24:41-verse/ref:
24:41-verse/ref:
2:3; 2:30; 21:19-20; 57:1; 59:24
.
২:৩
الَّذِينَ يُؤْمِنُونَ بِالْغَيْبِ وَيُقِيمُونَ الصَّلَاةَ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ
যিসকলে গায়েবৰ প্ৰতি ঈমান পোষণ কৰে, চালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি প্ৰদান কৰিছোঁ তাৰ পৰা ব্যয় কৰে ।
.
২:৩০
وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي جَاعِلٌ فِي الْأَرْضِ خَلِيفَةً ۖ قَالُوا أَتَجْعَلُ فِيهَا مَنْ يُفْسِدُ فِيهَا وَيَسْفِكُ الدِّمَاءَ وَنَحْنُ نُسَبِّحُ بِحَمْدِكَ وَنُقَدِّسُ لَكَ ۖ قَالَ إِنِّي أَعْلَمُ مَا لَا تَعْلَمُونَ
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক ক’লে, নিশ্চয় মই পৃথিৱীত খলিফা সৃষ্টি কৰিবলৈ থিৰ কৰিছো। সিহঁতে ক’লে, তুমি পৃথিৱীত এনে এটা জীৱ সৃষ্টি কৰিব বিচৰা নেকি, যিয়ে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিব আৰু তেজ প্ৰবাহিত কৰিব? আৰু আমিতো তোমাৰ হামদসহ তছবীহ পাঠ কৰিয়েই থাকো, লগতে তোমাৰ পৱিত্ৰতা ঘোষণা কৰো। তেওঁ ক’লে, ‘নিশ্চয় মই যিটো জানো তোমালোকে সেইটো নাজানা’ ।
.
২১:১৯-২০
وَلَهُ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ ۚ وَمَنْ عِنْدَهُ لَا يَسْتَكْبِرُونَ عَنْ عِبَادَتِهِ وَلَا يَسْتَحْسِرُونَ
আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই; আৰু তেওঁৰ সান্নিধ্যত যিসকল আছে তেওঁলোকে অহংকাৰ কৰি তেওঁৰ ইবাদতৰ পৰা বিমুখ নহয় আৰু বিৰক্তিবোধো নকৰে।
২১:২০
يُسَبِّحُونَ اللَّيْلَ وَالنَّهَارَ لَا يَفْتُرُونَ
তেওঁলোকে দিনে-ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁলোক ক্লান্তও নহয়।
.
৫৭:১
سَبَّحَ لِلَّهِ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
৫৯:২৪
هُوَ اللَّهُ الْخَالِقُ الْبَارِئُ الْمُصَوِّرُ ۖ لَهُ الْأَسْمَاءُ الْحُسْنَىٰ ۚ يُسَبِّحُ لَهُ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ
তেৱেঁই আল্লাহ, স্ৰষ্টা উদ্ভাৱনকৰ্তা, আকাৰ-আকৃতিদানকাৰী, সৰ্বোত্তম নামসমূহ তেওঁৰেই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.....raf....
Comments
Post a Comment