Ref.5:104-Their Ancestors(পিতৃপুৰুষসকল) nothing understood

সিহঁতৰ পিতৃ-পুৰুষসকলে একো বুজা নাছিল।
(Their ancestors (and the ancient Imams) were lacking in understanding and were not rightly guided)
Reference of 5:104:
2:170, 5:104, 10:78, 11:62, 11:87, 21:53, 34:43, 38:7, 43:23.
.
২:১৭০
وَإِذَا قِيلَ لَهُمُ اتَّبِعُوا مَا أَنْزَلَ اللَّهُ قَالُوا بَلْ نَتَّبِعُ مَا أَلْفَيْنَا عَلَيْهِ آبَاءَنَا ۗ أَوَلَوْ كَانَ آبَاؤُهُمْ لَا يَعْقِلُونَ شَيْئًا وَلَا يَهْتَدُونَ
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া তোমালোকে অনুসৰণ কৰা’, (তেতিয়া) সিহঁতে কয়, ‘নহয়, বৰং আমি অনুসৰণ কৰিম সেইটোৰ, যিটোৰ ওপৰত আমি আমাৰ পিতৃ পুৰুষসকলক পাইছো’। যদিও সিহঁতৰ পিতৃ-পুৰুষসকলে একো বুজা নাছিল আৰু সিহঁত সৎপথতো পৰিচালিত নাছিল, (তথাপিও সিহঁতে সিহঁতৰেই অনুসৰণ কৰিবনে?)
.
৫:১০৪
وَإِذَا قِيلَ لَهُمْ تَعَالَوْا إِلَىٰ مَا أَنْزَلَ اللَّهُ وَإِلَى الرَّسُولِ قَالُوا حَسْبُنَا مَا وَجَدْنَا عَلَيْهِ آبَاءَنَا ۚ أَوَلَوْ كَانَ آبَاؤُهُمْ لَا يَعْلَمُونَ شَيْئًا وَلَا يَهْتَدُونَ
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেইপিনে আৰু ৰাছুলৰ পিনে আহা’, তেতিয়া সিহঁতে কয়, ‘আমি আমাৰ পূৰ্বপুৰুষসকলক যিটোত পাইছো সেইটোৱেই আমাৰ বাবে যথেষ্ট’। যদিও সিহঁতৰ পূৰ্বপুৰুষসকলে একো জনা নাছিল আৰু সৎপথপ্ৰাপ্তও নাছিল, (তথাপিও অনুসৰণ কৰিবনে?)
.
১০:৭৪
ثُمَّ بَعَثْنَا مِنْ بَعْدِهِ رُسُلًا إِلَىٰ قَوْمِهِمْ فَجَاءُوهُمْ بِالْبَيِّنَاتِ فَمَا كَانُوا لِيُؤْمِنُوا بِمَا كَذَّبُوا بِهِ مِنْ قَبْلُ ۚ كَذَٰلِكَ نَطْبَعُ عَلَىٰ قُلُوبِ الْمُعْتَدِينَ
নূহৰ পিছত আমি বহুতো ৰাছুল সিহঁতৰ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছো; এতেকে তেওঁলোকে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদিসহ আহিছিল। কিন্তু সিহঁতে আগতেই যিটো অস্বীকাৰ কৰিছিল তাত ঈমান আনিবলৈ সিহঁত প্ৰস্তুত নাছিল। এইদৰেই আমি সীমালংঘনকাৰীসকলৰ হৃদয়ত মোহৰ মাৰি দিওঁ।
.
