ref8:39(দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই)

ref8:39(দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই)
৮:৩৯
وَقَاتِلُوهُمْ حَتَّىٰ لَا تَكُونَ فِتْنَةٌ وَيَكُونَ الدِّينُ كُلُّهُ لِلَّهِ ۚ فَإِنِ انْتَهَوْا فَإِنَّ اللَّهَ بِمَا يَعْمَلُونَ بَصِيرٌ
আৰু তোমালোকে ফিতনাৰ অৱসান নঘটালৈকে সিহঁতৰ বিৰুদ্ধে সংগ্ৰাম কৰি থাকিবা আৰু দ্বীন পূৰ্ণৰূপে কেৱল আল্লাহৰ বাবে নোহোৱালৈকে। তাৰ পিছত যদি সিহঁতে বিৰত থাকে তেন্তে সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।
👇👇
References: 2:193, 49:9, 4:93, 9:5, 9:11
.
👉২:১৯৩
وَقَاتِلُوهُمْ حَتَّىٰ لَا تَكُونَ فِتْنَةٌ وَيَكُونَ الدِّينُ لِلَّهِ ۖ فَإِنِ انْتَهَوْا فَلَا عُدْوَانَ إِلَّا عَلَى الظَّالِمِينَ
আৰু তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিয়েই থাকিবা যেতিয়ালৈকে ফিতনা চুড়ান্তভাৱে দূৰীভূত নহয় আৰু দ্বীন একমাত্ৰ আল্লাহৰ বাবে নোহোৱালৈকে। তাৰ পিছত যদি সিহঁতে বিৰত হয় তেন্তে যালিমসকলৰ বাহিৰে আন কাৰো ওপৰত আক্ৰমণ নাই।
(God's system is based on freedom of faith and expression. God's system recommends an egalitarian republic, and a federally secular system that allows multiple jurisdictions for different religious or non-religious groups. See 58:12 and 60:8.
৫৮:১২-১৩
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا نَاجَيْتُمُ الرَّسُولَ فَقَدِّمُوا بَيْنَ يَدَيْ نَجْوَاكُمْ صَدَقَةً ۚ ذَٰلِكَ خَيْرٌ لَكُمْ وَأَطْهَرُ ۚ فَإِنْ لَمْ تَجِدُوا فَإِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
হে মুমিনসকল! তোমালোকে যেতিয়া ৰাছুলৰ সৈতে অকলশৰীয়াকৈ কথা ক’ব বিচৰা, তেতিয়া তোমালোকে এনে কথা কোৱাৰ আগতে কিবা ছাদক্বা পেচ কৰা, এইটোৱে তোমালোকৰ বাবে শ্ৰেয়ঃ আৰু পৰিশোধক; কিন্তু যদি তোমালোকে সক্ষম নোহোৱা তেন্তে নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।
৫৮:১৩
أَأَشْفَقْتُمْ أَنْ تُقَدِّمُوا بَيْنَ يَدَيْ نَجْوَاكُمْ صَدَقَاتٍ ۚ فَإِذْ لَمْ تَفْعَلُوا وَتَابَ اللَّهُ عَلَيْكُمْ فَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَأَطِيعُوا اللَّهَ وَرَسُولَهُ ۚ وَاللَّهُ خَبِيرٌ بِمَا تَعْمَلُونَ
তোমালোকে ভয় পালা নেকি যে, অকলশৰীয়া পৰামৰ্শৰ আগতে ছাদক্বা পেচ কৰিব লাগিব বুলি? যেতিয়া তোমালোকে এইটো কৰিব নোৱাৰিলা, আৰু আল্লাহেও তোমালোকক ক্ষমা কৰি দিলে, তেন্তে তোমালোকে ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। তোমালোকে যি কৰা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।
.
৬০:৮
لَا يَنْهَاكُمُ اللَّهُ عَنِ الَّذِينَ لَمْ يُقَاتِلُوكُمْ فِي الدِّينِ وَلَمْ يُخْرِجُوكُمْ مِنْ دِيَارِكُمْ أَنْ تَبَرُّوهُمْ وَتُقْسِطُوا إِلَيْهِمْ ۚ إِنَّ اللَّهَ يُحِبُّ الْمُقْسِطِينَ
দ্বীনৰ বিষয়ে যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাই আৰু তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰো কৰা নাই, সিহঁতৰ প্ৰতি মহানুভৱতা দেখুৱাবলৈ আৰু ন্যায়বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ নকৰে। নিশ্চয় আল্লাহে ন্যায়পৰায়ণসকলক ভালপায়।
.
