6:62 ref

৫৬:৪৯-৫০
قُلْ إِنَّ الْأَوَّلِينَ وَالْآخِرِينَ
কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰৱৰ্তীসকলকো--
৫৬:৫০
لَمَجْمُوعُونَ إِلَىٰ مِيقَاتِ يَوْمٍ مَعْلُومٍ
সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।
.
১৮:৪৭-৪৯
وَيَوْمَ نُسَيِّرُ الْجِبَالَ وَتَرَى الْأَرْضَ بَارِزَةً وَحَشَرْنَاهُمْ فَلَمْ نُغَادِرْ مِنْهُمْ أَحَدًا
আৰু স্মৰণ কৰা, যিদিনা আমি পৰ্বতসমূহক সঞ্চালন কৰিম আৰু তুমি পৃথিৱীক উন্মুক্ত প্ৰান্তৰ হিচাপে দেখিবা, আৰু আমি সিহঁত সকলোকে একত্ৰিত কৰিম; ফলত সিহঁতৰ এজনকো এৰি নিদিওঁ।
১৮:৪৮
وَعُرِضُوا عَلَىٰ رَبِّكَ صَفًّا لَقَدْ جِئْتُمُونَا كَمَا خَلَقْنَاكُمْ أَوَّلَ مَرَّةٍ ۚ بَلْ زَعَمْتُمْ أَلَّنْ نَجْعَلَ لَكُمْ مَوْعِدًا
আৰু সিহঁতক তোমাৰ প্ৰতিপালকৰ ওচৰত শাৰীবদ্ধভাৱে উপস্থিত কৰা হ’ব আৰু আল্লাহে ক’ব, ‘তোমালোকক আমি প্ৰথমবাৰ যেনেকৈ সৃষ্টি কৰিছিলো ঠিক তেনেকৈয়ে তোমালোক মোৰ ওচৰত উপস্থিত হৈছা, অথচ তোমালোকে ভাৱিছিলা যে, তোমালোকৰ বাবে আমি কোনো প্ৰতিশ্ৰুতি সময় নিৰ্ধাৰণ নকৰিম’।
১৮:৪৯
وَوُضِعَ الْكِتَابُ فَتَرَى الْمُجْرِمِينَ مُشْفِقِينَ مِمَّا فِيهِ وَيَقُولُونَ يَا وَيْلَتَنَا مَالِ هَٰذَا الْكِتَابِ لَا يُغَادِرُ صَغِيرَةً وَلَا كَبِيرَةً إِلَّا أَحْصَاهَا ۚ وَوَجَدُوا مَا عَمِلُوا حَاضِرًا ۗ وَلَا يَظْلِمُ رَبُّكَ أَحَدًا
লগতে উপস্থাপিত কৰা হ’ব আমলনামা, তেতিয়া তাত যি লিপিবদ্ধ আছে তাৰ বাবে তুমি অপৰাধীবিলাকক আতংকগ্ৰস্ত দেখিবা আৰু সিহঁতে ক’ব, ‘হায়, দুৰ্ভাগ্য আমাৰ! এইখন কেনেকুৱা গ্ৰন্থ! সৰু-বৰ এনে কোনো কৰ্ম নাই যিটো ইয়াত লিপিবদ্ধ কৰা হোৱা নাই’। সিহঁতে যি আমল কৰিছে সেয়া সন্মুখত উপস্থিত পাব; আৰু তোমাৰ প্ৰতিপালকে কাৰো প্ৰতি অন্যায় নকৰে।
।।।।ৰফে।।।।যোগোতালে।।।

Comments

Popular posts from this blog

War and Peace

2:6-Note

3:158