১১:৬২
قَالُوا يَا صَالِحُ قَدْ كُنْتَ فِينَا مَرْجُوًّا قَبْلَ هَٰذَا ۖ أَتَنْهَانَا أَنْ نَعْبُدَ مَا يَعْبُدُ آبَاؤُنَا وَإِنَّنَا لَفِي شَكٍّ مِمَّا تَدْعُونَا إِلَيْهِ مُرِيبٍ
সিহঁতে ক’লে, ‘হে চলেহ! ইয়াৰ পূৰ্বে তুমি আমাৰ প্ৰত্যাশিত আছিলা। তুমি আমাক নিষেধ কৰি আছা নেকি সিহঁতৰ ইবাদত কৰিবলৈ যিসকলৰ ইবাদত আমাৰ পিতৃ-পুৰুষসকলে কৰিছিল? নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছো সেই বিষয়ে, যাৰ প্ৰতি তুমি আমাক আহ্বান কৰি আছা’।
.
১১:৮৭
قَالُوا يَا شُعَيْبُ أَصَلَاتُكَ تَأْمُرُكَ أَنْ نَتْرُكَ مَا يَعْبُدُ آبَاؤُنَا أَوْ أَنْ نَفْعَلَ فِي أَمْوَالِنَا مَا نَشَاءُ ۖ إِنَّكَ لَأَنْتَ الْحَلِيمُ الرَّشِيدُ
সিহঁতে ক’লে, ‘হে ছুআইব! তোমাৰ চালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে, আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব আৰু আমি আমাৰ ধন-সম্পদ সম্পৰ্কে নিজ ইচ্ছামতে যি কৰো সেয়াও (বৰ্জন কৰিব লাগিব)? কেৱল তুমিহে সহিষ্ণু, সদাচাৰী’!
.
২১:৫৩
قَالُوا وَجَدْنَا آبَاءَنَا لَهَا عَابِدِينَ
সিহঁতে ক’লে, ‘আমি আমাৰ পিতৃ-পুৰুষসকলক এইবোৰৰ ইবাদত কৰা দেখিছো’।
.
৩৪:৪৩
وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ قَالُوا مَا هَٰذَا إِلَّا رَجُلٌ يُرِيدُ أَنْ يَصُدَّكُمْ عَمَّا كَانَ يَعْبُدُ آبَاؤُكُمْ وَقَالُوا مَا هَٰذَا إِلَّا إِفْكٌ مُفْتَرًى ۚ وَقَالَ الَّذِينَ كَفَرُوا لِلْحَقِّ لَمَّا جَاءَهُمْ إِنْ هَٰذَا إِلَّا سِحْرٌ مُبِينٌ
আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সিহঁতে কয়, ‘এওঁ এজন এনেকুৱা ব্যক্তি যিয়ে তোমালোকৰ পূৰ্বপুৰুষে যাৰ উপাসনা কৰিছিল তাৰ পৰা তোমালোকক বাধা দিব বিচাৰে’। সিহঁতে আৰু কয়, ‘এইটো মিছা উদ্ভাৱনৰ বাহিৰে আন একো নহয়’। কাফিৰসকলৰ ওচৰত যেতিয়া সত্য আহে তেতিয়া সিহঁতে কয়, ‘এইটো এটা সুস্পষ্ট যাদুহে’।
.
৩৮:৭
مَا سَمِعْنَا بِهَٰذَا فِي الْمِلَّةِ الْآخِرَةِ إِنْ هَٰذَا إِلَّا اخْتِلَاقٌ
আমি আন কোনো ধৰ্মাদৰ্শত এনেকুৱা কথা কেতিয়াও শুনা নাই, এইটো মনেসজা উক্তিৰ বাহিৰে আন একো নহয়।
.
৪৩:২৩
وَكَذَٰلِكَ مَا أَرْسَلْنَا مِنْ قَبْلِكَ فِي قَرْيَةٍ مِنْ نَذِيرٍ إِلَّا قَالَ مُتْرَفُوهَا إِنَّا وَجَدْنَا آبَاءَنَا عَلَىٰ أُمَّةٍ وَإِنَّا عَلَىٰ آثَارِهِمْ مُقْتَدُونَ
আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদত কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছো তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয়বিলাকে কৈছে, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছো আৰু আমি তেওঁলোকৰেই পদাঙ্ক অনুসৰণ কৰি চলিম’।
.. arranged syedraf...15.12.2021..nazvilla..

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.