ref7:185(Comparison in between Quran and false teachings hadith outside the Quran)
Comparison in between Quran and false teachings hadith outside the Quran:
.
SunnatAllah(سُنَّةَ اللَّهِ) and LahualHadith(لَهْوَ الْحَدِيثِ)(all Hadiths outside the Quran)
(12:111; 31:6; 33:38; 35:43; 45:6; 52;34; 77:50)(edip).
👇
১২:১১১
لَقَدْ كَانَ فِي قَصَصِهِمْ عِبْرَةٌ لِأُولِي الْأَلْبَابِ ۗ مَا كَانَ حَدِيثًا يُفْتَرَىٰ وَلَٰكِنْ تَصْدِيقَ الَّذِي بَيْنَ يَدَيْهِ وَتَفْصِيلَ كُلِّ شَيْءٍ وَهُدًى وَرَحْمَةً لِقَوْمٍ يُؤْمِنُونَ
সিহঁতৰ বৃত্তান্তত অৱশ্যে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে আছে শিক্ষা। এইটো কোনো মনে সজা ৰচনা নহয়। বৰং এইটো আগৰ গ্ৰন্থবোৰত যি আছে তাৰেই সমৰ্থক আৰু সকলো বিষয়ৰ বিশদ বিৱৰণ, লগতে মুমিন সম্প্ৰদায়ৰ বাবে ই হিদায়ত আৰু ৰহমত।
.
৩১:৬
وَمِنَ النَّاسِ مَنْ يَشْتَرِي 👈لَهْوَ الْحَدِيثِ👉 لِيُضِلَّ عَنْ سَبِيلِ اللَّهِ بِغَيْرِ عِلْمٍ وَيَتَّخِذَهَا هُزُوًا ۚ أُولَٰئِكَ لَهُمْ عَذَابٌ مُهِينٌ
আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে আল্লাহৰ পথত বাধা দিয়াৰ বাবে অসাৰ বাক্য কিনি লয়, বিনা জ্ঞানে আৰু আল্লাহে দেখুৱা পথক ঠাট্টা-বিদ্ৰূপ কৰে। সিহঁতৰ বাবেই আছে অৱমাননাকৰ শাস্তি।
.
৩৩:৩৮
مَا كَانَ عَلَى النَّبِيِّ مِنْ حَرَجٍ فِيمَا فَرَضَ اللَّهُ لَهُ ۖ 👈سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۚ وَكَانَ أَمْرُ اللَّهِ قَدَرًا مَقْدُورًا
সেইটো কৰিলে নবীৰ কোনো দোষ নহয় যিটো তেওঁৰ বাবে আল্লাহে বিধিসন্মত কৰিছে। পূৰ্বে যিসকল অতিবাহিত হৈছে তেওঁলোকৰ বাবেও এইটোৱেই আছিল আল্লাহৰ বিধান। আল্লাহৰ ফয়চালা সুনিৰ্ধাৰিত, অৱশ্যম্ভাৱী।
.
৩৫:৪৩
اسْتِكْبَارًا فِي الْأَرْضِ وَمَكْرَ السَّيِّئِ ۚ وَلَا يَحِيقُ الْمَكْرُ السَّيِّئُ إِلَّا بِأَهْلِهِ ۚ فَهَلْ يَنْظُرُونَ إِلَّا سُنَّتَ الْأَوَّلِينَ ۚ فَلَنْ تَجِدَ 👈لِسُنَّتِ اللَّهِ تَبْدِيلًا ۖ وَلَنْ تَجِدَ 👈لِسُنَّتِ اللَّهِ تَحْوِيلًا
পৃথিৱীত ঔদ্ধত্য প্ৰকাশ আৰু কূটকৌশল অৱলম্বনৰ কাৰণে। অথচ কূটকৌশলে কেৱল তাৰ উদ্যোক্তাসকলকহে পৰিবেষ্টন কৰিব। তেন্তে সিহঁতে পূৰ্বৱৰ্তীবিলাকৰ (দৰে আল্লাহৰ) বিধানৰ অপেক্ষা কৰি আছে নেকি? কিন্তু তুমি আল্লাহৰ পদ্ধতিত কেতিয়াও কোনো পৰিবৰ্তন নাপাবা আৰু আল্লাহৰ পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা।
.
৪৫:৬
تِلْكَ آيَاتُ اللَّهِ نَتْلُوهَا عَلَيْكَ بِالْحَقِّ ۖ فَبِأَيِّ حَدِيثٍ بَعْدَ اللَّهِ وَآيَاتِهِ يُؤْمِنُونَ
এইবোৰ আল্লাহৰ আয়াত, যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছো। এতেকে সিহঁতে 👉আল্লাহ আৰু তেওঁৰ আয়াতৰ পিছত কোন হাদীছৰ (কথাৰ) ওপৰত বিশ্বাস স্থাপন কৰিব?
.
৫২:৩৪
فَلْيَأْتُوا بِحَدِيثٍ مِثْلِهِ إِنْ كَانُوا صَادِقِينَ
তেন্তে সিহঁতে যদি সত্যবাদী, তেতিয়াহ’লে সিহঁতে ইয়াৰ দৰে কোনো বাণী লৈ আঁহকচোন!
.
৭৭:৫০
فَبِأَيِّ حَدِيثٍ بَعْدَهُ يُؤْمِنُونَ
এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব?
...raf...
Comments
Post a Comment