6:60 reference
৩:৫৫
إِذْ قَالَ اللَّهُ يَا عِيسَىٰ إِنِّي مُتَوَفِّيكَ وَرَافِعُكَ إِلَيَّ وَمُطَهِّرُكَ مِنَ الَّذِينَ كَفَرُوا وَجَاعِلُ الَّذِينَ اتَّبَعُوكَ فَوْقَ الَّذِينَ كَفَرُوا إِلَىٰ يَوْمِ الْقِيَامَةِ ۖ ثُمَّ إِلَيَّ مَرْجِعُكُمْ فَأَحْكُمُ بَيْنَكُمْ فِيمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ
স্মৰণ কৰা, যেতিয়া আল্লাহে ক’লে, ‘হে ঈছা! নিশ্চয় মই তোমাক পৰিগ্ৰহণ কৰিম, আৰু তোমাক মোৰ ওচৰলৈ উঠাই আনিম আৰু যিসকলে কুফৰী কৰে সিহঁতৰ পৰা তোমাক পৱিত্ৰ কৰিম আৰু তোমাৰ অনুসাৰীসকলক কিয়ামত পৰ্যন্ত কাফিৰসকলৰ ওপৰত প্ৰাধান্য দিম, তাৰ পিছত মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন’। তোমালোকৰ মাজত যি বিষয়ে মতানৈক্য হৈছে মই তোমালোকৰ মাজত তাৰ মীমাংসা কৰি দিম।
.
৩৯:৪২
اللَّهُ يَتَوَفَّى الْأَنْفُسَ حِينَ مَوْتِهَا وَالَّتِي لَمْ تَمُتْ فِي مَنَامِهَا ۖ فَيُمْسِكُ الَّتِي قَضَىٰ عَلَيْهَا الْمَوْتَ وَيُرْسِلُ الْأُخْرَىٰ إِلَىٰ أَجَلٍ مُسَمًّى ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَتَفَكَّرُونَ
আল্লাহেই জীৱসমূহৰ প্ৰাণ হৰণ কৰে সিহঁতৰ মৃত্যুৰ সময়ত আৰু যিসকলে মৃত্যুবৰণ কৰা নাই সিহঁতৰো (প্ৰাণ হৰণ কৰে) নিদ্ৰা অৱস্থাত। তাৰ পিছত তেওঁ যাৰ বাবে মৃত্যুৰ সিদ্ধান্ত কৰে তাৰ প্ৰাণ তেওঁ ৰাখি দিয়ে আৰু আনবোৰক এৰি দিয়ে, এটা নিৰ্দিষ্ট সময়লৈকে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে গৱেষণা কৰে।
.
১৩:১০
سَوَاءٌ مِنْكُمْ مَنْ أَسَرَّ الْقَوْلَ وَمَنْ جَهَرَ بِهِ وَمَنْ هُوَ مُسْتَخْفٍ بِاللَّيْلِ وَسَارِبٌ بِالنَّهَارِ
তোমালোকৰ মাজত যিয়ে কথা গোপন কৰে অথবা যিয়ে কথা প্ৰকাশ কৰে, ৰাতিত যিয়ে আত্মগোপন কৰে আৰু দিনত যিয়ে প্ৰকাশ্যৰূপে বিচৰণ কৰে, সিহঁত সকলোৱে আল্লাহৰ ওচৰত সমান।
.
২৮:৭৩
وَمِنْ رَحْمَتِهِ جَعَلَ لَكُمُ اللَّيْلَ وَالنَّهَارَ لِتَسْكُنُوا فِيهِ وَلِتَبْتَغُوا مِنْ فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ
তেৱেঁই নিজ অনুগ্ৰহত তোমালোকৰ বাবে ৰাতি আৰু দিন বনাইছে, যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা আৰু তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।
.
৭৮:১০-১১
وَجَعَلْنَا اللَّيْلَ لِبَاسًا
আৰু ৰাতিক কৰি দিছো আৱৰণ।
৭৮:১১
وَجَعَلْنَا النَّهَارَ مَعَاشًا
আৰু দিনক কৰি দিছো জীৱিকা উপাৰ্জনৰ সময়।
....ooo....raf...
Comments
Post a Comment