Quran Excellent Explination-Good and Bad-5:100

The bad or evil is what harms the collective good of humanity and drags the ‘self’ down 14:24. The right is right, and the wrong is wrong regardless of what the majority think. 2:243, 6:116, 11:17(sa).
.
১৪:২৪
أَلَمْ تَرَ كَيْفَ ضَرَبَ اللَّهُ مَثَلًا كَلِمَةً طَيِّبَةً كَشَجَرَةٍ طَيِّبَةٍ أَصْلُهَا ثَابِتٌ وَفَرْعُهَا فِي السَّمَاءِ
তুমি লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ উপমা দাঙি ধৰে? কলিমা তায়্যেবাৰ তুলনা উৎকৃষ্ট গছৰ দৰে, যাৰ মূল সুদৃঢ় আৰু যাৰ শাখা-প্ৰশাখা ওপৰত বিস্তৃত,
.
২:২৪৩
۞ أَلَمْ تَرَ إِلَى الَّذِينَ خَرَجُوا مِنْ دِيَارِهِمْ وَهُمْ أُلُوفٌ حَذَرَ الْمَوْتِ فَقَالَ لَهُمُ اللَّهُ مُوتُوا ثُمَّ أَحْيَاهُمْ ۚ إِنَّ اللَّهَ لَذُو فَضْلٍ عَلَى النَّاسِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَشْكُرُونَ
তুমি সিহঁতক দেখা নাইনে, যিসকলে মৃত্যুৰ ভয়ত হাজাৰে হাজাৰে নিজ আবাসভূমি পৰিত্যাগ কৰিছিল? তাৰ পিছত আল্লাহে সিহঁতক কৈছিল, ‘তোমালোকে মৃত্যুবৰণ কৰা’। ইয়াৰ পিছত আল্লাহে সিহঁতক জীৱিত কৰিছিল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে।
.
৬:১১৬
وَإِنْ تُطِعْ أَكْثَرَ مَنْ فِي الْأَرْضِ يُضِلُّوكَ عَنْ سَبِيلِ اللَّهِ ۚ إِنْ يَتَّبِعُونَ إِلَّا الظَّنَّ وَإِنْ هُمْ إِلَّا يَخْرُصُونَ
আৰু যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথামতে চলা, তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। সিহঁতে কেৱল ধাৰণাৰ অনুসৰণ কৰে, আৰু কেৱল অনুমান ভিত্তিক কথা কয়।
.
১১:১৭
أَفَمَنْ كَانَ عَلَىٰ بَيِّنَةٍ مِنْ رَبِّهِ وَيَتْلُوهُ شَاهِدٌ مِنْهُ وَمِنْ قَبْلِهِ كِتَابُ مُوسَىٰ إِمَامًا وَرَحْمَةً ۚ أُولَٰئِكَ يُؤْمِنُونَ بِهِ ۚ وَمَنْ يَكْفُرْ بِهِ مِنَ الْأَحْزَابِ فَالنَّارُ مَوْعِدُهُ ۚ فَلَا تَكُ فِي مِرْيَةٍ مِنْهُ ۚ إِنَّهُ الْحَقُّ مِنْ رَبِّكَ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يُؤْمِنُونَ
যিসকলে নিজ প্ৰতিপালকৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আৰু যাৰ অনুসৰণ কৰে তেওঁৰ প্ৰেৰিত সাক্ষী আৰু যাৰ আগত আছিল মুছাৰ কিতাব আদৰ্শ আৰু অনুগ্ৰহস্বৰূপ, (এওঁলোক সেইসকল লোকৰ দৰে নেকি যিসকলে পৃথিৱী আৰু ইয়াৰ উপকৰণ কামনাত বিভোৰ) বৰং এওঁলোকেই ইয়াৰ ওপৰত ঈমান পোষণ কৰে। অন্যান্য দলৰ যিসকলে ইয়াক অস্বীকাৰ কৰে, অগ্নিয়ে হ’ব সিহঁতৰ প্ৰতিশ্ৰুত স্থান। এতেকে তুমি কেতিয়াও ইয়াত সন্দেহ পোষণ নকৰিবা। এইটো কেৱল তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; কিন্তু অধিকাংশ মানুহেই ঈমান পোষণ নকৰে।
....ooo....comp.syedraf.

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.