25:58-refs:ap
25:58-refs:ap
57:3, 5:67, 73:9, 11:123, 67:29
.
২৫:৫৮
وَتَوَكَّلْ عَلَى الْحَيِّ الَّذِي لَا يَمُوتُ وَسَبِّحْ بِحَمْدِهِ ۚ وَكَفَىٰ بِهِ بِذُنُوبِ عِبَادِهِ خَبِيرًا
আৰু তুমি কেৱল সেই সত্তাৰ প্ৰতি নিৰ্ভৰ কৰা যিজন চিৰঞ্জীৱ, যিজনে কেতিয়াও মৃত্যুবৰণ নকৰিব, আৰু তেওঁৰেই সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, তেওঁৰ বান্দাসকলৰ পাপ সম্পৰ্কে খবৰ ৰাখিবলৈ তেৱেঁই যথেষ্ট।
।।।
৫৭:৩
هُوَ الْأَوَّلُ وَالْآخِرُ وَالظَّاهِرُ وَالْبَاطِنُ ۖ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ
তেৱেঁই আদি আৰু অন্ত; প্ৰকাশ্য (ওপৰত) আৰু গোপন (ওচৰত) আৰু তেৱেঁই সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।
.
৫:৬৭
۞ يَا أَيُّهَا الرَّسُولُ بَلِّغْ مَا أُنْزِلَ إِلَيْكَ مِنْ رَبِّكَ ۖ وَإِنْ لَمْ تَفْعَلْ فَمَا بَلَّغْتَ رِسَالَتَهُ ۚ وَاللَّهُ يَعْصِمُكَ مِنَ النَّاسِ ۗ إِنَّ اللَّهَ لَا يَهْدِي الْقَوْمَ الْكَافِرِينَ
হে ৰাছুল! তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া প্ৰচাৰ কৰা; আৰু যদি তুমি এনে নকৰা তেন্তে তুমি তেওঁৰ বাৰ্তা প্ৰচাৰ নকৰিলা। আল্লাহেই তোমাক মানুহৰ পৰা ৰক্ষা কৰিব। নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।
.
৭৩:৯
رَبُّ الْمَشْرِقِ وَالْمَغْرِبِ لَا إِلَٰهَ إِلَّا هُوَ فَاتَّخِذْهُ وَكِيلًا
তেৱেঁই পূৱ আৰু পশ্চিমৰ ৰব, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। এতেকে তেওঁকেই তুমি কাৰ্য সম্পাদনকাৰীৰূপে গ্ৰহণ কৰা।
.
১১:১২৩
وَلِلَّهِ غَيْبُ السَّمَاوَاتِ وَالْأَرْضِ وَإِلَيْهِ يُرْجَعُ الْأَمْرُ كُلُّهُ فَاعْبُدْهُ وَتَوَكَّلْ عَلَيْهِ ۚ وَمَا رَبُّكَ بِغَافِلٍ عَمَّا تَعْمَلُونَ
আকাশসমূহ আৰু পৃথিৱীৰ গায়েব (ৰ সংবাদ) কেৱল আল্লাহৰেই কৰ্তৃত্বাধীন আৰু তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰোৱা হ’ব। সেয়ে তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা। আৰু তোমালোকে যি কৰা সেই বিষয়ে তোমাৰ ৰব অমনোযোগী নহয়।
.
৬৭:২৯
قُلْ هُوَ الرَّحْمَٰنُ آمَنَّا بِهِ وَعَلَيْهِ تَوَكَّلْنَا ۖ فَسَتَعْلَمُونَ مَنْ هُوَ فِي ضَلَالٍ مُبِينٍ
কোৱা, তেৱেঁই পৰম কৰুণাময়। আমি তেওঁৰ ওপৰতেই ঈমান আনিছো আৰু তেওঁৰ ওপৰতেই ভৰসা কৰিছো। গতিকে তোমালোকে অনতিপলমে জানিবলৈ পাবা কোনে স্পষ্ট বিভ্ৰান্তিত আছে।
.. arranged Syedraf..
Comments
Post a Comment