2:255:-reference

2:255:-reference.
.
2:48, 2:123, 4:85, 6:51, 6:70, 10:3, 19:87, 
20:109, 21:28, 32:4, 34:23, 39:44, 43:86, 
74:48.
.
২:৪৮
وَاتَّقُوا يَوْمًا لَا تَجْزِي نَفْسٌ عَنْ نَفْسٍ شَيْئًا وَلَا يُقْبَلُ مِنْهَا شَفَاعَةٌ وَلَا يُؤْخَذُ مِنْهَا عَدْلٌ وَلَا هُمْ يُنْصَرُونَ
আৰু তোমালোকে সেইদিনটোক ভয় কৰা যিদিনা কোনোৱেই কাৰো কামত নাহিব । আৰু কাৰো ছুপাৰিছ গ্ৰহণ কৰা নহ’ব  লগতে কাৰো পৰা কোনো বিনিময় লোৱাও নহ’ব, আৰু সিহঁত সহায়প্ৰাপ্তও নহ’ব।
.
২:১২৩
وَاتَّقُوا يَوْمًا لَا تَجْزِي نَفْسٌ عَنْ نَفْسٍ شَيْئًا وَلَا يُقْبَلُ مِنْهَا عَدْلٌ وَلَا تَنْفَعُهَا شَفَاعَةٌ وَلَا هُمْ يُنْصَرُونَ
আৰু তোমালোকে ভয় কৰা সেই দিনটোক, যিদিনা কোনোৱেই কাৰো কামত নাহিব আৰু কোনো ব্যক্তিৰ পৰা বিনিময় গ্ৰহণ কৰা নহ’ব আৰু কোনো ছুপাৰিছও তাৰ কোনো উপকাৰত নাহিব আৰু সিহঁত সহায়প্ৰাপ্তও নহ’ব।
.
৪:৮৫
مَنْ يَشْفَعْ شَفَاعَةً حَسَنَةً يَكُنْ لَهُ نَصِيبٌ مِنْهَا ۖ وَمَنْ يَشْفَعْ شَفَاعَةً سَيِّئَةً يَكُنْ لَهُ كِفْلٌ مِنْهَا ۗ وَكَانَ اللَّهُ عَلَىٰ كُلِّ شَيْءٍ مُقِيتًا
যিয়ে ভাল কামৰ বাবে ছুপাৰিছ কৰিব তাৰ বাবে তাত এটা অংশ থাকিব আৰু যিয়ে বেয়া কামৰ বাবে ছুপাৰিছ কৰিব তাৰ বাবেও তাত এটা অংশ থাকিব। আৰু আল্লাহ প্ৰতিটো বস্তুৰ সংৰক্ষণকাৰী।
.
৬:৫১
وَأَنْذِرْ بِهِ الَّذِينَ يَخَافُونَ أَنْ يُحْشَرُوا إِلَىٰ رَبِّهِمْ ۙ لَيْسَ لَهُمْ مِنْ دُونِهِ وَلِيٌّ وَلَا شَفِيعٌ لَعَلَّهُمْ يَتَّقُونَ
আৰু ইয়াৰ দ্বাৰা তুমি সিহঁতক সতৰ্ক কৰা, যিসকলে ভয় কৰে যে, সিহঁতক সিহঁতৰ প্ৰতিপালকৰ ওচৰত একত্ৰিত কৰা হ’ব এনেকুৱা অৱস্থাত যে, তেওঁৰ বাহিৰে সিহঁতৰ বাবে কোনো অভিভাৱক আৰু কোনো ছুপাৰিছকাৰী নাথাকিব। যাতে সিহঁতে তাক্বৱাৰ অধিকাৰী হয়।
.
৬:৭০
وَذَرِ الَّذِينَ اتَّخَذُوا دِينَهُمْ لَعِبًا وَلَهْوًا وَغَرَّتْهُمُ الْحَيَاةُ الدُّنْيَا ۚ وَذَكِّرْ بِهِ أَنْ تُبْسَلَ نَفْسٌ بِمَا كَسَبَتْ لَيْسَ لَهَا مِنْ دُونِ اللَّهِ وَلِيٌّ وَلَا شَفِيعٌ وَإِنْ تَعْدِلْ كُلَّ عَدْلٍ لَا يُؤْخَذْ مِنْهَا ۗ أُولَٰئِكَ الَّذِينَ أُبْسِلُوا بِمَا كَسَبُوا ۖ لَهُمْ شَرَابٌ مِنْ حَمِيمٍ وَعَذَابٌ أَلِيمٌ بِمَا كَانُوا يَكْفُرُونَ
আৰু যিসকলে নিজৰ দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছে আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা। আৰু তুমি এই কোৰআনৰ দ্বাৰা সিহঁতক উপদেশ দিয়া, যাতে কোনোবাই নিজ কৃতকৰ্মৰ বাবে ধ্বংস নহয় সেই সময়ত যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু ছুপাৰিছকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ’ব। ইহঁতেই নিজ কৃতকৰ্মৰ বাবে ধ্বংস হৈছে; কুফৰী কৰাৰ কাৰণে ইহঁতৰ পান কৰাৰ বাবে আছে অতি উষ্ণ পানী আৰু কষ্টদায়ক শাস্তি।
.
১০:৩
إِنَّ رَبَّكُمُ اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۖ يُدَبِّرُ الْأَمْرَ ۖ مَا مِنْ شَفِيعٍ إِلَّا مِنْ بَعْدِ إِذْنِهِ ۚ ذَٰلِكُمُ اللَّهُ رَبُّكُمْ فَاعْبُدُوهُ ۚ أَفَلَا تَذَكَّرُونَ
