Note:4:82-Challenge of Quran

2:23-24; 10:38; 11:13; 17:88-89
২:২৩-২৪
وَإِنْ كُنْتُمْ فِي رَيْبٍ مِمَّا نَزَّلْنَا عَلَىٰ عَبْدِنَا فَأْتُوا بِسُورَةٍ مِنْ مِثْلِهِ وَادْعُوا شُهَدَاءَكُمْ مِنْ دُونِ اللَّهِ إِنْ كُنْتُمْ صَادِقِينَ
আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছো তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা যদিহে তোমালোকে সত্যবাদী হোৱা।
২:২৪
فَإِنْ لَمْ تَفْعَلُوا وَلَنْ تَفْعَلُوا فَاتَّقُوا النَّارَ الَّتِي وَقُودُهَا النَّاسُ وَالْحِجَارَةُ ۖ أُعِدَّتْ لِلْكَافِرِينَ
এতেকে যদি তোমালোকে এনে নকৰা- আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা , তেনেহ’লে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে।
।।।।
১০:৩৮
أَمْ يَقُولُونَ افْتَرَاهُ ۖ قُلْ فَأْتُوا بِسُورَةٍ مِثْلِهِ وَادْعُوا مَنِ اسْتَطَعْتُمْ مِنْ دُونِ اللَّهِ إِنْ كُنْتُمْ صَادِقِينَ
সিহঁতে এইটো কয় নেকি যে, ‘তেওঁ নিজেই এইটো ৰচনা কৰিছে’? কোৱা, ‘তেন্তে তোমালোকে ইয়াৰ অনুৰূপ এটা ছুৰা লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা মাতি লোৱা, যদি তোমালোকে সত্যবাদী হোৱা’।
।।।।
১১:১৩
أَمْ يَقُولُونَ افْتَرَاهُ ۖ قُلْ فَأْتُوا بِعَشْرِ سُوَرٍ مِثْلِهِ مُفْتَرَيَاتٍ وَادْعُوا مَنِ اسْتَطَعْتُمْ مِنْ دُونِ اللَّهِ إِنْ كُنْتُمْ صَادِقِينَ
নে সিহঁতে এইটো কয় যে, ‘তেওঁ এইটো নিজেই ৰচনা কৰিছে’? কোৱা, ‘তোমালোকে যদি (তোমালোকৰ দাবীত) সত্যবাদী হোৱা তেন্তে তোমালোকে ইয়াৰ দৰে দহটা ছুৰা ৰচনা কৰি লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা (এই বিষয়ে সহযোগৰ বাবে) মাতি লোৱা’।
।।।।
১৭:৮৮-৮৯
قُلْ لَئِنِ اجْتَمَعَتِ الْإِنْسُ وَالْجِنُّ عَلَىٰ أَنْ يَأْتُوا بِمِثْلِ هَٰذَا الْقُرْآنِ لَا يَأْتُونَ بِمِثْلِهِ وَلَوْ كَانَ بَعْضُهُمْ لِبَعْضٍ ظَهِيرًا
কোৱা, ‘যদি এই কোৰআনৰ অনুৰূপ কোৰআন আনিবলৈ মানুহ আৰু জিন সমবেত হয় তথাপিও ইয়াৰ অনুৰূপ আনিব নোৱাৰিব যদিও সিহঁতে পৰস্পৰে পৰস্পৰক সহায় কৰে’।
১৭:৮৯
وَلَقَدْ صَرَّفْنَا لِلنَّاسِ فِي هَٰذَا الْقُرْآنِ مِنْ كُلِّ مَثَلٍ فَأَبَىٰ أَكْثَرُ النَّاسِ إِلَّا كُفُورًا
আৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে বিভিন্ন উপমা বিশদভাৱে বৰ্ণনা কৰিছো; কিন্তু অধিকাংশ মানুহে কুফৰী নকৰি ক্ষান্ত হোৱা নাই।
।।।।
-done.raf-

Comments

Popular posts from this blog

War and Peace

2:6-Note

3:158