কোৰআন-২১:৩০নং আয়াটোত নষ্টালজিয়াত বুৰ গ'লো।
কোৰআন-২১:৩০নং আয়াটোত নষ্টালজিয়াত বুৰ গ'লো।
।।।
➡️টোকা: ২০১১ত লিখা ভাৱধাৰাৰ ২০২২ৰ আজিৰ পাৰ্থক্য মন কৰিব। তেতিয়া বিজ্ঞানৰ বাবে কোৰআনৰ উদাহৰণ লৈছিলো; কিন্তু আজি বুজিছো কথাটো সম্পূৰ্ণ ওলোটা, অৰ্থাৎ কোৰআনত কেৱল আল্লাহৰ বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ ওপৰত নিৰপেক্ষ সাৰ্বভৌমত্বৰ অধিকাৰৰ কথা কৈছে, যত আল্লাহৰ একত্বৰ লগত যিকোনো শিৰ্কেই বিপদজনক। গতিকেই ২১:৩০ত "যিসকলে কুফৰী কৰে সিহঁতে দেখা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়কে পৃথক কৰি দিলো;..." প্ৰথমেই ধমকি এটা দি বিগ-বেঙৰ উদাহৰণ দাঙি ধৰিছে।।
।।।
➡️তলৰ প্ৰৱন্ধটো ২০১১ত লিখা যদিও, ইয়াৰ ভাৱ ক্লাছ এইট/নাইন মানতে(১৯৬৮/৬৯)।
তেতিয়া ডি,আৰ কলেজৰ এখন চেমিনাৰত বিজ্ঞানৰ ছাত্ৰসকলক স্কুলৰ পৰা পঠাইছিল।
বিষয়ঃ অণু/পৰমানু।
লেবৰতৰিত কেনেকৈ ইলেক্ট্ৰন নিউট্ৰন প্ৰটন চলাফিৰা কৰে দেখুৱাইছিল। এই গোটেই ঘটনাতো সৌৰজগতৰ গ্ৰহ নক্ষত্ৰৰ ঘূৰণ প্ৰক্ৰিয়াৰ লগত ৰিজনি দি বুজাইছিল। সেইকথা আজি ৬৬ বছৰ বয়সটো মনত আছে।
মবাইল হাতত পৰাৰ পাছতেই ডাঃ জাকিৰ নায়কৰ কোৰআন ভিত্তিত বিজ্ঞানৰ ভিডিঅ' চাই তেওঁৰ ফেনহৈ পৰিলো।
এনে এক সন্ধিক্ষণতেই তলৰ প্ৰৱন্ধটোৰ জন্ম।
ইয়াৰ পাছতেই চলাই থকা মজহবত কিবা খেলিমেলি থকা যেন লগাত মজহবটোকেই সলাই "আহলে- হাদিস" হৈ পৰিলোঁ। দাড়ি এৰি দিলো। বাঢ়ি বাঢ়ি নাইৰ তল পালেগৈ। ঠাণ্ডাৰ দিনত ডিফুৰ পৰা অফিচ কৰি জনসতাব্দিত গুৱাহাটীৰলৈ ঘূৰি অহাৰ সময়ত ৰাতি হয়। চিগ্লেন নোপোৱাত চানমাৰিত কেই চেকণ্ডমান ৰয়। নামি দিলে চৰ্ট কাট হয়।
ট্ৰেইখন ৰখালে, লৰালৰিকৈ জেকেতৰ চেইনদাল মাৰি তললৈ জপিয়াই দিলো। ট্ৰেই গ'ল।
যেনে তেনে ফুন কৰিলোঃ
হান্নান জল্দি গাড়ীলৈ আহি যোৱা, মোৰ হাত ভৰি ভাঙিল, বৰ ঠাণ্ডা।
।।।।
নাই একো ভঙা নাই। চেলচেলনি খাই বহু ঠাইত তেজ ওলাইছে।
আচলতে সেইদিনা খৰধৰকৈ জেকেতৰ চেইনদাল মাৰি দিওতে নাইৰ তললৈকে থকা দাড়িখিনি জেকেতৰ ভিতৰতে থাকি গ'ল।
।।।
আলহামদুলিল্লাহ।
কেইবছৰমানৰ পাছতেই মুছলিম হোৱাৰ সৰল বাটতো মহান আল্লাহে ধৰাই দিলে।আলহামদুলিল্লাহ।।
➡️"নষ্টালজিয়া:"(২০২২)-বিজ্ঞানৰ অভ্যুত্থানত ‘গ’ড-কণিকা’ বনাম ‘কল্কি-অৱতাৰ’(২০১১)[Pt-1& 2]
।।।।ৰফ।।।।১৮.০৭.২০২২।।।।নাজভিলা
Comments
Post a Comment