ref2:12(fasad)

ref2:12(fasad)
3:20, 5:79, 9:67, 24:21
.
৩:২০
فَإِنْ حَاجُّوكَ فَقُلْ أَسْلَمْتُ وَجْهِيَ لِلَّهِ وَمَنِ اتَّبَعَنِ ۗ وَقُلْ لِلَّذِينَ أُوتُوا الْكِتَابَ وَالْأُمِّيِّينَ أَأَسْلَمْتُمْ ۚ فَإِنْ أَسْلَمُوا فَقَدِ اهْتَدَوْا ۖ وَإِنْ تَوَلَّوْا فَإِنَّمَا عَلَيْكَ الْبَلَاغُ ۗ وَاللَّهُ بَصِيرٌ بِالْعِبَادِ
এতেকে সিহঁতে যদি তোমাৰ লগত বিতৰ্কত লিপ্ত হয় তেন্তে তুমি কোৱা, ‘মই আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছো আৰু মোৰ অনুসাৰীসকলেও’। আৰু যিসকলক কিতাব দিয়া হৈছে সিহঁতক আৰু নিৰক্ষৰসকলক কোৱা, ‘তোমালোকেও আত্মসমৰ্পণ কৰিছা নেকি?’ যদি সিহঁতে আত্মসমৰ্পণ কৰে তেন্তে নিশ্চয় সিহঁতেও হিদায়ত পাব; আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য কেৱল প্ৰচাৰ কৰা; আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।
.
৫:৭৯
كَانُوا لَا يَتَنَاهَوْنَ عَنْ مُنْكَرٍ فَعَلُوهُ ۚ لَبِئْسَ مَا كَانُوا يَفْعَلُونَ
সিহঁতে ইজনে সিজনক বেয়া কামৰ পৰা নিষেধ কৰা নাছিল, সিহঁতে যি কৰিছে সেয়া কিমান যে নিকৃষ্ট!
.
৯:৬৭
الْمُنَافِقُونَ وَالْمُنَافِقَاتُ بَعْضُهُمْ مِنْ بَعْضٍ ۚ يَأْمُرُونَ بِالْمُنْكَرِ وَيَنْهَوْنَ عَنِ الْمَعْرُوفِ وَيَقْبِضُونَ أَيْدِيَهُمْ ۚ نَسُوا اللَّهَ فَنَسِيَهُمْ ۗ إِنَّ الْمُنَافِقِينَ هُمُ الْفَاسِقُونَ
মুনাফিক পুৰুষ আৰু মুনাফিক নাৰী ইজনে সিজনৰ অংশ, সিহঁতে অসৎকৰ্মৰ আদেশ দিয়ে আৰু সৎকৰ্মত নিষেধ কৰে, সিহঁতে নিজৰ হাত সংকুচিত কৰি ৰাখে, সিহঁতে আল্লাহক পাহৰি গৈছে, ফলত আল্লাহেও সিহঁতক এৰি দিছে; নিশ্চয় মুনাফিকসকল ফাছিক্ব।
.
২৪:২১
۞ يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَتَّبِعُوا خُطُوَاتِ الشَّيْطَانِ ۚ وَمَنْ يَتَّبِعْ خُطُوَاتِ الشَّيْطَانِ فَإِنَّهُ يَأْمُرُ بِالْفَحْشَاءِ وَالْمُنْكَرِ ۚ وَلَوْلَا فَضْلُ اللَّهِ عَلَيْكُمْ وَرَحْمَتُهُ مَا زَكَىٰ مِنْكُمْ مِنْ أَحَدٍ أَبَدًا وَلَٰكِنَّ اللَّهَ يُزَكِّي مَنْ يَشَاءُ ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
হে মুমিনসকল! তোমালোকে চয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা। যিয়ে চয়তানৰ পদাঙ্ক অনুসৰণ কৰে নিশ্চয় চয়তানে অশ্লীলতা আৰু বেয়া কৰ্মৰহে নিৰ্দেশ দিয়ে। আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলে তোমালোকৰ কোনেও কেতিয়াও পৱিত্ৰ হ’ব নোৱাৰিলাহেঁতেন, কিন্তু আল্লাহে যাক ইচ্ছা পৱিত্ৰ কৰে, আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।
...raf...

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran