ref8:28(ধন-সম্পদ,সন্তান-সন্ততি এটা পৰীক্ষা)
ref8:28(ধন-সম্পদ,সন্তান-সন্ততি এটা পৰীক্ষা)
🟧৮:২৮
وَاعْلَمُوا أَنَّمَا أَمْوَالُكُمْ وَأَوْلَادُكُمْ فِتْنَةٌ وَأَنَّ اللَّهَ عِنْدَهُ أَجْرٌ عَظِيمٌ
আৰু জানি থোৱা, তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি এটা পৰীক্ষা; আৰু নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে মহাপুৰষ্কাৰ।
(9/23-24, 25/74, 64/14-15).
👇
৯:২৩-২৪
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَتَّخِذُوا آبَاءَكُمْ وَإِخْوَانَكُمْ أَوْلِيَاءَ إِنِ اسْتَحَبُّوا الْكُفْرَ عَلَى الْإِيمَانِ ۚ وَمَنْ يَتَوَلَّهُمْ مِنْكُمْ فَأُولَٰئِكَ هُمُ الظَّالِمُونَ
হে ঈমান্দাৰসকল! তোমলোকৰ পিতৃবৰ্গ আৰু ভাতৃবৃন্দ যদি ঈমানৰ মোকাবিলাত কুফৰীক পছন্দ কৰে, তেন্তে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ নকৰিবা। তোমালোকৰ মাজত যিয়ে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতেই যালিম।
৯:২৪
قُلْ إِنْ كَانَ آبَاؤُكُمْ وَأَبْنَاؤُكُمْ وَإِخْوَانُكُمْ وَأَزْوَاجُكُمْ وَعَشِيرَتُكُمْ وَأَمْوَالٌ اقْتَرَفْتُمُوهَا وَتِجَارَةٌ تَخْشَوْنَ كَسَادَهَا وَمَسَاكِنُ تَرْضَوْنَهَا أَحَبَّ إِلَيْكُمْ مِنَ اللَّهِ وَرَسُولِهِ وَجِهَادٍ فِي سَبِيلِهِ فَتَرَبَّصُوا حَتَّىٰ يَأْتِيَ اللَّهُ بِأَمْرِهِ ۗ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الْفَاسِقِينَ
কোৱা, ‘তোমালোকৰ ওচৰত যদি আল্লাহ, তেওঁৰ ৰাছুল আৰু তেওঁৰ (আল্লাহৰ) পথত জিহাদ কৰাতকৈ বেছি প্ৰিয় হয় তোমালোকৰ পিতৃবৰ্গ, তোমালোকৰ সন্তান-সন্ততি, তোমালোকৰ ভাতৃসকল, তোমালোকৰ স্ত্ৰীসকল, তোমালোকৰ নিজ বংশগোত্ৰ, তোমালোকৰ অৰ্জিত সম্পদ, তোমালোকৰ ব্যৱসায়-বাণিজ্য যাৰ ক্ষতিৰ আশংকা তোমালোকে কৰা আৰু তোমালোকৰ বাসস্থান যিটোক তোমালোকে ভাল পোৱা তেন্তে অপেক্ষা কৰা আল্লাহে তেওঁৰ নিৰ্দেশ লৈ নহালৈকে’; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
.
২৫:৭৪
وَالَّذِينَ يَقُولُونَ رَبَّنَا هَبْ لَنَا مِنْ أَزْوَاجِنَا وَذُرِّيَّاتِنَا قُرَّةَ أَعْيُنٍ وَاجْعَلْنَا لِلْمُتَّقِينَ إِمَامًا
আৰু তেওঁলোকে প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ ৰব! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰি যায়। আৰু তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’।
.
৬৪:১৪-১৫
يَا أَيُّهَا الَّذِينَ آمَنُوا إِنَّ مِنْ أَزْوَاجِكُمْ وَأَوْلَادِكُمْ عَدُوًّا لَكُمْ فَاحْذَرُوهُمْ ۚ وَإِنْ تَعْفُوا وَتَصْفَحُوا وَتَغْفِرُوا فَإِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
হে ঈমান্দাৰসকল! তোমালোকৰ স্ত্ৰী-স্বামী আৰু সন্তান-সন্ততিসকলৰ মাজত কিছুমান তোমালোকৰ শত্ৰু; এতেকে সিহঁতৰ বিষয়ে তোমালোকে সতৰ্ক থাকিবা। যদি তোমালোকে সিহঁতক মাৰ্জনা কৰি দিয়া, সিহঁতৰ দোষ-ত্ৰুটি উপেক্ষা কৰা আৰু সিহঁতক ক্ষমা কৰি দিয়া, তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
৬৪:১৫
إِنَّمَا أَمْوَالُكُمْ وَأَوْلَادُكُمْ فِتْنَةٌ ۚ وَاللَّهُ عِنْدَهُ أَجْرٌ عَظِيمٌ
নিশ্চয় তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কেৱল এটা পৰীক্ষা বিশেষ; আৰু আল্লাহৰ ওচৰতেই আছে মহাপুৰষ্কাৰ।
.
...raf...
Comments
Post a Comment