ref.7:101

17:15, 11:100-101, 6:109-110
১৭:১৫
مَنِ اهْتَدَىٰ فَإِنَّمَا يَهْتَدِي لِنَفْسِهِ ۖ وَمَنْ ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيْهَا ۚ وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۗ وَمَا كُنَّا مُعَذِّبِينَ حَتَّىٰ نَبْعَثَ رَسُولًا
যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মঙ্গলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় অৱশ্যে সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। আৰু কোনো বহনকাৰীয়েই আনৰ (পাপৰ) বোজা বহন নকৰিব। আৰু ৰাছুল প্ৰেৰণ নকৰালৈকে আমি শাস্তি প্ৰদানকাৰী নহয়।
.
১১:১০০-১০১
ذَٰلِكَ مِنْ أَنْبَاءِ الْقُرَىٰ نَقُصُّهُ عَلَيْكَ ۖ مِنْهَا قَائِمٌ وَحَصِيدٌ
এইবোৰ হৈছে জনপদসমূহৰ কিছুমান সংবাদ, যিবোৰ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিলো। এইবোৰৰ কিছুমান এতিয়াও আছে আৰু কিছুমান নিৰ্মূল হৈছে।
১১:১০১
وَمَا ظَلَمْنَاهُمْ وَلَٰكِنْ ظَلَمُوا أَنْفُسَهُمْ ۖ فَمَا أَغْنَتْ عَنْهُمْ آلِهَتُهُمُ الَّتِي يَدْعُونَ مِنْ دُونِ اللَّهِ مِنْ شَيْءٍ لَمَّا جَاءَ أَمْرُ رَبِّكَ ۖ وَمَا زَادُوهُمْ غَيْرَ تَتْبِيبٍ
আৰু আমি সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নাছিলো সিহঁতে নিজেই নিজৰ অন্যায় কৰিছিল। তাৰ পিছত যেতিয়া তোমাৰ প্ৰতিপালকৰ নিৰ্দেশ আহি পালে, তেতিয়া আল্লাহৰ বাহিৰে সিহঁতে যি উপাস্যসমূহৰ ইবাদত কৰিছিল সেইবোৰ সিহঁতৰ কোনো কামত নাহিল; আৰু সিহঁতে নিজৰ ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি কৰা নাছিল।
.
৬:১০৯-১১০
وَأَقْسَمُوا بِاللَّهِ جَهْدَ أَيْمَانِهِمْ لَئِنْ جَاءَتْهُمْ آيَةٌ لَيُؤْمِنُنَّ بِهَا ۚ قُلْ إِنَّمَا الْآيَاتُ عِنْدَ اللَّهِ ۖ وَمَا يُشْعِرُكُمْ أَنَّهَا إِذَا جَاءَتْ لَا يُؤْمِنُونَ
আৰু সিহঁতে আল্লাহৰ নামত দৃঢ় শপত খাই কয়, সিহঁতৰ ওচৰত যদি কোনো নিদৰ্শন আহিলহেঁতেন তেন্তে নিশ্চয় সিহঁতে ইয়াৰ প্ৰতি ঈমান আনিলেহেঁতেন। কোৱা, ‘নিদৰ্শন কেৱল আল্লাহৰ ওচৰত’। (হে ঈমান্দাৰসকল!) কিদৰে তোমালোকৰ উপলব্ধিত আহিব যে, যেতিয়া সেই (নিদৰ্শন) আহি যাব, তেতিয়াও সিহঁতে ঈমান নানিব?
৬:১১০
وَنُقَلِّبُ أَفْئِدَتَهُمْ وَأَبْصَارَهُمْ كَمَا لَمْ يُؤْمِنُوا بِهِ أَوَّلَ مَرَّةٍ وَنَذَرُهُمْ فِي طُغْيَانِهِمْ يَعْمَهُونَ
আৰু সিহঁতে যেনেকৈ প্ৰথমবাৰতে ইয়াৰ প্ৰতি ঈমান আনা নাই, ঠিক তেনেকৈ আমিও সিহঁতৰ অন্তৰসমূহ আৰু দৃষ্টিসমূহ ওলোটাই দিম আৰু আমি সিহঁতক সিহঁতৰ অবাধ্যতাত উদ`ভ্ৰান্তৰ দৰে ঘূৰপাক খোৱা অৱস্থাত এৰি দিম।
...ooo...

Comments

Popular posts from this blog

War and Peace

2:6-Note

3:158