২:২৫৬
لَا إِكْرَاهَ فِي الدِّينِ ۖ قَدْ تَبَيَّنَ الرُّشْدُ مِنَ الْغَيِّ ۚ فَمَنْ يَكْفُرْ بِالطَّاغُوتِ وَيُؤْمِنْ بِاللَّهِ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقَىٰ لَا انْفِصَامَ لَهَا ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব সি এনেকুৱা এডাল ৰছীত খামুচি ধৰিলে যিডাল কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।)
.
👉৪৯:৯
وَإِنْ طَائِفَتَانِ مِنَ الْمُؤْمِنِينَ اقْتَتَلُوا فَأَصْلِحُوا بَيْنَهُمَا ۖ فَإِنْ بَغَتْ إِحْدَاهُمَا عَلَى الْأُخْرَىٰ فَقَاتِلُوا الَّتِي تَبْغِي حَتَّىٰ تَفِيءَ إِلَىٰ أَمْرِ اللَّهِ ۚ فَإِنْ فَاءَتْ فَأَصْلِحُوا بَيْنَهُمَا بِالْعَدْلِ وَأَقْسِطُوا ۖ إِنَّ اللَّهَ يُحِبُّ الْمُقْسِطِينَ
আৰু যদি মুমিনসকলৰ দুটা দলে বাদ-বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়া, তথাপিও যদি তেওঁলোকৰ এটা দলে আন এটা দলৰ বিৰুদ্ধে সীমালংঘন কৰে, তেন্তে যিসকলে সীমালংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহিব। তাৰ পিছত যদি সিহঁতে উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰি দিয়া আৰু ন্যায় বিচাৰ কৰা। নিশ্চয় আল্লাহে ন্যায় বিচাৰকাৰীসকলক ভাল পায়।
.
👉৪:৯৩
وَمَنْ يَقْتُلْ مُؤْمِنًا مُتَعَمِّدًا فَجَزَاؤُهُ جَهَنَّمُ خَالِدًا فِيهَا وَغَضِبَ اللَّهُ عَلَيْهِ وَلَعَنَهُ وَأَعَدَّ لَهُ عَذَابًا عَظِيمًا
আৰু যিয়ে ইচ্ছাকৃতভাৱে কোনো মুমিনক হত্যা কৰিব তাৰ শাস্তি হৈছে জাহান্নাম, তাত সি স্থায়ী হ’ব; আৰু আল্লাহে তাৰ প্ৰতি ক্ৰুদ্ধ হ’ব লগতে তাৰ ওপৰত অভিসম্পাত কৰিব আৰু তাৰ বাবে প্ৰস্তুত ৰাখিব মহাশাস্তি।
.
👉৯:৫
فَإِذَا انْسَلَخَ الْأَشْهُرُ الْحُرُمُ فَاقْتُلُوا الْمُشْرِكِينَ حَيْثُ وَجَدْتُمُوهُمْ وَخُذُوهُمْ وَاحْصُرُوهُمْ وَاقْعُدُوا لَهُمْ كُلَّ مَرْصَدٍ ۚ فَإِنْ تَابُوا وَأَقَامُوا الصَّلَاةَ وَآتَوُا الزَّكَاةَ فَخَلُّوا سَبِيلَهُمْ ۚ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
গতিকে যেতিয়া নিষিদ্ধ মাহসমূহ অতিবাহিত হৈ যাব তেতিয়া তোমালোকে মুশ্বৰিকসকলক য’তেই পাবা হত্যা কৰিবা, সিহঁতক গ্ৰেপ্তাৰ কৰিবা, অৱৰোধ কৰিবা আৰু ঘাঁটিয়ে ঘাঁটিয়ে সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিবা। কিন্তু যদি সিহঁতে তাওবা কৰে, চালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে তেন্তে সিহঁতৰ পথ এৰি দিবা; নিশ্চয় আল্লাহ অতিশয় ক্ষমাশীল, পৰম দয়ালু।
.
👉৯:১১
فَإِنْ تَابُوا وَأَقَامُوا الصَّلَاةَ وَآتَوُا الزَّكَاةَ فَإِخْوَانُكُمْ فِي الدِّينِ ۗ وَنُفَصِّلُ الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ
এতেকে সিহঁতে যদি তাওবা কৰে, চালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে, তেন্তে সিহঁতে তোমালোকৰ দ্বীনি ভাই; আৰু আমি আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰো এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।
....raf....

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.