5:51-reference verses:
5:51-reference verses:
3:113; 3:199: 5:69). Eating their food or marriage with them is permitted (5:5). Verses 5:57 and 60:7-8
.
৩:১১৩
۞ لَيْسُوا سَوَاءً ۗ مِنْ أَهْلِ الْكِتَابِ أُمَّةٌ قَائِمَةٌ يَتْلُونَ آيَاتِ اللَّهِ آنَاءَ اللَّيْلِ وَهُمْ يَسْجُدُونَ
সিহঁত সকলো সমান নহয়। কিতাবীসকলৰ মাজত অবিচলিত এটা দল আছে; সিহঁতে ৰাতি আল্লাহৰ আয়াতসমূহ তিলাৱাত কৰে আৰু সিহঁতে ছাজদা কৰে।
.
৩:১৯৯
وَإِنَّ مِنْ أَهْلِ الْكِتَابِ لَمَنْ يُؤْمِنُ بِاللَّهِ وَمَا أُنْزِلَ إِلَيْكُمْ وَمَا أُنْزِلَ إِلَيْهِمْ خَاشِعِينَ لِلَّهِ لَا يَشْتَرُونَ بِآيَاتِ اللَّهِ ثَمَنًا قَلِيلًا ۗ أُولَٰئِكَ لَهُمْ أَجْرُهُمْ عِنْدَ رَبِّهِمْ ۗ إِنَّ اللَّهَ سَرِيعُ الْحِسَابِ
আৰু নিশ্চয় কিতাবীসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে আল্লাহৰ বিনয়াবনত হৈ তেওঁৰ প্ৰতি ঈমান পোষণ কৰে আৰু তেওঁ যি তোমালোকৰ আৰু তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতিও ঈমান আনে। তেওঁলোকে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী নকৰে। এওঁলোকৰ বাবেই আছে আল্লাহৰ ওচৰত পুৰস্কাৰ। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
.
৫:৬৯
إِنَّ الَّذِينَ آمَنُوا وَالَّذِينَ هَادُوا وَالصَّابِئُونَ وَالنَّصَارَىٰ مَنْ آمَنَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَعَمِلَ صَالِحًا فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
নিশ্চয় যিসকলে ঈমান আনিছে, আৰু যিসকল ইয়াহুদী আৰু ছাবেয়ী লগতে নাছাৰাসকলৰ মাজত যিসকলে আল্লাহ আৰু শেষ দিৱসৰ ওপৰত ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।
.
৫:৫
الْيَوْمَ أُحِلَّ لَكُمُ الطَّيِّبَاتُ ۖ وَطَعَامُ الَّذِينَ أُوتُوا الْكِتَابَ حِلٌّ لَكُمْ وَطَعَامُكُمْ حِلٌّ لَهُمْ ۖ وَالْمُحْصَنَاتُ مِنَ الْمُؤْمِنَاتِ وَالْمُحْصَنَاتُ مِنَ الَّذِينَ أُوتُوا الْكِتَابَ مِنْ قَبْلِكُمْ إِذَا آتَيْتُمُوهُنَّ أُجُورَهُنَّ مُحْصِنِينَ غَيْرَ مُسَافِحِينَ وَلَا مُتَّخِذِي أَخْدَانٍ ۗ وَمَنْ يَكْفُرْ بِالْإِيمَانِ فَقَدْ حَبِطَ عَمَلُهُ وَهُوَ فِي الْآخِرَةِ مِنَ الْخَاسِرِينَ
আজি তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হ’ল আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ খাদ্যদ্ৰব্যও তোমালোকৰ বাবে হালাল কৰা হৈছে আৰু তোমালোকৰ খাদ্যদ্ৰব্য সিহঁতৰ বাবে হালাল কৰা হৈছে। মুমিনা সচ্চৰিত্ৰা নাৰী আৰু তোমালোকৰ আগত যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ সচ্চৰিত্ৰা নাৰীসকলক তোমালোকৰ বাবে বৈধ কৰা হৈছে যদিহে তোমালোকে বিবাহৰ বাবত মোহৰ প্ৰদান কৰা, প্ৰকাশ্যে ব্যভিচাৰ বা গোপন যৌনসঙ্গিনী হিচাপে নহয়। আৰু যিয়ে ঈমানৰ সৈতে কুফৰী কৰিব নিশ্চয় তাৰ আমল নিষ্ফল হ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।
.
৫:৫৭
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَتَّخِذُوا الَّذِينَ اتَّخَذُوا دِينَكُمْ هُزُوًا وَلَعِبًا مِنَ الَّذِينَ أُوتُوا الْكِتَابَ مِنْ قَبْلِكُمْ وَالْكُفَّارَ أَوْلِيَاءَ ۚ وَاتَّقُوا اللَّهَ إِنْ كُنْتُمْ مُؤْمِنِينَ
হে মুমিনসকল! তোমালোকৰ পূৰ্বে যিসকলক কিতাব দিয়া হৈছে সিহঁতৰ মাজত যিসকলে তোমালোকৰ দ্বীনক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে সিহঁতক আৰু কাফিৰসকলক তোমালোকে বন্ধুৰূপে গ্ৰহণ নকৰিবা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যদি তোমালোকে প্ৰকৃত মুমিন।
.
৬০:৭
۞ عَسَى اللَّهُ أَنْ يَجْعَلَ بَيْنَكُمْ وَبَيْنَ الَّذِينَ عَادَيْتُمْ مِنْهُمْ مَوَدَّةً ۚ وَاللَّهُ قَدِيرٌ ۚ وَاللَّهُ غَفُورٌ رَحِيمٌ
যিসকলৰ লগত তোমালোকৰ শত্ৰুতা আছে সম্ভৱত আল্লাহে সিহঁতৰ আৰু তোমালোকৰ মাজত বন্ধুত্ব সৃষ্টি কৰি দিব; আৰু আল্লাহ ক্ষমতাৱান: আৰু আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।
.
৬০:৮
لَا يَنْهَاكُمُ اللَّهُ عَنِ الَّذِينَ لَمْ يُقَاتِلُوكُمْ فِي الدِّينِ وَلَمْ يُخْرِجُوكُمْ مِنْ دِيَارِكُمْ أَنْ تَبَرُّوهُمْ وَتُقْسِطُوا إِلَيْهِمْ ۚ إِنَّ اللَّهَ يُحِبُّ الْمُقْسِطِينَ
দ্বীনৰ বিষয়ে যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাই আৰু তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰো কৰা নাই, সিহঁতৰ প্ৰতি মহানুভৱতা দেখুৱাবলৈ আৰু ন্যায়বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ নকৰে। নিশ্চয় আল্লাহে ন্যায়পৰায়ণসকলক ভালপায়।
.
Arranged,raf
Comments
Post a Comment