 2:101, 3:70, 3:78, 3:186,
5:13, 5:41, 6:91, 9:31(sa).
.
২:৭৫
۞ أَفَتَطْمَعُونَ أَنْ يُؤْمِنُوا لَكُمْ وَقَدْ كَانَ فَرِيقٌ مِنْهُمْ يَسْمَعُونَ كَلَامَ اللَّهِ ثُمَّ يُحَرِّفُونَهُ مِنْ بَعْدِ مَا عَقَلُوهُ وَهُمْ يَعْلَمُونَ
তোমালোকে এই আশা কৰিছা নেকি যে, সিহঁতে তোমালোকৰ কথাত ঈমান আনিব? অথচ সিহঁতৰ এটা দলে আল্লাহৰ বাণী শ্ৰৱণ কৰে, তাৰ পিছত সিহঁতে সেইটো অনুধাবন কৰাৰ পিছত জানি বুজি বিকৃত কৰে ।
.
২:৭৮
وَمِنْهُمْ أُمِّيُّونَ لَا يَعْلَمُونَ الْكِتَابَ إِلَّا أَمَانِيَّ وَإِنْ هُمْ إِلَّا يَظُنُّونَ
আৰু সিহঁতৰ মাজত এনেকুৱা কিছুমান নিৰক্ষৰ মানুহো আছে যিসকলে মিছা আশাৰ বাহিৰে কিতাব সম্পৰ্কে একোৱেই নাজানে, সিহঁতে কেৱল অমূলক ধাৰণা পোষণ কৰে ।
.
২:১০১
وَلَمَّا جَاءَهُمْ رَسُولٌ مِنْ عِنْدِ اللَّهِ مُصَدِّقٌ لِمَا مَعَهُمْ نَبَذَ فَرِيقٌ مِنَ الَّذِينَ أُوتُوا الْكِتَابَ كِتَابَ اللَّهِ وَرَاءَ ظُهُورِهِمْ كَأَنَّهُمْ لَا يَعْلَمُونَ
আৰু যেতিয়া আল্লাহৰ তৰফৰ পৰা সিহঁতৰ ওচৰত এজন ৰাছুল আহিল, সিহঁতৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰী হিচাপে, তেতিয়া কিতাবীসকলৰ এটা দলে আল্লাহৰ কিতাবক পিছফালে দলিয়াই দিলে, যেনিবা সিহঁতে একোৱেই নাজানে।
.
৩:৭০
يَا أَهْلَ الْكِتَابِ لِمَ تَكْفُرُونَ بِآيَاتِ اللَّهِ وَأَنْتُمْ تَشْهَدُونَ
হে আহলে কিতাব! কিয় তোমালোকে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰা, অথচ তোমালোকেই ইয়াৰ সাক্ষ্য বহন কৰা?
.
৩:৭৮
وَإِنَّ مِنْهُمْ لَفَرِيقًا يَلْوُونَ أَلْسِنَتَهُمْ بِالْكِتَابِ لِتَحْسَبُوهُ مِنَ الْكِتَابِ وَمَا هُوَ مِنَ الْكِتَابِ وَيَقُولُونَ هُوَ مِنْ عِنْدِ اللَّهِ وَمَا هُوَ مِنْ عِنْدِ اللَّهِ وَيَقُولُونَ عَلَى اللَّهِ الْكَذِبَ وَهُمْ يَعْلَمُونَ
আৰু নিশ্চয় সিহঁতৰ মাজত এনেকুৱা এটা দল আছে, যিসকলে কিতাবক জিভাৰ দ্বাৰা বিকৃত কৰে যাতে তোমালোকে সেইটোক আল্লাহৰ কিতাবৰ অংশ বুলি ভাৱা; অথচ সেইটো কিতাবৰ অংশ নহয়। সিহঁতে আৰু কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা’; অথচ সেইটো আল্লাহৰ তৰফৰ পৰা নহয়। আৰু সিহঁতে জানি-বুজি আল্লাহৰ ওপৰত মিছা কথা কয়।
.
৩:১৮৬
۞ لَتُبْلَوُنَّ فِي أَمْوَالِكُمْ وَأَنْفُسِكُمْ وَلَتَسْمَعُنَّ مِنَ الَّذِينَ أُوتُوا الْكِتَابَ مِنْ قَبْلِكُمْ وَمِنَ الَّذِينَ أَشْرَكُوا أَذًى كَثِيرًا ۚ وَإِنْ تَصْبِرُوا وَتَتَّقُوا فَإِنَّ ذَٰلِكَ مِنْ عَزْمِ الْأُمُورِ
তোমালোকক অৱশ্যে তোমালোকৰ ধন-সম্পদ আৰু নিজ জীৱন সম্পৰ্কে পৰীক্ষা কৰা হ’ব। তোমালোকৰ পূৰ্বে যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ পৰা আৰু মুশ্বৰিকসকলৰ পৰা তোমালোকে বহুতো কষ্টদায়ক কথা শুনিবলৈ পাবা। যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে নিশ্চয় সেয়া হ’ব দৃঢ় সংকল্পৰ কাম।
.
৫:১৩
فَبِمَا نَقْضِهِمْ مِيثَاقَهُمْ لَعَنَّاهُمْ وَجَعَلْنَا قُلُوبَهُمْ قَاسِيَةً ۖ يُحَرِّفُونَ الْكَلِمَ عَنْ مَوَاضِعِهِ ۙ وَنَسُوا حَظًّا مِمَّا ذُكِّرُوا بِهِ ۚ وَلَا تَزَالُ تَطَّلِعُ عَلَىٰ خَائِنَةٍ مِنْهُمْ إِلَّا قَلِيلًا مِنْهُمْ ۖ فَاعْفُ عَنْهُمْ وَاصْفَحْ ۚ إِنَّ اللَّهَ يُحِبُّ الْمُحْسِنِينَ
তাৰ পিছত সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰাৰ কাৰণে সিহঁতক আমি অভিসম্পাত কৰিছো আৰু সিহঁতৰ হৃদয়ক কঠিন কৰি দিছো, সিহঁতে শব্দবোৰক নিজ স্থানৰ পৰা বিকৃত কৰে আৰু সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰ একাংশ সিহঁতে পাহৰি গৈছে। তুমি সদায় সিহঁতৰ কিছুসংখ্যকৰ বাহিৰে অধিকাংশকেই বিশ্বাসঘাতকতা কৰা দেখিবলৈ পাবা, সেয়ে সিহঁতক ক্ষমা কৰা আৰু উপেক্ষা কৰা। নিশ্চয় আল্লাহে সৎকৰ্মপৰায়ণকাৰী সকলক ভাল পায়।
.
৫:৪১
۞ يَا أَيُّهَا الرَّسُولُ لَا يَحْزُنْكَ الَّذِينَ يُسَارِعُونَ فِي الْكُفْرِ مِنَ الَّذِينَ قَالُوا آمَنَّا بِأَفْوَاهِهِمْ وَلَمْ تُؤْمِنْ قُلُوبُهُمْ ۛ وَمِنَ الَّذِينَ هَادُوا ۛ سَمَّاعُونَ لِلْكَذِبِ سَمَّاعُونَ لِقَوْمٍ آخَرِينَ لَمْ يَأْتُوكَ ۖ يُحَرِّفُونَ الْكَلِمَ مِنْ بَعْدِ مَوَاضِعِهِ ۖ يَقُولُونَ إِنْ أُوتِيتُمْ هَٰذَا فَخُذُوهُ وَإِنْ لَمْ تُؤْتَوْهُ فَاحْذَرُوا ۚ وَمَنْ يُرِدِ اللَّهُ فِتْنَتَهُ فَلَنْ تَمْلِكَ لَهُ مِنَ اللَّهِ شَيْئًا ۚ أُولَٰئِكَ الَّذِينَ لَمْ يُرِدِ اللَّهُ أَنْ يُطَهِّرَ قُلُوبَهُمْ ۚ لَهُمْ فِي الدُّنْيَا خِزْيٌ ۖ وَلَهُمْ فِي الْآخِرَةِ عَذَابٌ عَظِيمٌ
