4:79 note
Everything is under God's control (4:78; 8:17) and bad things happen to us because of our wrong choices (42:30; 64:11). For instance, one may harm himself by putting his hand in the fire, and the harm is invited by his action. However, since the fire operates and burns according to God's law, it is from God. It is noteworthy that the word indi (side) in verse 4:78, which indicates intervening causes, does not exist in verse 4:79. In the former the indirectness of the relationship and, in the latter, the directness of the relationship is implied. Also, see 57:22(edip).
.
৪:৭৮
أَيْنَمَا تَكُونُوا يُدْرِكْكُمُ الْمَوْتُ وَلَوْ كُنْتُمْ فِي بُرُوجٍ مُشَيَّدَةٍ ۗ وَإِنْ تُصِبْهُمْ حَسَنَةٌ يَقُولُوا هَٰذِهِ مِنْ عِنْدِ اللَّهِ ۖ وَإِنْ تُصِبْهُمْ سَيِّئَةٌ يَقُولُوا هَٰذِهِ مِنْ عِنْدِكَ ۚ قُلْ كُلٌّ مِنْ عِنْدِ اللَّهِ ۖ فَمَالِ هَٰؤُلَاءِ الْقَوْمِ لَا يَكَادُونَ يَفْقَهُونَ حَدِيثًا
তোমালোক য’তেই নাথাকা কিয় মৃত্যুৱে তোমালোকক লগ পাবই, যদিও তোমালোকে সুউচ্চ সুদৃঢ় দুৰ্গত অৱস্থান নকৰা কিয়। যদি সিহঁতৰ কোনো কল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা আহিছে’, আৰু যদি সিহঁতৰ কোনো অকল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো তোমাৰ কাৰণে হৈছে’। কোৱা, ‘সকলো আল্লাহৰ তৰফৰ পৰা হয়’। এই সম্প্ৰদায়ৰ কি হ’ল যে, ইহঁতে একেবাৰেই কোনো কথা নুবুজে!
.
৮:১৭
فَلَمْ تَقْتُلُوهُمْ وَلَٰكِنَّ اللَّهَ قَتَلَهُمْ ۚ وَمَا رَمَيْتَ إِذْ رَمَيْتَ وَلَٰكِنَّ اللَّهَ رَمَىٰ ۚ وَلِيُبْلِيَ الْمُؤْمِنِينَ مِنْهُ بَلَاءً حَسَنًا ۚ إِنَّ اللَّهَ سَمِيعٌ عَلِيمٌ
এতেকে তোমালোকে সিহঁতক হত্যা কৰা নাছিলা বৰং আল্লাহেই সিহঁতক হত্যা কৰিছিল। যেতিয়া তুমি নিক্ষেপ কৰিছিলা তেতিয়া তুমি নিক্ষেপ কৰা নাছিলা বৰং আল্লাহেই নিক্ষেপ কৰিছিল, আৰু এইটো মুমিনসকলক আল্লাহৰ তৰফৰ পৰা উত্তমৰূপে পৰীক্ষাৰ (মাধ্যমত উচ্চ মৰ্যাদাত উপনীত কৰাৰ) বাবে, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
.
৪২:৩০
وَمَا أَصَابَكُمْ مِنْ مُصِيبَةٍ فَبِمَا كَسَبَتْ أَيْدِيكُمْ وَيَعْفُو عَنْ كَثِيرٍ
আৰু তোমালোকৰ প্ৰতি যি বিপদ-আপদ আপতিত হয় সেয়া তোমালোকৰেই কৃতকৰ্মৰ পৰিণাম আৰু বহুতো অপৰাধ তেওঁ ক্ষমা কৰি দিয়ে।
.
৬৪:১১
مَا أَصَابَ مِنْ مُصِيبَةٍ إِلَّا بِإِذْنِ اللَّهِ ۗ وَمَنْ يُؤْمِنْ بِاللَّهِ يَهْدِ قَلْبَهُ ۚ وَاللَّهُ بِكُلِّ شَيْءٍ عَلِيمٌ
আল্লাহৰ অনুমতিবিহীন কোনো বিপদেই আপতিত নহয়। যিয়ে আল্লাহক বিশ্বাস কৰে তেওঁ তাৰ অন্তৰক সৎপথত পৰিচালিত কৰে। আল্লাহ সকলো বিষয়ে সম্যক অৱগত।
.
৪:৭৯
مَا أَصَابَكَ مِنْ حَسَنَةٍ فَمِنَ اللَّهِ ۖ وَمَا أَصَابَكَ مِنْ سَيِّئَةٍ فَمِنْ نَفْسِكَ ۚ وَأَرْسَلْنَاكَ لِلنَّاسِ رَسُولًا ۚ وَكَفَىٰ بِاللَّهِ شَهِيدًا
তোমাৰ ওচৰত যি কল্যাণ আহে সেয়া আল্লাহৰ তৰফৰ পৰা আহে, আৰু তোমাৰ যি অকল্যাণ হয় সেয়া তোমাৰ নিজৰ কাৰণে হয় আৰু আমি তোমাক মানুহৰ বাবে ৰাছুলস্বৰূপে প্ৰেৰণ কৰিছো; সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।
.
৫৭:২২
مَا أَصَابَ مِنْ مُصِيبَةٍ فِي الْأَرْضِ وَلَا فِي أَنْفُسِكُمْ إِلَّا فِي كِتَابٍ مِنْ قَبْلِ أَنْ نَبْرَأَهَا ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ
পৃথিৱীত আৰু তোমালোকৰ ওপৰত আপতিত হোৱা এনে কোনো বিপদ-আপদ নাই যিটো আমি সেয়া সংঘটিত হোৱাৰ আগতে এখন কিতাবত লিপিবদ্ধ কৰি ৰখা নাই। নিশ্চয় আল্লাহৰ পক্ষে এয়া অতি সহজ।
....ooo....raf.
Comments
Post a Comment