ref8:9-10

ref8:9-10
(9/26, 40, 33/9, 41/30).
.
৯:২৬
ثُمَّ أَنْزَلَ اللَّهُ سَكِينَتَهُ عَلَىٰ رَسُولِهِ وَعَلَى الْمُؤْمِنِينَ وَأَنْزَلَ جُنُودًا لَمْ تَرَوْهَا وَعَذَّبَ الَّذِينَ كَفَرُوا ۚ وَذَٰلِكَ جَزَاءُ الْكَافِرِينَ
তাৰ পিছত আল্লাহে তেওঁৰ ফালৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি নাযিল কৰিলে আৰু এনেকুৱা এটা সৈন্য বাহিনী অৱতীৰ্ণ কৰিলে যিটো তোমালোকে দেখা পোৱা নাছিলা। আৰু কাফিৰসকলক তেৱেঁই শাস্তি দিলে, আৰু এইটোৱেই আছিল কাফিৰসকলৰ প্ৰতিফল।
.
৯:৪০
إِلَّا تَنْصُرُوهُ فَقَدْ نَصَرَهُ اللَّهُ إِذْ أَخْرَجَهُ الَّذِينَ كَفَرُوا ثَانِيَ اثْنَيْنِ إِذْ هُمَا فِي الْغَارِ إِذْ يَقُولُ لِصَاحِبِهِ لَا تَحْزَنْ إِنَّ اللَّهَ مَعَنَا ۖ فَأَنْزَلَ اللَّهُ سَكِينَتَهُ عَلَيْهِ وَأَيَّدَهُ بِجُنُودٍ لَمْ تَرَوْهَا وَجَعَلَ كَلِمَةَ الَّذِينَ كَفَرُوا السُّفْلَىٰ ۗ وَكَلِمَةُ اللَّهِ هِيَ الْعُلْيَا ۗ وَاللَّهُ عَزِيزٌ حَكِيمٌ
যদি তোমালোকে তেওঁক সহায় নকৰা, তেন্তে আল্লাহে কিন্তু তেওঁক সহায় কৰিছিল যেতিয়া কাফিৰসকলে তেওঁক বহিষ্কাৰ কৰিছিল আৰু তেওঁ আছিল দুজনৰ দ্বিতীয়জন, যেতিয়া তেওঁলোক উভয়ে গুহাৰ মাজত আছিল, তেওঁ তেতিয়া নিজৰ লগৰজনক কৈছিল, ‘বিষণ্ণ নহ’বা, আল্লাহ আছে আমাৰ লগত’। তাৰ পিছত আল্লাহে তেওঁৰ ওপৰত নিজ প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁক শক্তিশালী কৰিলে এনেকুৱা এটা সৈন্য বাহিনীৰ দ্বাৰা যিটো তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁ কাফিৰসকলৰ কথাক তল পেলাই দিলে; আৰু আল্লাহৰ কথাই সমুন্নত আৰু আল্লাহ পৰাক্ৰমশালী, 
.
৩৩:৯
يَا أَيُّهَا الَّذِينَ آمَنُوا اذْكُرُوا نِعْمَةَ اللَّهِ عَلَيْكُمْ إِذْ جَاءَتْكُمْ جُنُودٌ فَأَرْسَلْنَا عَلَيْهِمْ رِيحًا وَجُنُودًا لَمْ تَرَوْهَا ۚ وَكَانَ اللَّهُ بِمَا تَعْمَلُونَ بَصِيرًا
হে মুমিনসকল! তোমালোকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, যেতিয়া শত্ৰু বাহিনী তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল, তাৰ পিছত আমি সিহঁতৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিলো ঘূৰ্ণীবতাহ লগতে এনেকুৱা সৈন্যবাহিনী যিটো তোমালোকে দেখা নাছিলা। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
.
৪১:৩০
إِنَّ الَّذِينَ قَالُوا رَبُّنَا اللَّهُ ثُمَّ اسْتَقَامُوا تَتَنَزَّلُ عَلَيْهِمُ الْمَلَائِكَةُ أَلَّا تَخَافُوا وَلَا تَحْزَنُوا وَأَبْشِرُوا بِالْجَنَّةِ الَّتِي كُنْتُمْ تُوعَدُونَ
নিশ্চয় যিসকলে কয়, ‘আমাৰ ৰব আল্লাহ’, তাৰ পিছত অবিচলিত থাকে, তেওঁলোকৰ ওচৰত ফিৰিস্তা অৱতীৰ্ণ হয়, (এই কথা কবলৈ) যে, ‘তোমালোকে ভয় নকৰিবা, আৰু চিন্তিতও নহ’বা বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা।
...ooo...raf...ooo...

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran