ref8:43(sleep and dream)

ref8:43(sleep and dream)
See 25:47; 2:255; 12:6; 30:23; 39:42; 78:9; 37:102(edip).
.
২৫:৪৭
وَهُوَ الَّذِي جَعَلَ لَكُمُ اللَّيْلَ لِبَاسًا وَالنَّوْمَ سُبَاتًا وَجَعَلَ النَّهَارَ نُشُورًا
আৰু তেৱেঁই তোমালোকৰ বাবে ৰাতিক কৰিছে আৱৰণস্বৰূপ, আৰু নিদ্ৰা প্ৰদান কৰিছে বিশ্ৰামৰ বাবে লগতে সজাগ হৈ উঠিবলৈ সৃষ্টি কৰিছে দিন।
.
২:২৫৫
اللَّهُ لَا إِلَٰهَ إِلَّا هُوَ الْحَيُّ الْقَيُّومُ ۚ لَا تَأْخُذُهُ سِنَةٌ وَلَا نَوْمٌ ۚ لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۗ مَنْ ذَا الَّذِي يَشْفَعُ عِنْدَهُ إِلَّا بِإِذْنِهِ ۚ يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ ۖ وَلَا يُحِيطُونَ بِشَيْءٍ مِنْ عِلْمِهِ إِلَّا بِمَا شَاءَ ۚ وَسِعَ كُرْسِيُّهُ السَّمَاوَاتِ وَالْأَرْضَ ۖ وَلَا يَئُودُهُ حِفْظُهُمَا ۚ وَهُوَ الْعَلِيُّ الْعَظِيمُ
আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন সেইজন, যিয়ে তেওঁৰ অনুমতিবিনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।
.
১২:৬
وَكَذَٰلِكَ يَجْتَبِيكَ رَبُّكَ وَيُعَلِّمُكَ مِنْ تَأْوِيلِ الْأَحَادِيثِ وَيُتِمُّ نِعْمَتَهُ عَلَيْكَ وَعَلَىٰ آلِ يَعْقُوبَ كَمَا أَتَمَّهَا عَلَىٰ أَبَوَيْكَ مِنْ قَبْلُ إِبْرَاهِيمَ وَإِسْحَاقَ ۚ إِنَّ رَبَّكَ عَلِيمٌ حَكِيمٌ
আৰু এইদৰে তোমাৰ প্ৰতিপালকে তোমাক মনোনীত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিক্ষা দিব আৰু তোমাৰ ওপৰত লগতে ইয়াকূবৰ পৰিয়ালৰ ওপৰত তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিব, যেনেকৈ তেওঁ এইটো পূৰ্ণ কৰিছিল ইয়াৰ আগত তোমাৰ পিতৃ-পুৰুষ ইব্ৰাহীম আৰু ইছহাক্বৰ ওপৰত। নিশ্চয় তোমাৰ ৰব সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
.
৩০:২৩
وَمِنْ آيَاتِهِ مَنَامُكُمْ بِاللَّيْلِ وَالنَّهَارِ وَابْتِغَاؤُكُمْ مِنْ فَضْلِهِ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَسْمَعُونَ
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিনত তোমালোকৰ নিদ্ৰা, লগতে তেওঁৰ অনুগ্ৰহৰ পৰা তোমালোকৰ (জীৱিকা) অন্বেষণ। নিশ্চয় ইয়াৰ মাজত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে শুনা পায়।
.
৩৯:৪২
اللَّهُ يَتَوَفَّى الْأَنْفُسَ حِينَ مَوْتِهَا وَالَّتِي لَمْ تَمُتْ فِي مَنَامِهَا ۖ فَيُمْسِكُ الَّتِي قَضَىٰ عَلَيْهَا الْمَوْتَ وَيُرْسِلُ الْأُخْرَىٰ إِلَىٰ أَجَلٍ مُسَمًّى ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَتَفَكَّرُونَ
আল্লাহেই জীৱসমূহৰ প্ৰাণ হৰণ কৰে সিহঁতৰ মৃত্যুৰ সময়ত আৰু যিসকলে মৃত্যুবৰণ কৰা নাই সিহঁতৰো (প্ৰাণ হৰণ কৰে) নিদ্ৰা অৱস্থাত। তাৰ পিছত তেওঁ যাৰ বাবে মৃত্যুৰ সিদ্ধান্ত কৰে তাৰ প্ৰাণ তেওঁ ৰাখি দিয়ে আৰু আনবোৰক এৰি দিয়ে, এটা নিৰ্দিষ্ট সময়লৈকে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে গৱেষণা কৰে।
.
৭৮:৯
وَجَعَلْنَا نَوْمَكُمْ سُبَاتًا
আৰু তোমালোকৰ টোপনিক কৰিছো বিশ্ৰাম।
.
৩৭:১০২
فَلَمَّا بَلَغَ مَعَهُ السَّعْيَ قَالَ يَا بُنَيَّ إِنِّي أَرَىٰ فِي الْمَنَامِ أَنِّي أَذْبَحُكَ فَانْظُرْ مَاذَا تَرَىٰ ۚ قَالَ يَا أَبَتِ افْعَلْ مَا تُؤْمَرُ ۖ سَتَجِدُنِي إِنْ شَاءَ اللَّهُ مِنَ الصَّابِرِينَ
এতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলাফুৰা কৰা অৱস্থাত উপনীত হ’ল, তেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলো যে, মই তোমাক যবেহ কৰি আছো, এতিয়া কোৱাচোন তোমাৰ অভিমত কি’? পুত্ৰই ক’লে, ‘হে মোৰ পিতৃ! আপুনি যি আদেশপ্ৰাপ্ত হৈছে সেইটোৱেই কৰক। আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্যশীলসকলৰ অন্তৰ্ভুক্ত পাব’।
...raf...

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.