ref9:54(Salat before Muhammad a:s:

ref9:54(Salat before Muhammad a:s;)
👇
4:142, 8:35; 21:73, (6:19, 38,114),
2:8, 107:5, 2:256
.
৪:১৪২
إِنَّ الْمُنَافِقِينَ يُخَادِعُونَ اللَّهَ وَهُوَ خَادِعُهُمْ وَإِذَا قَامُوا إِلَى الصَّلَاةِ قَامُوا كُسَالَىٰ يُرَاءُونَ النَّاسَ وَلَا يَذْكُرُونَ اللَّهَ إِلَّا قَلِيلًا
নিশ্চয় মুনাফিকসকলে আল্লাহৰ লগত প্ৰতাৰণা কৰে, প্ৰকৃততে তেৱেঁই সিহঁতক প্ৰতাৰিত কৰে, আৰু যেতিয়া সিহঁতে ছালাতত থিয় হয় তেতিয়া অলসতাভাৱে থিয় হয়, কেৱল লোকক দেখুৱাবলৈ। আল্লাহক সিহঁতে অতিকৈ কম স্মৰণ কৰে।
.
✔️৮:৩৫
وَمَا كَانَ صَلَاتُهُمْ عِنْدَ الْبَيْتِ إِلَّا مُكَاءً وَتَصْدِيَةً ۚ فَذُوقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُونَ
আৰু কাবা ঘৰৰ ওচৰত সিহঁতৰ উপাসনা উৰুলি আৰু হাত তালিৰ বাহিৰে আন একো নহয়। গতিকে তোমালোকে শাস্তি ভোগ কৰা, কাৰণ তোমালোকে কুফৰী কৰিছিলা।
.
✔️২১:৭৩
وَجَعَلْنَاهُمْ أَئِمَّةً يَهْدُونَ بِأَمْرِنَا وَأَوْحَيْنَا إِلَيْهِمْ فِعْلَ الْخَيْرَاتِ وَإِقَامَ الصَّلَاةِ وَإِيتَاءَ الزَّكَاةِ ۖ وَكَانُوا لَنَا عَابِدِينَ
আৰু আমি তেওঁলোকক(see 21:72) নেতৃত্ব দান কৰিছিলো, তেওঁলোকে আমাৰ নিৰ্দেশ অনুসাৰে মানুহক সঠিক পথ দেখুৱাইছিল; আৰু আমি তেওঁলোকক সৎকৰ্ম কৰিবলৈ, চালাত কায়েম কৰিবলৈ আৰু যাকাত প্ৰদান কৰিবলৈ অহী প্ৰেৰণ কৰিছিলো; আৰু তেওঁলোক আমাৰেই ইবাদতকাৰী আছিল।
।।।
৬:১৯
قُلْ أَيُّ شَيْءٍ أَكْبَرُ شَهَادَةً ۖ قُلِ اللَّهُ ۖ شَهِيدٌ بَيْنِي وَبَيْنَكُمْ ۚ وَأُوحِيَ إِلَيَّ هَٰذَا الْقُرْآنُ لِأُنْذِرَكُمْ بِهِ وَمَنْ بَلَغَ ۚ أَئِنَّكُمْ لَتَشْهَدُونَ أَنَّ مَعَ اللَّهِ آلِهَةً أُخْرَىٰ ۚ قُلْ لَا أَشْهَدُ ۚ قُلْ إِنَّمَا هُوَ إِلَٰهٌ وَاحِدٌ وَإِنَّنِي بَرِيءٌ مِمَّا تُشْرِكُونَ
কোৱা, ‘কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী’? কোৱা, ‘আল্লাহ, মোৰ আৰু তোমালোকৰ মাজত সাক্ষ্যদাতা, আৰু এই কোৰআন মোৰ ওচৰত অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰো। তোমালোকে এই সাক্ষী বহন কৰা নেকি যে, আল্লাহৰ লগত আন কোনোবা ইলাহ আছে’? কোৱা, ‘মই এই সাক্ষ্য নিদিওঁ’। কোৱা, ‘তেৱেঁই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ পৰা মই নিশ্চয় বিমুক্ত’।
.
৬:৩৮
وَمَا مِنْ دَابَّةٍ فِي الْأَرْضِ وَلَا طَائِرٍ يَطِيرُ بِجَنَاحَيْهِ إِلَّا أُمَمٌ أَمْثَالُكُمْ ۚ مَا فَرَّطْنَا فِي الْكِتَابِ مِنْ شَيْءٍ ۚ ثُمَّ إِلَىٰ رَبِّهِمْ يُحْشَرُونَ
আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু দুই ডেউকাৰে উৰা প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত। এই কিতাবত (লাওহে মাহফুজত) আমি একো এৰি দিয়া নাই; তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনে একত্ৰিত কৰা হ’ব।
.
৬:১১৪
أَفَغَيْرَ اللَّهِ أَبْتَغِي حَكَمًا وَهُوَ الَّذِي أَنْزَلَ إِلَيْكُمُ الْكِتَابَ مُفَصَّلًا ۚ وَالَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يَعْلَمُونَ أَنَّهُ مُنَزَّلٌ مِنْ رَبِّكَ بِالْحَقِّ ۖ فَلَا تَكُونَنَّ مِنَ الْمُمْتَرِينَ
(কোৱা) ‘মই আল্লাহৰ বাহিৰে আন কাৰোবাক ফয়চালাকাৰী হিচাপে অন্বেষণ কৰিম নেকি? অথচ তেৱেঁই তোমালোকৰ প্ৰতি বিস্তাৰিত কিতাব অৱতীৰ্ণ কৰিছে’! আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছো সিহঁতে জানে যে, নিশ্চয় এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যথাযথভাৱে নাযিলকৃত। গতিকে তুমি সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।
।।।
২:৮
وَمِنَ النَّاسِ مَنْ يَقُولُ آمَنَّا بِاللَّهِ وَبِالْيَوْمِ الْآخِرِ وَمَا هُمْ بِمُؤْمِنِينَ
আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে কয়, ‘আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছো’, অথচ সিহঁত মুমিন নহয় ।
.
১০৭:৫
الَّذِينَ هُمْ عَنْ صَلَاتِهِمْ سَاهُونَ
যিসকলে নিজৰ ছালাতত অমনোযোগী,
.
২:২৫৬
لَا إِكْرَاهَ فِي الدِّينِ ۖ قَدْ تَبَيَّنَ الرُّشْدُ مِنَ الْغَيِّ ۚ فَمَنْ يَكْفُرْ بِالطَّاغُوتِ وَيُؤْمِنْ بِاللَّهِ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقَىٰ لَا انْفِصَامَ لَهَا ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব সি এনেকুৱা এডাল ৰছীত খামুচি ধৰিলে যিডাল কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
...oo...raf...

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran