2-কোৰআনত ছুন্নাতুল্লাহ (আল্লাহৰ নিয়ম)

যিহেতু আল্লাহে জানিছিল যে চুন্নী আৰু শ্বিয়া মুছ্ৰিকসকলে তেওঁলোকৰ ধৰ্মত আল্লাহৰ বাহিৰেও আন কৰ্তৃপক্ষ সৃষ্টি কৰিব আৰু তেওঁলোকক হজৰত মহম্মদৰ(আ:ছা:) হাদীছ আৰু ছুন্না বুলি ক’ব, গতিকে কোৰআনত ছুন্নাতুল্লাহ (আল্লাহৰ নিয়ম)ৰ দৰে আল্লাহৰ লগত সংগতি ৰাখি ছুন্না (আইন) শব্দটো ব্যৱহাৰ কৰা হৈছে,  যিয়ে আল্লাহৰ বাৰ্তাক অস্বীকাৰ কৰাৰ বাবে সামাজিক, ৰাজনৈতিক আৰু পৰিৱেশগত পৰিণতিৰ চিত্ৰণ কৰিছে (৩৩:৩৮; ৩৫:৪৩; ৪০:৮৫; ৪৮:২৩; ৮:৩৮; ১৫:১৩; ১৭:৭৭; ১৮:৫৫; ৩:১৩৭;  ৪:২৬)।  
(৩৩:৩৮
مَا كَانَ عَلَى النَّبِيِّ مِنْ حَرَجٍ فِيمَا فَرَضَ اللَّهُ لَهُ ۖ سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۚ وَكَانَ أَمْرُ اللَّهِ قَدَرًا مَقْدُورًا
সেইটো কৰিলে নবীৰ কোনো দোষ নহয় যিটো তেওঁৰ বাবে আল্লাহে বিধিসন্মত কৰিছে। পূৰ্বে যিসকল অতিবাহিত হৈছে তেওঁলোকৰ বাবেও এইটোৱেই আছিল আল্লাহৰ বিধান। আল্লাহৰ ফয়চালা সুনিৰ্ধাৰিত, অৱশ্যম্ভাৱী।
.
৩৫:৪৩
اسْتِكْبَارًا فِي الْأَرْضِ وَمَكْرَ السَّيِّئِ ۚ وَلَا يَحِيقُ الْمَكْرُ السَّيِّئُ إِلَّا بِأَهْلِهِ ۚ فَهَلْ يَنْظُرُونَ إِلَّا سُنَّتَ الْأَوَّلِينَ ۚ فَلَنْ تَجِدَ لِسُنَّتِ اللَّهِ تَبْدِيلًا ۖ وَلَنْ تَجِدَ لِسُنَّتِ اللَّهِ تَحْوِيلًا
পৃথিৱীত ঔদ্ধত্য প্ৰকাশ আৰু কূটকৌশল অৱলম্বনৰ কাৰণে। অথচ কূটকৌশলে কেৱল তাৰ উদ্যোক্তাসকলকহে পৰিবেষ্টন কৰিব। তেন্তে সিহঁতে পূৰ্বৱৰ্তীবিলাকৰ (দৰে আল্লাহৰ) বিধানৰ অপেক্ষা কৰি আছে নেকি? কিন্তু তুমি আল্লাহৰ পদ্ধতিত কেতিয়াও কোনো পৰিবৰ্তন নাপাবা আৰু আল্লাহৰ পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা।
.
৪০:৮৫
فَلَمْ يَكُ يَنْفَعُهُمْ إِيمَانُهُمْ لَمَّا رَأَوْا بَأْسَنَا ۖ سُنَّتَ اللَّهِ الَّتِي قَدْ خَلَتْ فِي عِبَادِهِ ۖ وَخَسِرَ هُنَالِكَ الْكَافِرُونَ
কিন্তু আমাৰ শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ঈমান সিহঁতৰ কোনো উপকাৰত নাহিল। আল্লাহৰ এই বিধান পূৰ্বৰে পৰা তেওঁৰ বান্দাসকলৰ মাজত চলি আহিছে আৰু তেতিয়াই কাফিৰসকল ক্ষতিগ্ৰস্ত হৈছে।
.