হে ৰাছুল! তুমি সিহঁতৰ বাবে চিন্তিত নহ’বা যিসকলে কুফৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘ঈমান আনিছো’, অথচ সিহঁতৰ অন্তৰে ঈমান আনা নাই- আৰু যিসকল ইয়াহুদী, সিহঁত (সকলোৱেই) মিছা কথা শুনিবলৈ অধিক তৎপৰ, অন্যান্য কওমৰ প্ৰতি, যিসকলে তোমাৰ ওচৰত অহা নাই সিহঁতে কাণ পাতি থাকে। শব্দসমূহ যথাযথ সুবিন্যস্ত থকাৰ পিছতো সিহঁতে সেইবোৰৰ অৰ্থ বিকৃত কৰে। সিহঁতে কয়, ‘যদি তোমালোকক এনেকুৱা বিধান দিয়ে তেনেহ’লে গ্ৰহণ কৰিবা আৰু যদি এনেকুৱা বিধান নিদিয়ে তেনেহ’লে বৰ্জন কৰিবা’। আল্লাহে যাক ফিতনাত পেলাব বিচাৰে তাৰ বাবে আল্লাহৰ ওচৰত তোমাৰ কৰিবলৈ একো নাই। ইহঁতেই হৈছে সেইসকল লোক যিসকলৰ হৃদয়ক আল্লাহে বিশুদ্ধ কৰিব নিবিচাৰে; সিহঁতৰ বাবে আছে পৃথিৱীত লাঞ্ছনা আৰু আখিৰাতত আছে মহাশাস্তি।
.
৬:৯১
وَمَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ إِذْ قَالُوا مَا أَنْزَلَ اللَّهُ عَلَىٰ بَشَرٍ مِنْ شَيْءٍ ۗ قُلْ مَنْ أَنْزَلَ الْكِتَابَ الَّذِي جَاءَ بِهِ مُوسَىٰ نُورًا وَهُدًى لِلنَّاسِ ۖ تَجْعَلُونَهُ قَرَاطِيسَ تُبْدُونَهَا وَتُخْفُونَ كَثِيرًا ۖ وَعُلِّمْتُمْ مَا لَمْ تَعْلَمُوا أَنْتُمْ وَلَا آبَاؤُكُمْ ۖ قُلِ اللَّهُ ۖ ثُمَّ ذَرْهُمْ فِي خَوْضِهِمْ يَلْعَبُونَ
আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেই কিতাব যিখন মূছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিখন তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু প্ৰকাশ কৰা আৰু বহুখিনি গোপন কৰা আৰু যিবোৰ তোমালোকৰ পিতৃ-পুৰুষসকলে আৰু তোমালোকেও জনা নাছিলা সেইটোও তোমালোকক শিক্ষা দিয়া হৈছিল’? কোৱা, ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, তাৰ পিছত সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।
.
৯:৩১
اتَّخَذُوا أَحْبَارَهُمْ وَرُهْبَانَهُمْ أَرْبَابًا مِنْ دُونِ اللَّهِ وَالْمَسِيحَ ابْنَ مَرْيَمَ وَمَا أُمِرُوا إِلَّا لِيَعْبُدُوا إِلَٰهًا وَاحِدًا ۖ لَا إِلَٰهَ إِلَّا هُوَ ۚ سُبْحَانَهُ عَمَّا يُشْرِكُونَ
সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলক সিহঁতৰ ৰবৰূপে গ্ৰহণ কৰিছে আৰু মাৰইয়ামৰ পুত্ৰ মছীহকো। অথচ এক ইলাহৰ ইবাদত কৰাৰ বাবেই তেওঁলোক আদিষ্ট হৈছিল। যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পৱিত্ৰ!
...raf...
Comments
Post a Comment