6:52 reference: Assamese translation
6:52 reference:
10/15, 11/113, 17/74, 68/9).
***
(11/27-30, 26/111-114, 18/28, 80/1-11)(pz).
.
১০:১৫
وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ ۙ قَالَ الَّذِينَ لَا يَرْجُونَ لِقَاءَنَا ائْتِ بِقُرْآنٍ غَيْرِ هَٰذَا أَوْ بَدِّلْهُ ۚ قُلْ مَا يَكُونُ لِي أَنْ أُبَدِّلَهُ مِنْ تِلْقَاءِ نَفْسِي ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰ إِلَيَّ ۖ إِنِّي أَخَافُ إِنْ عَصَيْتُ رَبِّي عَذَابَ يَوْمٍ عَظِيمٍ
আৰু যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ সিহঁতৰ ওচৰত পাঠ কৰা হয়, তেতিয়া যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতে কয়, ‘ইয়াৰ বাহিৰে আন এখন কোৰআন লৈ আহা, অথবা ইয়াকে পৰিবৰ্তন কৰা’। কোৱা, ‘মোৰ নিজৰ ফালৰ পৰা ইয়াত সাল-সলনি কৰা মোৰ কাম নহয়। মোৰ প্ৰতি যি অহী প্ৰেৰণ কৰা হয় মই কেৱল সেইটোৰহে অনুসৰণ কৰো। নিশ্চয় মই মহা দিৱসৰ শাস্তিৰ পৰা ভয় কৰো যদি মই মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰো’।
.
১১:১১৩
وَلَا تَرْكَنُوا إِلَى الَّذِينَ ظَلَمُوا فَتَمَسَّكُمُ النَّارُ وَمَا لَكُمْ مِنْ دُونِ اللَّهِ مِنْ أَوْلِيَاءَ ثُمَّ لَا تُنْصَرُونَ
আৰু যিসকলে অন্যায় কৰিছে সিহঁতৰ প্ৰতি তোমালোকে ঢাল নাখাবা; এনে কৰিলে তোমালোকক জুয়ে স্পৰ্শ কৰিব। তেনে অৱস্থাত আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো সহায়ক নাথাকিব। ফলত তোমালোকক কোনো সহায় কৰা নহ’ব।
.
১৭:৭৪
وَلَوْلَا أَنْ ثَبَّتْنَاكَ لَقَدْ كِدْتَ تَرْكَنُ إِلَيْهِمْ شَيْئًا قَلِيلًا
আৰু আমি তোমাক অবিচলিত নাৰাখিলে তুমি অৱশ্যে সিহঁতৰ ফালে প্ৰায় কিঞ্চিত ঢাল খালাইহেঁতেন;
.
৬৮:৯
وَدُّوا لَوْ تُدْهِنُ فَيُدْهِنُونَ
সিহঁতে কামনা কৰে যে, তুমি আপোষকামী হোৱা, তেন্তে সিহঁতেও আপোষকামী হ'ব।
***
১১:২৭-৩০
فَقَالَ الْمَلَأُ الَّذِينَ كَفَرُوا مِنْ قَوْمِهِ مَا نَرَاكَ إِلَّا بَشَرًا مِثْلَنَا وَمَا نَرَاكَ اتَّبَعَكَ إِلَّا الَّذِينَ هُمْ أَرَاذِلُنَا بَادِيَ الرَّأْيِ وَمَا نَرَىٰ لَكُمْ عَلَيْنَا مِنْ فَضْلٍ بَلْ نَظُنُّكُمْ كَاذِبِينَ
তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছো, লগতে আমি দেখি আছো তোমাক কেৱল সেইসকল লোকেই অনুসৰণ কৰে যিসকল আমাৰ মাজত বাহ্যিক দৃষ্টিতেই অধম আৰু আমি আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব দেখা পোৱা নাই, বৰং আমি তোমালোকক মিছলীয়া বুলি ভাৱো’।
১১:২৮
قَالَ يَا قَوْمِ أَرَأَيْتُمْ إِنْ كُنْتُ عَلَىٰ بَيِّنَةٍ مِنْ رَبِّي وَآتَانِي رَحْمَةً مِنْ عِنْدِهِ فَعُمِّيَتْ عَلَيْكُمْ أَنُلْزِمُكُمُوهَا وَأَنْتُمْ لَهَا كَارِهُونَ
তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণত প্ৰতিষ্ঠিত থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ দান কৰি থাকে, আৰু সেয়া তোমালোকৰ ওচৰত গোপন ৰখা হয়, তেন্তে মই তোমালোকৰ ওপৰত তোমালোকে অপছন্দ কৰা সত্বেও সেয়া জাপি দিব পাৰো নে’?
১১:২৯
وَيَا قَوْمِ لَا أَسْأَلُكُمْ عَلَيْهِ مَالًا ۖ إِنْ أَجْرِيَ إِلَّا عَلَى اللَّهِ ۚ وَمَا أَنَا بِطَارِدِ الَّذِينَ آمَنُوا ۚ إِنَّهُمْ مُلَاقُو رَبِّهِمْ وَلَٰكِنِّي أَرَاكُمْ قَوْمًا تَجْهَلُونَ
‘হে মোৰ সম্প্ৰদায়! ইয়াৰ পৰিবৰ্তে মই তোমালোকৰ ওচৰত কোনো ধন-সম্পদ নিবিচাৰো। মোৰ প্ৰতিদান কেৱল আল্লাহৰ ওচৰত। যিসকলে ঈমান আনিছে তেওঁলোকক খেদি দিয়াটোও মোৰ কাম নহয়; তেওঁলোকে নিশ্চিতভাৱে নিজ প্ৰতিপালকক সাক্ষাৎ কৰিব। কিন্তু মোৰ দৃষ্টিত তোমালোক এটা অজ্ঞ সম্প্ৰদায়’।
১১:৩০
وَيَا قَوْمِ مَنْ يَنْصُرُنِي مِنَ اللَّهِ إِنْ طَرَدْتُهُمْ ۚ أَفَلَا تَذَكَّرُونَ
‘হে মোৰ সম্প্ৰদায়! মই যদি তেওঁলোকক খেদি দিওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে সহায় কৰিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
.
(+26/111-114, 18/28, 80/1-11).
...oo...comp..raf...
Comments
Post a Comment