৪৮:২৩
سُنَّةَ اللَّهِ الَّتِي قَدْ خَلَتْ مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا
এইটোৱে আল্লাহৰ বিধান--- পূৰ্বৰে পৰা যিটো চলি আহিছে, তুমি আল্লাহৰ বিধানত কোনো পৰিবৰ্তন নাপাবা।
.
৮:৩৮
قُلْ لِلَّذِينَ كَفَرُوا إِنْ يَنْتَهُوا يُغْفَرْ لَهُمْ مَا قَدْ سَلَفَ وَإِنْ يَعُودُوا فَقَدْ مَضَتْ سُنَّتُ الْأَوَّلِينَ
যিসকলে কুফৰী কৰিছে সিহঁতক কোৱা, ‘যদি সিহঁতে (কুফৰী) পৰিহাৰ কৰে তেন্তে আগতে যি হৈছে সেয়া আল্লাহে ক্ষমা কৰিব; কিন্তু সিহঁতে যদি অন্যায়ৰ পুনৰাবৃত্তি কৰে তেন্তে পুৰ্বৱৰ্তীসকলৰ ৰীতিতো জানাই (সিহঁতৰ কি পৰিণতি হৈছিল)’।
.
১৫:১৩
لَا يُؤْمِنُونَ بِهِ ۖ وَقَدْ خَلَتْ سُنَّةُ الْأَوَّلِينَ
ইহঁতে কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব, আৰু অৱশ্যে পাৰ হৈছে পূৰ্বৱৰ্তীসকলৰ ৰীতি।
.
১৭:৭৭
سُنَّةَ مَنْ قَدْ أَرْسَلْنَا قَبْلَكَ مِنْ رُسُلِنَا ۖ وَلَا تَجِدُ لِسُنَّتِنَا تَحْوِيلًا
আমাৰ ৰাছুলসকলৰ মাজত তোমাৰ পূৰ্বে যিসকলক প্ৰেৰণ কৰিছিলো তেওঁলোকৰ ক্ষেত্ৰতো আছিল এইটোৱেই নিয়ম আৰু তুমি আমাৰ নিয়মৰ কোনো পৰিবৰ্তন নাপাবা।
.
১৮:৫৫
وَمَا مَنَعَ النَّاسَ أَنْ يُؤْمِنُوا إِذْ جَاءَهُمُ الْهُدَىٰ وَيَسْتَغْفِرُوا رَبَّهُمْ إِلَّا أَنْ تَأْتِيَهُمْ سُنَّةُ الْأَوَّلِينَ أَوْ يَأْتِيَهُمُ الْعَذَابُ قُبُلًا
আৰু যেতিয়া সিহঁতৰ ওচৰত পথনিৰ্দেশ আহিল, তেতিয়া মানুহক ঈমান অনাৰ পৰা আৰু সিহঁতৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ পৰা কেৱল এইটোৱেই বিৰত ৰাখে যে, সিহঁতৰ ওচৰতো পূৰ্বৱৰ্তীসলৰ দৰে অনুসৃত ৰীতি আহক নাইবা সিহঁতৰ ওচৰত প্ৰত্যক্ষভাৱে শাস্তি আহক।
.
৩:১৩৭
قَدْ خَلَتْ مِنْ قَبْلِكُمْ سُنَنٌ فَسِيرُوا فِي الْأَرْضِ فَانْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِينَ
নিশ্চয় তোমালোকৰ পূৰ্বে বহু (জাতিৰ) চৰিত অতীত হৈ গৈছে, সেয়ে তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা আৰু চোৱা মিছলীয়াসকলৰ কি পৰিণাম হৈছিল।
.
৪:২৬
يُرِيدُ اللَّهُ لِيُبَيِّنَ لَكُمْ وَيَهْدِيَكُمْ سُنَنَ الَّذِينَ مِنْ قَبْلِكُمْ وَيَتُوبَ عَلَيْكُمْ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ
আল্লাহে তোমালোকৰ ওচৰত বিশদভাৱে বৰ্ণনা কৰিব বিচাৰে, আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতি তোমালোকক অৱহিত কৰিব বিচাৰে লগতে তোমালোকক ক্ষমা কৰিব বিচাৰে। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
edip.compiled.syedraf

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.