ref2:10-Hypocrites

৯:১২৪-১২৫
وَإِذَا مَا أُنْزِلَتْ سُورَةٌ فَمِنْهُمْ مَنْ يَقُولُ أَيُّكُمْ زَادَتْهُ هَٰذِهِ إِيمَانًا ۚ فَأَمَّا الَّذِينَ آمَنُوا فَزَادَتْهُمْ إِيمَانًا وَهُمْ يَسْتَبْشِرُونَ
আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতৰ কিছুমানে কয়, ‘এইটোৱে তোমালোকৰ মাজত কাৰ ঈমান বৃদ্ধি কৰিলে’? এতেকে যিসকলে ঈমান আনিছে ই তেওঁলোকৰে ঈমান বৃদ্ধি কৰিছে আৰু তেওঁলোকেই আনন্দিত হয়।
৯:১২৫
وَأَمَّا الَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ فَزَادَتْهُمْ رِجْسًا إِلَىٰ رِجْسِهِمْ وَمَاتُوا وَهُمْ كَافِرُونَ
আৰু যিসকলৰ অন্তৰত ব্যাধি আছে, এইটো সিহঁতৰ কলুষৰ লগত আৰু কলুষযুক্ত কৰে; আৰু সিহঁতৰ মৃত্যু ঘটে কাফিৰ অৱস্থাত।
.
৪৭:১৭
وَالَّذِينَ اهْتَدَوْا زَادَهُمْ هُدًى وَآتَاهُمْ تَقْوَاهُمْ
আৰু যিসকলে হিদায়তপ্ৰাপ্ত হৈছে আল্লাহে তেওঁলোকৰ হিদায়ত আৰু বৃদ্ধি কৰি দিয়ে আৰু তেওঁলোকক তেওঁলোকৰ তাক্বৱা প্ৰদান কৰে।
.
৯:১০১
وَمِمَّنْ حَوْلَكُمْ مِنَ الْأَعْرَابِ مُنَافِقُونَ ۖ وَمِنْ أَهْلِ الْمَدِينَةِ ۖ مَرَدُوا عَلَى النِّفَاقِ لَا تَعْلَمُهُمْ ۖ نَحْنُ نَعْلَمُهُمْ ۚ سَنُعَذِّبُهُمْ مَرَّتَيْنِ ثُمَّ يُرَدُّونَ إِلَىٰ عَذَابٍ عَظِيمٍ
আৰু মৰুবাসীসকলৰ মাজত যিসকল তোমালোকৰ ওচৰে পাজৰে আছে সিহঁতৰ কিছুমান হৈছে মুনাফিক লগতে মদীনাবাসীৰ মাজতো কিছুমান আছে, সিহঁতে নিফাক্বৰ চৰম সীমাত উপনীত হৈছে। তুমি সিহঁতক নাজানা; কিন্তু আমি সিহঁতক চিনি পাওঁ। অনতিপলমে আমি সিহঁতক দুবাৰ শাস্তি প্ৰদান কৰিম তাৰ পিছত সিহঁতক মহাশাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।
.
৩৩:৬০-৬১
۞ لَئِنْ لَمْ يَنْتَهِ الْمُنَافِقُونَ وَالَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ وَالْمُرْجِفُونَ فِي الْمَدِينَةِ لَنُغْرِيَنَّكَ بِهِمْ ثُمَّ لَا يُجَاوِرُونَكَ فِيهَا إِلَّا قَلِيلًا
যদি মুনাফিকসকল আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁত আৰু চহৰত মিছা সংবাদ প্ৰচাৰকাৰীসকল বিৰত নহয় তেন্তে অৱশ্যে আমি তোমাক সিহঁতৰ বিৰুদ্ধে প্ৰবল কৰিম; ইয়াৰ পিছত এই চহৰত সিহঁতে তোমাৰ প্ৰতিবেশীৰূপে অতি কম সময়হে থাকিব পাৰিব,
৩৩:৬১
مَلْعُونِينَ ۖ أَيْنَمَا ثُقِفُوا أُخِذُوا وَقُتِّلُوا تَقْتِيلًا
অভিশপ্ত হৈ; সিহঁতক য’তে পোৱা যাব ত'তেই ধৰা হ’ব আৰু নিৰ্দয়ভাৱে হত্যা কৰা হ’ব।
.
৪৭:৩০
وَلَوْ نَشَاءُ لَأَرَيْنَاكَهُمْ فَلَعَرَفْتَهُمْ بِسِيمَاهُمْ ۚ وَلَتَعْرِفَنَّهُمْ فِي لَحْنِ الْقَوْلِ ۚ وَاللَّهُ يَعْلَمُ أَعْمَالَكُمْ
আৰু আমি ইচ্ছা কৰিলে তোমাক সিহঁতৰ পৰিচয় দিলোহেঁতেন; ফলত তুমি সিহঁতৰ লক্ষণ দেখিয়ে সিহঁতক চিনিব পাৰিলাহেঁতেন। কিন্তু অৱশ্যে তুমি সিহঁতৰ কথাৰ ভঙ্গিতে সিহঁতক চিনিব পাৰিবা। আল্লাহে তোমালোকৰ যাৱতীয় আমল সম্পৰ্কে জানে।
.
Raf

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran