ref9:17

ref9:17
9:107, 30:31, 72:18. Pilgrimage of the House is a duty unto all mankind, not Muslims alone. 3:97(sa).+8:34
।।।
৯:১০৭
وَالَّذِينَ اتَّخَذُوا مَسْجِدًا ضِرَارًا وَكُفْرًا وَتَفْرِيقًا بَيْنَ الْمُؤْمِنِينَ وَإِرْصَادًا لِمَنْ حَارَبَ اللَّهَ وَرَسُولَهُ مِنْ قَبْلُ ۚ وَلَيَحْلِفُنَّ إِنْ أَرَدْنَا إِلَّا الْحُسْنَىٰ ۖ وَاللَّهُ يَشْهَدُ إِنَّهُمْ لَكَاذِبُونَ
আৰু যিসকলে মছজিদ নিৰ্মাণ কৰিছে ক্ষতিসাধন কৰাৰ বাবে, কুফৰী কৰাৰ বাবে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে আৰু ইয়াৰ আগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাটি স্বৰূপে ব্যৱহাৰৰ উদ্দেশ্যে, আৰু সিহঁতে অৱশ্যে শপত খাই ক’ব, ‘আমি কেৱল কল্যাণ কামনা কৰিছিলোহে’; আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় সিহঁত মিছলীয়া।
।।।
৩০:৩১
۞ مُنِيبِينَ إِلَيْهِ وَاتَّقُوهُ وَأَقِيمُوا الصَّلَاةَ وَلَا تَكُونُوا مِنَ الْمُشْرِكِينَ
তোমালোকে বিশুদ্ধ চিত্তে তেওঁৰেই অভিমুখী হোৱা আৰু কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা আৰু ছালাত কায়েম কৰা; আৰু মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।
।।।
৭২:১৮
وَأَنَّ الْمَسَاجِدَ لِلَّهِ فَلَا تَدْعُوا مَعَ اللَّهِ أَحَدًا
আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই, গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।
।।।
৮:৩৪
وَمَا لَهُمْ أَلَّا يُعَذِّبَهُمُ اللَّهُ وَهُمْ يَصُدُّونَ عَنِ الْمَسْجِدِ الْحَرَامِ وَمَا كَانُوا أَوْلِيَاءَهُ ۚ إِنْ أَوْلِيَاؤُهُ إِلَّا الْمُتَّقُونَ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
সিহঁতৰ কি হ’ল, কিয় আল্লাহে সিহঁতক শাস্তি নিদিব? অথচ সিহঁতে মানুহক মছজিদুল হাৰামৰ পৰা নিবৃত্ত কৰিছে; আনকি সিহঁত সেই মছজিদৰ অভিভাৱকো নহয়; ইয়াৰ অভিভাৱক হৈছে কেৱল মুত্তাক্বীসকল; কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।

।।।
৩:৯৭@
فِيهِ آيَاتٌ بَيِّنَاتٌ مَقَامُ إِبْرَاهِيمَ ۖ وَمَنْ دَخَلَهُ كَانَ آمِنًا ۗ وَلِلَّهِ عَلَى النَّاسِ حِجُّ الْبَيْتِ مَنِ اسْتَطَاعَ إِلَيْهِ سَبِيلًا ۚ وَمَنْ كَفَرَ فَإِنَّ اللَّهَ غَنِيٌّ عَنِ الْعَالَمِينَ
তাত বহুতো সুস্পষ্ট নিদৰ্শন আছে, যেনে মাকামে ইব্ৰাহীম; যিয়ে তাত প্ৰৱেশ কৰিব সি নিৰাপদ; আৰু মানুহৰ মাজত তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে জৰুৰী কৰ্তব্য; আৰু যিয়ে কুফৰী কৰিব সি জানি থোৱা উচিত, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়।(@See Notes on it.link:
https://qurantafseeritself.blogspot.com/2021/10/56.html?m=1)
...

Comments