6:156-ref

6:156 (Now the Qur’an has been given to you) lest you say, “The scripture was sent down to two groups (Jews and Christians) before our time, and we remained unaware of what they originally read.” [2:79, 2:101, 3:78, 5:48](sa).
.
২:৭৯
فَوَيْلٌ لِلَّذِينَ يَكْتُبُونَ الْكِتَابَ بِأَيْدِيهِمْ ثُمَّ يَقُولُونَ هَٰذَا مِنْ عِنْدِ اللَّهِ لِيَشْتَرُوا بِهِ ثَمَنًا قَلِيلًا ۖ فَوَيْلٌ لَهُمْ مِمَّا كَتَبَتْ أَيْدِيهِمْ وَوَيْلٌ لَهُمْ مِمَّا يَكْسِبُونَ
এতেকে দুৰ্ভোগ  সিহঁতৰ বাবে যিসকলে নিজ হাতে কিতাব ৰচনা কৰে, তাৰ পিছত সামান্য মূল্য পোৱাৰ বাবে কয়, ‘এইটো আল্লাহৰ পৰা’। এতেকে সিহঁতৰ হাতে যি ৰচনা কৰিছে তাৰ বাবে সিহঁতৰ ধ্বংস আৰু সিহঁতে যি উপাৰ্জন কৰিছে তাৰ বাবে সিহঁতৰ ধ্বংস ।
.
২:১০১
وَلَمَّا جَاءَهُمْ رَسُولٌ مِنْ عِنْدِ اللَّهِ مُصَدِّقٌ لِمَا مَعَهُمْ نَبَذَ فَرِيقٌ مِنَ الَّذِينَ أُوتُوا الْكِتَابَ كِتَابَ اللَّهِ وَرَاءَ ظُهُورِهِمْ كَأَنَّهُمْ لَا يَعْلَمُونَ
আৰু যেতিয়া আল্লাহৰ তৰফৰ পৰা সিহঁতৰ ওচৰত এজন ৰাছুল আহিল, সিহঁতৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰী হিচাপে, তেতিয়া কিতাবীসকলৰ এটা দলে আল্লাহৰ কিতাবক পিছফালে দলিয়াই দিলে, যেনিবা সিহঁতে একোৱেই নাজানে।
.
৩:৭৮
وَإِنَّ مِنْهُمْ لَفَرِيقًا يَلْوُونَ أَلْسِنَتَهُمْ بِالْكِتَابِ لِتَحْسَبُوهُ مِنَ الْكِتَابِ وَمَا هُوَ مِنَ الْكِتَابِ وَيَقُولُونَ هُوَ مِنْ عِنْدِ اللَّهِ وَمَا هُوَ مِنْ عِنْدِ اللَّهِ وَيَقُولُونَ عَلَى اللَّهِ الْكَذِبَ وَهُمْ يَعْلَمُونَ
আৰু নিশ্চয় সিহঁতৰ মাজত এনেকুৱা এটা দল আছে, যিসকলে কিতাবক জিভাৰ দ্বাৰা বিকৃত কৰে যাতে তোমালোকে সেইটোক আল্লাহৰ কিতাবৰ অংশ বুলি ভাৱা; অথচ সেইটো কিতাবৰ অংশ নহয়। সিহঁতে আৰু কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা’; অথচ সেইটো আল্লাহৰ তৰফৰ পৰা নহয়। আৰু সিহঁতে জানি-বুজি আল্লাহৰ ওপৰত মিছা কথা কয়।
.
৫:৪৮
وَأَنْزَلْنَا إِلَيْكَ الْكِتَابَ بِالْحَقِّ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ مِنَ الْكِتَابِ وَمُهَيْمِنًا عَلَيْهِ ۖ فَاحْكُمْ بَيْنَهُمْ بِمَا أَنْزَلَ اللَّهُ ۖ وَلَا تَتَّبِعْ أَهْوَاءَهُمْ عَمَّا جَاءَكَ مِنَ الْحَقِّ ۚ لِكُلٍّ جَعَلْنَا مِنْكُمْ شِرْعَةً وَمِنْهَاجًا ۚ وَلَوْ شَاءَ اللَّهُ لَجَعَلَكُمْ أُمَّةً وَاحِدَةً وَلَٰكِنْ لِيَبْلُوَكُمْ فِي مَا آتَاكُمْ ۖ فَاسْتَبِقُوا الْخَيْرَاتِ ۚ إِلَى اللَّهِ مَرْجِعُكُمْ جَمِيعًا فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ
আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতা প্ৰতিপন্নকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছো। আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকামত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৰেই প্ৰত্যাৱৰ্তনস্থল। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।
.

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.