ref2:15
ref2:15
৫৭:১৩
يَوْمَ يَقُولُ الْمُنَافِقُونَ وَالْمُنَافِقَاتُ لِلَّذِينَ آمَنُوا انْظُرُونَا نَقْتَبِسْ مِنْ نُورِكُمْ قِيلَ ارْجِعُوا وَرَاءَكُمْ فَالْتَمِسُوا نُورًا فَضُرِبَ بَيْنَهُمْ بِسُورٍ لَهُ بَابٌ بَاطِنُهُ فِيهِ الرَّحْمَةُ وَظَاهِرُهُ مِنْ قِبَلِهِ الْعَذَابُ
সেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে ঈমান্দাৰসকলক ক’ব, ‘তোমালোকে আমাৰ বাবে অলপ অপেক্ষা কৰা, যাতে তোমালোকৰ নূৰৰ পৰা আমি অলপ গ্ৰহণ কৰিব পাৰো’। কোৱা হ’ব, ‘তোমালোকে নিজৰ পিছফালে উভতি যোৱা আৰু নূৰৰ সন্ধান কৰাগৈ’। তাৰ পিছত উভয়ৰ মাজত স্থাপন হ’ব এখন প্ৰাচীৰ, য’ত এখন দুৱাৰ থাকিব, যাৰ ভিতৰত থাকিব ৰহমত আৰু বাহিৰত থাকিব শাস্তি।
.
৩:১৭৮
وَلَا يَحْسَبَنَّ الَّذِينَ كَفَرُوا أَنَّمَا نُمْلِي لَهُمْ خَيْرٌ لِأَنْفُسِهِمْ ۚ إِنَّمَا نُمْلِي لَهُمْ لِيَزْدَادُوا إِثْمًا ۚ وَلَهُمْ عَذَابٌ مُهِينٌ
কাফিৰসকলে যেন কদাপিও এইটো ধাৰণা নকৰে যে, আমি সিহঁতক যিটো অৱকাশ দিওঁ সেয়া সিহঁতৰ মঙ্গলৰ বাবে; বৰং আমি অৱকাশ দিওঁ যাতে সিহঁতৰ পাপ বৃদ্ধি হয়। কাৰণ সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।
(Pl find herewith the verse 3:178 note link:
.
৪২:৪০
وَجَزَاءُ سَيِّئَةٍ سَيِّئَةٌ مِثْلُهَا ۖ فَمَنْ عَفَا وَأَصْلَحَ فَأَجْرُهُ عَلَى اللَّهِ ۚ إِنَّهُ لَا يُحِبُّ الظَّالِمِينَ
আৰু বেয়াৰ প্ৰতিফল সেই অনুপাতেই বেয়া। এতেকে যিয়ে ক্ষমা কৰি দিয়ে আৰু আপোচ-নিষ্পত্তি কৰে তাৰ বাবে আছে আল্লাহৰ ওচৰত পুৰস্কাৰ। নিশ্চয় তেওঁ অন্যায়কাৰীবিলাকক পছন্দ নকৰে।
.
২:১৯৪
الشَّهْرُ الْحَرَامُ بِالشَّهْرِ الْحَرَامِ وَالْحُرُمَاتُ قِصَاصٌ ۚ فَمَنِ اعْتَدَىٰ عَلَيْكُمْ فَاعْتَدُوا عَلَيْهِ بِمِثْلِ مَا اعْتَدَىٰ عَلَيْكُمْ ۚ وَاتَّقُوا اللَّهَ وَاعْلَمُوا أَنَّ اللَّهَ مَعَ الْمُتَّقِينَ
পৱিত্ৰ মাহ পৱিত্ৰ মাহৰ বিনিময়ত। যাৰ পৱিত্ৰতা অলংঘনীয় তাৰ অৱমাননা কিচাচৰ অন্তৰ্ভূক্ত। এতেকে যিয়ে তোমালোকক আক্ৰমণ কৰিব তোমালোকেও তাক অনুৰূপ আক্ৰমণ কৰিবা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবা; আৰু জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।
.
২৩:৫৪-৫৬
فَذَرْهُمْ فِي غَمْرَتِهِمْ حَتَّىٰ حِينٍ
এতেকে কিছু সময়ৰ বাবে সিহঁতক সিহঁতৰ বিভ্ৰান্তিতে এৰি দিয়া।
২৩:৫৫
أَيَحْسَبُونَ أَنَّمَا نُمِدُّهُمْ بِهِ مِنْ مَالٍ وَبَنِينَ
সিহঁতে ভাৱে নেকি যে, আমি সিহঁতক যি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ দ্বাৰা সহযোগিতা কৰিছো, তাৰ মাধ্যমত--
২৩:৫৬
نُسَارِعُ لَهُمْ فِي الْخَيْرَاتِ ۚ بَلْ لَا يَشْعُرُونَ
আমি সিহঁতৰ বাবে সকলো মঙ্গল তৰান্বিত কৰিম? নহয়, বৰং সিহঁতে উপলব্ধি কৰিব পৰা নাই।
.
৬:১১০
وَنُقَلِّبُ أَفْئِدَتَهُمْ وَأَبْصَارَهُمْ كَمَا لَمْ يُؤْمِنُوا بِهِ أَوَّلَ مَرَّةٍ وَنَذَرُهُمْ فِي طُغْيَانِهِمْ يَعْمَهُونَ
আৰু সিহঁতে যেনেকৈ প্ৰথমবাৰতে ইয়াৰ প্ৰতি ঈমান আনা নাই, ঠিক তেনেকৈ আমিও সিহঁতৰ অন্তৰসমূহ আৰু দৃষ্টিসমূহ ওলোটাই দিম আৰু আমি সিহঁতক সিহঁতৰ অবাধ্যতাত উদ`ভ্ৰান্তৰ দৰে ঘূৰপাক খোৱা অৱস্থাত এৰি দিম।
(pl find verse note here link:
.....raf....
Comments
Post a Comment