নিশ্চয় তোমালোকৰ ৰব সেইজন আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে। তেওঁৰ অনুমতি লাভ নকৰাকৈ ছুপাৰিছ কৰাৰ ক্ষমতা কাৰো নাই। তেৱেঁই আল্লাহ, তোমালোকৰ ৰব; গতিকে তোমালোকে তেওঁৰেই ইবাদত কৰা। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
.
১৯:৮৭⚡
لَا يَمْلِكُونَ الشَّفَاعَةَ إِلَّا مَنِ اتَّخَذَ عِنْدَ الرَّحْمَٰنِ عَهْدًا
যিসকলে ৰহমানৰ পৰা প্ৰতিশ্ৰুতি লৈছে, তেওঁলোকৰ বাহিৰে কোনেও ছুপাৰিছ কৰিব নোৱাৰিব।
.
২০:১০৯⚡
يَوْمَئِذٍ لَا تَنْفَعُ الشَّفَاعَةُ إِلَّا مَنْ أَذِنَ لَهُ الرَّحْمَٰنُ وَرَضِيَ لَهُ قَوْلًا
ৰহমানে যাক অনুমতি দিব আৰু যাৰ কথাত তেওঁ সন্তুষ্ট হ’ব, তাৰ বাহিৰে আন কাৰো ছুপাৰিছ সেইদিনা কোনো কামত নাহিব।
.
২১:২৮⚡
يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلَا يَشْفَعُونَ إِلَّا لِمَنِ ارْتَضَىٰ وَهُمْ مِنْ خَشْيَتِهِ مُشْفِقُونَ
তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে। আৰু তেওঁলোকে ছুপাৰিছ কৰে কেৱল সিহঁতৰ বাবেই যিসকলৰ প্ৰতি তেওঁ সন্তুষ্ট আৰু তেওঁলোকে তেওঁৰ ভয়ত ভীত সন্ত্ৰস্ত।
.
৩২:৪
اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۖ مَا لَكُمْ مِنْ دُونِهِ مِنْ وَلِيٍّ وَلَا شَفِيعٍ ۚ أَفَلَا تَتَذَكَّرُونَ
আল্লাহেই সেই সত্তা, যিজনে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তু কেৱল ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো মধ্যস্ততাকাৰীও নাই, তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবা নে?
.
৩৪:২৩⚡
وَلَا تَنْفَعُ الشَّفَاعَةُ عِنْدَهُ إِلَّا لِمَنْ أَذِنَ لَهُ ۚ حَتَّىٰ إِذَا فُزِّعَ عَنْ قُلُوبِهِمْ قَالُوا مَاذَا قَالَ رَبُّكُمْ ۖ قَالُوا الْحَقَّ ۖ وَهُوَ الْعَلِيُّ الْكَبِيرُ
আল্লাহে যাক অনুমতি প্ৰদান কৰিব, তেওঁৰ বাহিৰে আল্লাহৰ ওচৰত কাৰো ছুপাৰিছ ফলপ্ৰসূ নহ’ব। অৱশেষত যেতিয়া সিহঁতৰ অন্তৰৰ পৰা ভয় বিদূৰিত হয়, তেতিয়া সিহঁতে পৰস্পৰৰ মাজত সোধ-পোছ কৰে, ‘তোমালোকৰ প্ৰতিপালকে কি ক’লে’? ইয়াৰ উত্তৰত তেওঁলোকে কয়, ‘যিটো সত্য সেইটোৱে কৈছে’। তেওঁ অতি উচ্চ, অতি মহান।
.
৩৯:৪৪
قُلْ لِلَّهِ الشَّفَاعَةُ جَمِيعًا ۖ لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۖ ثُمَّ إِلَيْهِ تُرْجَعُونَ
কোৱা, ‘সকলো ধৰণৰ মধ্যস্থতা কেৱল আল্লাহৰেই মালিকানাধীন, আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই, তাৰ পিছত তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব’।
.

৪৩:৮৬⚡🌾
وَلَا يَمْلِكُ الَّذِينَ يَدْعُونَ مِنْ دُونِهِ الشَّفَاعَةَ إِلَّا مَنْ شَهِدَ بِالْحَقِّ وَهُمْ يَعْلَمُونَ
আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সিহঁতে কেতিয়াও ছুপাৰিছৰ অধিকাৰী নহ’ব, কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে জানি-শুনি সত্য সাক্ষ্য দিয়ে।
.
৭৪:৪৮⚡🌾
فَمَا تَنْفَعُهُمْ شَفَاعَةُ الشَّافِعِينَ
এতেকে ছুপাৰিছকাৰীসকলৰ ছুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব।
....raf....


Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.