দীন মানে ধৰ্ম নহয়
দীন মানে ধৰ্ম নহয়
আমি আমাৰ লেখা বা ভিডিঅ'ত দীন মানে ধৰ্ম নহয় বুলি কওঁ বা লিখো। সাধাৰণভাৱে বুজাবলৈ দীনৰ অৰ্থ জীৱন-ব্যৱস্থা বুলি কওঁ। এই জীৱনব্যৱস্থা
বিভিন্ন মতবাদত(doctrine) বিভিন্ন হ'ব পাৰে।আমি উল্লেখ কৰা জীৱন-ব্যৱস্থাটো আল্লাহৰ মতবাদৰ ওপৰত অৰ্থাৎ কোৰআনৰ ওপৰত প্ৰতিষ্ঠিত। তাক্কৱা অৱলম্বন কৰি আল্লাহৰ মতে ভাল কাম কৰি দীনৰ মতে চলা সকলেই মুছলিম। আৰু আল্লাহৰ দীনত নাথাকি ইছলাম পালন কৰিলে হ'ব ইছলাম-ধৰ্ম, যত থাকিব ছিয়া চুন্নী আদি বিভিন্ন ফিৰ্কা।
।।।
বন্ধু Shams Shahidএ ইয়াৰ লগত সংযুক্ত কৰিছে:
হয়, কোৰআনৰ ওপৰত প্ৰতিষ্ঠিত জীবন ব্যৱস্থা (দ্বীন) মানি চলাসকলে মুছলিম আৰু যি সকলে দ্বীন বিভক্ত কৰিছে আৰু বিভিন্ন দলত ভাগ ভাগ হৈছে, তেওঁলোকে নিজৰ নিজৰ জীৱন ব্যৱস্থা বনাই লৈছে যাৰ লগত আল্লাহৰ কোৰআনৰ ওপৰত প্ৰতিষ্ঠিত দ্বীন সম্পৰ্ক নাই। তেওঁলোকৰ কিছুমানে কোৰআনক অসম্পূৰ্ণ বুলি ভাবে , নাজিল হোৱা কোৰআনৰ আয়াত লিখি বিচনাৰ তলত থৈ দিছিল সেইবোৰ ছাগলে খাই পেলোৱা বুলি বিশ্বাস কৰে।
।।।
দীনৰ ওপৰত বহু আয়াতৰ কেইটামান:
1:4, 2:132, 2:193, 2:217, 2:217, 2:256, 3:19, 3:24, 3:73, 3:83, 3:85, 4:46, 4:125, 4:146, 4:171, 5:3, 5:3, 5:3, 5:54, 5:57, 5:77,
6:70, 6:137, 6:159, 6:161, 7:29, 7:51, 8:39, 8:49, 8:72, 9:11, 9:12, 9:29, 9:33, 9:33, 9:36, 9:122, 10:22, 10:104, 10:105, 12:40,
12:76, 15:35, 16:52, 22:78, 24:2, 24:25, 24:55, 26:82, 29:65, 30:30, 30:30, 30:32, 30:43, 31:32, 33:5, 37:20, 38:78, 39:2, 39:3,
39:11, 39:14, 40:14, 40:26, 40:65, 42:13, 42:13, 42:21, 48:28, 48:28, 49:16, 51:6, 51:12, 56:56, 60:8, 60:9, 61:9, 61:9, 70:26,
74:46, 82:9, 82:15, 82:17, 82:18, 83:11, 95:7, 98:5, 98:5, 107:1, 109:6, 109:6, 110:2.
.
১:৪
مَالِكِ يَوْمِ الدِّينِ
বিচাৰ দিৱসৰ মালিক
.
২:১৩২
وَوَصَّىٰ بِهَا إِبْرَاهِيمُ بَنِيهِ وَيَعْقُوبُ يَا بَنِيَّ إِنَّ اللَّهَ اصْطَفَىٰ لَكُمُ الدِّينَ فَلَا تَمُوتُنَّ إِلَّا وَأَنْتُمْ مُسْلِمُونَ
আৰু ইব্ৰাহীম আৰু ইয়াকূবে তেওঁলোকৰ পুত্ৰসকলক ইয়াৰেই নিৰ্দেশ দি কৈছিল, ‘হে মোৰ পুত্ৰসকল! নিশ্চয় আল্লাহে তোমালোকৰ বাবে এই দ্বীনক মনোনীত কৰিছে। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) নোহোৱালৈকে মৃত্যু বৰণ নকৰিবা’।
.
২:১৯৩
وَقَاتِلُوهُمْ حَتَّىٰ لَا تَكُونَ فِتْنَةٌ وَيَكُونَ الدِّينُ لِلَّهِ ۖ فَإِنِ انْتَهَوْا فَلَا عُدْوَانَ إِلَّا عَلَى الظَّالِمِينَ
আৰু তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিয়েই থাকিবা যেতিয়ালৈকে ফিতনা চুড়ান্তভাৱে দূৰীভূত নহয় আৰু দ্বীন একমাত্ৰ আল্লাহৰ বাবে নোহোৱালৈকে। তাৰ পিছত যদি সিহঁতে বিৰত হয় তেন্তে যালিমসকলৰ বাহিৰে আন কাৰো ওপৰত আক্ৰমণ নাই।
.
২:২৫৬
لَا إِكْرَاهَ فِي الدِّينِ ۖ قَدْ تَبَيَّنَ الرُّشْدُ مِنَ الْغَيِّ ۚ فَمَنْ يَكْفُرْ بِالطَّاغُوتِ وَيُؤْمِنْ بِاللَّهِ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقَىٰ لَا انْفِصَامَ لَهَا ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব সি এনেকুৱা এডাল ৰছীত খামুচি ধৰিলে যিডাল কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
.
৩:১৯
إِنَّ الدِّينَ عِنْدَ اللَّهِ الْإِسْلَامُ ۗ وَمَا اخْتَلَفَ الَّذِينَ أُوتُوا الْكِتَابَ إِلَّا مِنْ بَعْدِ مَا جَاءَهُمُ الْعِلْمُ بَغْيًا بَيْنَهُمْ ۗ وَمَنْ يَكْفُرْ بِآيَاتِ اللَّهِ فَإِنَّ اللَّهَ سَرِيعُ الْحِسَابِ
নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱল-মাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
.
৩৯:২
إِنَّا أَنْزَلْنَا إِلَيْكَ الْكِتَابَ بِالْحَقِّ فَاعْبُدِ اللَّهَ مُخْلِصًا لَهُ الدِّينَ
নিশ্চয় আমি তোমাৰ ওচৰত এই কিতাব যথাযথভাৱে অৱতীৰ্ণ কৰিছো। এতেকে তুমি আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ তেওঁৰেই ইবাদত কৰা।
.
৩৯:৩
أَلَا لِلَّهِ الدِّينُ الْخَالِصُ ۚ وَالَّذِينَ اتَّخَذُوا مِنْ دُونِهِ أَوْلِيَاءَ مَا نَعْبُدُهُمْ إِلَّا لِيُقَرِّبُونَا إِلَى اللَّهِ زُلْفَىٰ إِنَّ اللَّهَ يَحْكُمُ بَيْنَهُمْ فِي مَا هُمْ فِيهِ يَخْتَلِفُونَ ۗ إِنَّ اللَّهَ لَا يَهْدِي مَنْ هُوَ كَاذِبٌ كَفَّارٌ
জানি থোৱা! বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰেই প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এইবাবেই ইহঁতৰ ইবাদত কৰো যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব’। সিহঁতে যি বিষয়ে নিজৰ মাজত মতভেদ কৰি আছে নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। নিশ্চয় আল্লাহে মিছলীয়া কাফিৰক হিদায়ত দান নকৰে।
.
৭০:২৬
وَالَّذِينَ يُصَدِّقُونَ بِيَوْمِ الدِّينِ
আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে।
.
৮২:১৫
يَصْلَوْنَهَا يَوْمَ الدِّينِ
সিহঁতে প্ৰতিদান দিৱসত তাত প্ৰৱেশ কৰিব;
.
১১০:২
وَرَأَيْتَ النَّاسَ يَدْخُلُونَ فِي دِينِ اللَّهِ أَفْوَاجًا
আৰু তুমি মানুহক দলে দলে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰোতে দেখিবা,
.
compiled written syedraf
Comments
Post a Comment