26:32-refs:

26:32-refs:
7:107-108; 20:17-25; 28:31-32.
.
📍৭:১০৭-১০৮
فَأَلْقَىٰ عَصَاهُ فَإِذَا هِيَ ثُعْبَانٌ مُبِينٌ
তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেইডাল এটা অজগৰ সাপত পৰিণত হ’ল।
৭:১০৮
وَنَزَعَ يَدَهُ فَإِذَا هِيَ بَيْضَاءُ لِلنَّاظِرِينَ
আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল দৃষ্টিপাত হ’ল।
.
📍২০:১৭-২৫
وَمَا تِلْكَ بِيَمِينِكَ يَا مُوسَىٰ
‘আৰু হে মুছা! তোমাৰ সোঁহাতত সেইডাল কি’?
২০:১৮
قَالَ هِيَ عَصَايَ أَتَوَكَّأُ عَلَيْهَا وَأَهُشُّ بِهَا عَلَىٰ غَنَمِي وَلِيَ فِيهَا مَآرِبُ أُخْرَىٰ
তেওঁ ক’লে, ‘এইডাল মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ, আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ লগতে এইডাল মোৰ অন্যান্য কামতো আহে’।
২০:১৯
قَالَ أَلْقِهَا يَا مُوسَىٰ
আল্লাহে ক’লে, ‘হে মুছা! তুমি এইডাল (মাটিত) নিক্ষেপ কৰাচোন’।
২০:২০
فَأَلْقَاهَا فَإِذَا هِيَ حَيَّةٌ تَسْعَىٰ
তাৰ পিছত তেওঁ সেইডাল নিক্ষেপ কৰিলে, লগে লগে সেইডাল এটা সাপ হৈ দৌৰিব ধৰিলে,
২০:২১
قَالَ خُذْهَا وَلَا تَخَفْ ۖ سَنُعِيدُهَا سِيرَتَهَا الْأُولَىٰ
আল্লাহে ক’লে, ‘তুমি ইয়াক ধৰা, ভয় নকৰিবা, আমি ইয়াক ইয়াৰ আগৰ অৱস্থাত ওভোতাই দিম।
২০:২২
وَاضْمُمْ يَدَكَ إِلَىٰ جَنَاحِكَ تَخْرُجْ بَيْضَاءَ مِنْ غَيْرِ سُوءٍ آيَةً أُخْرَىٰ
‘আৰু তুমি তোমাৰ হাতখন কাষলতিত ৰাখা, সেয়া আন এটা নিদৰ্শনস্বৰূপ কোনো ধৰণৰ ত্ৰুটি অবিহনে উজ্জ্বল হৈ ওলাই আহিব।
২০:২৩
لِنُرِيَكَ مِنْ آيَاتِنَا الْكُبْرَى
‘এইটো এইবাবে যে, আমি তোমাক আমাৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱাম।
২০:২৪
اذْهَبْ إِلَىٰ فِرْعَوْنَ إِنَّهُ طَغَىٰ
‘ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে’।
২০:২৫
قَالَ رَبِّ اشْرَحْ لِي صَدْرِي
মুছাই ক’লে, ‘হে মোৰ ৰব! মোৰ বুকু প্ৰশস্ত কৰি দিয়া।
.
📍২৮:৩১-৩২
وَأَنْ أَلْقِ عَصَاكَ ۖ فَلَمَّا رَآهَا تَهْتَزُّ كَأَنَّهَا جَانٌّ وَلَّىٰ مُدْبِرًا وَلَمْ يُعَقِّبْ ۚ يَا مُوسَىٰ أَقْبِلْ وَلَا تَخَفْ ۖ إِنَّكَ مِنَ الْآمِنِينَ
আৰু কোৱা হ’ল, ‘তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। তাৰ পিছত তেওঁ যেতিয়া সেইডালক সাপৰ নিচিনা কেৰমেৰ কৰা দেখিলে তেতিয়া তেওঁ পিছ হোঁহকা দি লৰ মাৰিলে আৰু উভতি নাচালে। তেওঁক কোৱা হ’ল, ‘হে মুছা! সন্মুখলৈ আঁহা, ভয় নকৰিবা, নিশ্চয় তুমি নিৰাপদ’।
২৮:৩২
اسْلُكْ يَدَكَ فِي جَيْبِكَ تَخْرُجْ بَيْضَاءَ مِنْ غَيْرِ سُوءٍ وَاضْمُمْ إِلَيْكَ جَنَاحَكَ مِنَ الرَّهْبِ ۖ فَذَانِكَ بُرْهَانَانِ مِنْ رَبِّكَ إِلَىٰ فِرْعَوْنَ وَمَلَئِهِ ۚ إِنَّهُمْ كَانُوا قَوْمًا فَاسِقِينَ
তোমাৰ হাত তোমাৰ কাষলতিত থোৱা, এইটো ত্ৰুটিমুক্ত অৱস্থাত শুভ্ৰোজ্জ্বল হৈ ওলাই আহিব। লগতে ভয় দূৰ কৰাৰ বাবে তোমাৰ দুহাত নিজৰ ফালে চেপি ধৰা। এতেকে এই দুটা হৈছে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দিয়া প্ৰমাণ, ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ বাবে। নিশ্চয় সিহঁত ফাছিক্ব সম্প্ৰদায়।
... arranged Syedraf...

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.