Saitan is a Kafir

2:34, 4:51,4:60, 7:11, 15:30, 17:62, 18:50, 
20:116, 38:74
.
২:৩৪
وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ أَبَىٰ وَاسْتَكْبَرَ وَكَانَ مِنَ الْكَافِرِينَ
আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লো, তোমালোকে আদমক ছাজদা কৰা । তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে ছাজদা কৰিলে। সি অস্বীকাৰ কৰিলে আৰু অহংকাৰ কৰিলে । আৰু সি কাফিৰসকলৰ অন্তৰ্ভুক্ত হ’ল।
.
৪:৫১
أَلَمْ تَرَ إِلَى الَّذِينَ أُوتُوا نَصِيبًا مِنَ الْكِتَابِ يُؤْمِنُونَ بِالْجِبْتِ وَالطَّاغُوتِ وَيَقُولُونَ لِلَّذِينَ كَفَرُوا هَٰؤُلَاءِ أَهْدَىٰ مِنَ الَّذِينَ آمَنُوا سَبِيلًا
তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে জিব`ত আৰু তাগুতক বিশ্বাস কৰে, সিহঁতে কাফিৰসকলৰ বিষয়ে কয়, ‘এওঁলোকেই মুমিনসকলতকৈ অধিক সঠিক পথপ্ৰাপ্ত’।
.
৪:৬০
أَلَمْ تَرَ إِلَى الَّذِينَ يَزْعُمُونَ أَنَّهُمْ آمَنُوا بِمَا أُنْزِلَ إِلَيْكَ وَمَا أُنْزِلَ مِنْ قَبْلِكَ يُرِيدُونَ أَنْ يَتَحَاكَمُوا إِلَى الطَّاغُوتِ وَقَدْ أُمِرُوا أَنْ يَكْفُرُوا بِهِ وَيُرِيدُ الشَّيْطَانُ أَنْ يُضِلَّهُمْ ضَلَالًا بَعِيدًا
তুমি সিহঁতক দেখা নাইনে? যিসকলে দাবী কৰে যে, তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে তাত সিহঁতে ঈমান আনিছে, অথচ সিহঁতে তাগুতৰ ওচৰত বিচাৰপ্ৰাৰ্থী হ’ব বিচাৰে, যদিও সেইটোক প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতক নিৰ্দেশ দিয়া হৈছিল; আৰু চয়তানে সিহঁতক ভীষণভাৱে পথভ্ৰষ্ট কৰিব বিচাৰে।
.
৭:১১
وَلَقَدْ خَلَقْنَاكُمْ ثُمَّ صَوَّرْنَاكُمْ ثُمَّ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ لَمْ يَكُنْ مِنَ السَّاجِدِينَ
আৰু নিশ্চয় আমি তোমালোকক সৃষ্টি কৰিছো, তাৰ পিছত আমি তোমালোকক আকৃতি প্ৰদান কৰিছো, তাৰ পিছত আমি ফিৰিস্তাসকলক কৈছো, ‘আদমক ছাজদা কৰা’। ফলত ইবলীছৰ বাহিৰে সকলোৱে ছাজদা কৰিলে, সি ছাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’ল।
.
১৫:৩০
فَسَجَدَ الْمَلَائِكَةُ كُلُّهُمْ أَجْمَعُونَ
তাৰ পিছত ফিৰিস্তাসকলৰ সকলোৱে একেলগে ছাজদাহ কৰিলে,
.
১৭:৬২
قَالَ أَرَأَيْتَكَ هَٰذَا الَّذِي كَرَّمْتَ عَلَيَّ لَئِنْ أَخَّرْتَنِ إِلَىٰ يَوْمِ الْقِيَامَةِ لَأَحْتَنِكَنَّ ذُرِّيَّتَهُ إِلَّا قَلِيلًا
সি (আৰু) কৈছিল, ‘চোৱাচোন! এইজন যাক তুমি মোৰ ওপৰত মৰ্যাদা দান কৰিলা, কিয়ামতৰ দিনলৈকে যদি তুমি মোক অৱকাশ দিয়া, তেনেহ’লে শপত কৰি কৈছো, মই কিছু সংখ্যকৰ বাহিৰে ইয়াৰ গোটেই বংশধৰক অৱশ্যে মোৰ কৰ্তৃত্বাধীন কৰি পেলাম’।
.
১৮:৫০
وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ كَانَ مِنَ الْجِنِّ فَفَسَقَ عَنْ أَمْرِ رَبِّهِ ۗ أَفَتَتَّخِذُونَهُ وَذُرِّيَّتَهُ أَوْلِيَاءَ مِنْ دُونِي وَهُمْ لَكُمْ عَدُوٌّ ۚ بِئْسَ لِلظَّالِمِينَ بَدَلًا
আৰু স্মৰণ কৰা, আমি যেতিয়া ফিৰিস্তাসকলক কৈছিলো, ‘আদমৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে, সি আছিল জিনসকলৰ বংশধৰ, সি তাৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে। তেন্তে তোমালোকে মোৰ পৰিবৰ্তে তাক আৰু তাৰ বংশধৰসকলক অভিভাৱকৰূপে গ্ৰহণ কৰিবা নেকি? অথচ সিহঁত তোমালোকৰ শত্ৰু। যালিমসকলৰ এই বিনিময় কিমান যে নিকৃষ্ট!
.
২০:১১৬
وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ أَبَىٰ
আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লো, ‘তোমালোকে আদমৰ প্ৰতি ছাজদাহ কৰা, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে; সি অমান্য কৰিলে।
.
৩৮:৭৪
إِلَّا إِبْلِيسَ اسْتَكْبَرَ وَكَانَ مِنَ الْكَافِرِينَ
কেৱল ইবলীছৰ বাহিৰে, সি অহংকাৰ কৰিলে আৰু কাফিৰবিলাকৰ অন্তৰ্ভুক্ত হ’ল।
.
compiled,syedraf, Nazvilla,15.11.2021.
....ooo....

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.