6:124-Verse references

২৫:২১
۞ وَقَالَ الَّذِينَ لَا يَرْجُونَ لِقَاءَنَا لَوْلَا أُنْزِلَ عَلَيْنَا الْمَلَائِكَةُ أَوْ نَرَىٰ رَبَّنَا ۗ لَقَدِ اسْتَكْبَرُوا فِي أَنْفُسِهِمْ وَعَتَوْا عُتُوًّا كَبِيرًا
আৰু যিসকলে আমাৰ সাক্ষাতৰ প্ৰত্যাশা নকৰে সিহঁতে কয়, ‘আমাৰ ওচৰত ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহয়, অথবা আমি আমাৰ প্ৰতিপালকক দেখা নাপাওঁ কিয়’? অৱশ্যে সিহঁতে সিহঁতৰ অন্তৰত অহংকাৰ পোষণ কৰিছে আৰু সিহঁতে জঘন্যভাৱে সীমালংঘন কৰিছে।
.
৪৩:৩১-৩২
وَقَالُوا لَوْلَا نُزِّلَ هَٰذَا الْقُرْآنُ عَلَىٰ رَجُلٍ مِنَ الْقَرْيَتَيْنِ عَظِيمٍ
সিহঁতে আৰু ক’লে, ‘এই কোৰআন দুয়ো জনপদৰ কোনো এজন মহান ব্যক্তিৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল’?
৪৩:৩২
أَهُمْ يَقْسِمُونَ رَحْمَتَ رَبِّكَ ۚ نَحْنُ قَسَمْنَا بَيْنَهُمْ مَعِيشَتَهُمْ فِي الْحَيَاةِ الدُّنْيَا ۚ وَرَفَعْنَا بَعْضَهُمْ فَوْقَ بَعْضٍ دَرَجَاتٍ لِيَتَّخِذَ بَعْضُهُمْ بَعْضًا سُخْرِيًّا ۗ وَرَحْمَتُ رَبِّكَ خَيْرٌ مِمَّا يَجْمَعُونَ
সিহঁতে তোমাৰ প্ৰতিপালকৰ ৰহমত ভাগ-বন্টন কৰে নেকি? আমিহে পাৰ্থিৱ জীৱনত সিহঁতৰ মাজত সিহঁতৰ জীৱিকা বন্টন কৰি দিওঁ আৰু সিহঁতৰ ইজনক সিজনৰ ওপৰত মৰ্যাদাত উন্নীত কৰি দিওঁ যাতে ইজনে সিজনক অধীনস্থ হিচাপে গ্ৰহণ কৰিব পাৰে; (জানি থোৱা) সিহঁতে যি সঞ্চয় কৰে, তোমাৰ প্ৰতিপালকৰ ৰহমত তাতোকৈ উৎকৃষ্ট।
.
২৫:৪১
وَإِذَا رَأَوْكَ إِنْ يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَٰذَا الَّذِي بَعَثَ اللَّهُ رَسُولًا
আৰু সিহঁতে যেতিয়া তোমাক দেখে, তেতিয়া সিহঁতে তোমাক কেৱল হাঁহিয়াতৰ পাত্ৰৰূপেহে গণ্য কৰে, কয়, ‘এওঁৱেই নেকি সেইজন, যাক আল্লাহে ৰাছুল কৰি পঠাইছে’?
২১:৩৬
وَإِذَا رَآكَ الَّذِينَ كَفَرُوا إِنْ يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَٰذَا الَّذِي يَذْكُرُ آلِهَتَكُمْ وَهُمْ بِذِكْرِ الرَّحْمَٰنِ هُمْ كَافِرُونَ
আৰু যিসকলে কুফৰী কৰে সিহঁতে যেতিয়া তোমাক দেখে তেতিয়া সিহঁতে কেৱল তোমাক উপহাসৰ পাত্ৰ হিচাপেহে গ্ৰহণ কৰে। সিহঁতে কয়, ‘এওঁৱেই সেইজন নেকি, যিয়ে তোমালোকৰ উপাস্যবোৰক লৈ সমালোচনা কৰে’?, অথচ সিহঁতেই ৰহমানৰ আলোচনাৰ বিৰোধিতা কৰে।
.
২১:৪১
وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِنْ قَبْلِكَ فَحَاقَ بِالَّذِينَ سَخِرُوا مِنْهُمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ
তোমাৰ পূৰ্বেও বহু ৰাছুলৰ লগত ঠাট্টা-বিদ্ৰূপ কৰা হৈছিল, পৰিণামত সিহঁতে যি বিষয়ে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰি লৈছিল।
.
৪০:৬০
وَقَالَ رَبُّكُمُ ادْعُونِي أَسْتَجِبْ لَكُمْ ۚ إِنَّ الَّذِينَ يَسْتَكْبِرُونَ عَنْ عِبَادَتِي سَيَدْخُلُونَ جَهَنَّمَ دَاخِرِينَ
আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।
.
Compd.raf.

Comments

Popular posts from this blog

War and Peace

2:6-Note

3:158