২৮:৪৭(No Excuse)-refs

২৮:৪৭(No Excuse)-refs:
✍️Ap-refs:৬:১৫৬-১৫৭, ৪:১৬৫, ৫:১৯
See the verses: link:
৬:১৫৬-১৫৭
أَنْ تَقُولُوا إِنَّمَا أُنْزِلَ الْكِتَابُ عَلَىٰ طَائِفَتَيْنِ مِنْ قَبْلِنَا وَإِنْ كُنَّا عَنْ دِرَاسَتِهِمْ لَغَافِلِينَ
যাতে তোমালোকে এইটো নোকোৱা যে, ‘কিতাব কেৱল আমাৰ পূৰ্বে দুটা সম্প্ৰদায়ৰ প্ৰতিহে অৱতীৰ্ণ হৈছিল; আৰু আমি সিহঁতৰ অধ্যয়ন সম্পৰ্কে গাফিল আছিলো’,
৬:১৫৭
أَوْ تَقُولُوا لَوْ أَنَّا أُنْزِلَ عَلَيْنَا الْكِتَابُ لَكُنَّا أَهْدَىٰ مِنْهُمْ ۚ فَقَدْ جَاءَكُمْ بَيِّنَةٌ مِنْ رَبِّكُمْ وَهُدًى وَرَحْمَةٌ ۚ فَمَنْ أَظْلَمُ مِمَّنْ كَذَّبَ بِآيَاتِ اللَّهِ وَصَدَفَ عَنْهَا ۗ سَنَجْزِي الَّذِينَ يَصْدِفُونَ عَنْ آيَاتِنَا سُوءَ الْعَذَابِ بِمَا كَانُوا يَصْدِفُونَ
অথবা তোমালোকে যেন এইটো ক’ব নোৱাৰা যে, ‘যদি আমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’লহেঁতেন, তেন্তে আমি সিহঁততকৈ বেছি হিদায়তপ্ৰাপ্ত হ’লোহেঁতেন’। এতেকে নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ, হিদায়ত আৰু ৰহমত আহিছে। ইয়াৰ পিছতো যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব আৰু তাৰ পৰা মুখ ঘূৰাই লব, তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? যিসকলে আমাৰ আয়াতসমূহৰ পৰা মুখ ঘূৰাই লয়, সত্য বিমুখতাৰ বাবে অতি শীঘ্ৰে আমি সিহঁতক নিকৃষ্ট শাস্তি প্ৰদান কৰিম।
.
৪:১৬৫
رُسُلًا مُبَشِّرِينَ وَمُنْذِرِينَ لِئَلَّا يَكُونَ لِلنَّاسِ عَلَى اللَّهِ حُجَّةٌ بَعْدَ الرُّسُلِ ۚ وَكَانَ اللَّهُ عَزِيزًا حَكِيمًا
সুসংবাদদাতা আৰু সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছো, যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ নাথাকে; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
৫:১৯
يَا أَهْلَ الْكِتَابِ قَدْ جَاءَكُمْ رَسُولُنَا يُبَيِّنُ لَكُمْ عَلَىٰ فَتْرَةٍ مِنَ الرُّسُلِ أَنْ تَقُولُوا مَا جَاءَنَا مِنْ بَشِيرٍ وَلَا نَذِيرٍ ۖ فَقَدْ جَاءَكُمْ بَشِيرٌ وَنَذِيرٌ ۗ وَاللَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
হে কিতাবীসকল! ৰাছুল প্ৰেৰণৰ এটা বিৰতিৰ পিছত তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল আহিছে। তেওঁ তোমালোকৰ ওচৰত স্পষ্ট ব্যাখ্যা কৰিছে, যাতে তোমালোকে এইটো ক’ব নোৱাৰা যে, ‘আমাৰ ওচৰত কোনো সুসংবাদবাহী আৰু সাৱধানকাৰী অহা নাছিল’। অৱশ্যে তোমালোকৰ ওচৰত সুসংবাদদাতা আৰু সাৱধানকাৰী আহিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।)
.
Raf.

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.