ref16:29

ref16:29
.
১৬:২৯
فَادْخُلُوا أَبْوَابَ جَهَنَّمَ خَالِدِينَ فِيهَا ۖ فَلَبِئْسَ مَثْوَى الْمُتَكَبِّرِينَ
এতেকে তোমালোকে জাহান্নামৰ দুৱাৰসমূহেৰে তাত স্থায়ী হৈ প্ৰৱেশ কৰা। এতেকে চোৱা, অহংকাৰীসকলৰ আবাসস্থল কিমান নিকৃষ্ট!
⬇️
৩৫:৩৬
وَالَّذِينَ كَفَرُوا لَهُمْ نَارُ جَهَنَّمَ لَا يُقْضَىٰ عَلَيْهِمْ فَيَمُوتُوا وَلَا يُخَفَّفُ عَنْهُمْ مِنْ عَذَابِهَا ۚ كَذَٰلِكَ نَجْزِي كُلَّ كَفُورٍ
আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে জাহান্নামৰ জুই। সিহঁতৰ প্ৰতি এনে কোনো ফয়চালা দিয়া নহ’ব যে, সিহঁতে মৃত্যু বৰণ কৰিব, আৰু সিহঁতৰ পৰা জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ’ব। এইদৰেই আমি প্ৰত্যেক অকৃতজ্ঞক শাস্তি দিওঁ।
(35:36 But for those who reject the truth, is fire of Hell. Therein they neither end up dying nor is the torment lightened for them. Thus We requite all those who remain ungrateful (for the guidance). [14:17, 20:74, 87:13]
(১৪:১৭
يَتَجَرَّعُهُ وَلَا يَكَادُ يُسِيغُهُ وَيَأْتِيهِ الْمَوْتُ مِنْ كُلِّ مَكَانٍ وَمَا هُوَ بِمَيِّتٍ ۖ وَمِنْ وَرَائِهِ عَذَابٌ غَلِيظٌ
সেইটো সি অতি কষ্টত ঢোকে ঢোকে গিলি খাবলৈ চেষ্টা কৰিব, কিন্তু সহজে গিলিব নোৱাৰিব। কেউফালৰ পৰা তাৰ ওচৰত মৃত্যু আহিব, অথচ তাৰ মৃত্যু নহ’ব। ইয়াৰ পিছতো আছে কঠোৰ শাস্তি।
.
২০:৭৪
إِنَّهُ مَنْ يَأْتِ رَبَّهُ مُجْرِمًا فَإِنَّ لَهُ جَهَنَّمَ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ
নিশ্চয় যিয়ে তাৰ প্ৰতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ’ব অৱশ্যে তাৰ বাবে আছে জাহান্নাম, সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীয়াই থাকিবও নোৱাৰিব।
.
৮৭:১৩
ثُمَّ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ
তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।)
.
৪০:৪৬
النَّارُ يُعْرَضُونَ عَلَيْهَا غُدُوًّا وَعَشِيًّا ۖ وَيَوْمَ تَقُومُ السَّاعَةُ أَدْخِلُوا آلَ فِرْعَوْنَ أَشَدَّ الْعَذَابِ
অগ্নি, পুৱা-গধূলি সিহঁতক তাত উপস্থিত কৰা হয় আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা কোৱা হ’ব, ‘ফিৰআউন গোষ্ঠীক কঠোৰ শাস্তিত নিক্ষেপ কৰা’।
.....xx.....syedraf.....xx.....

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.