ref16:26
ref16:26
.
71:22, 34:33, 5:64, 59:2,
.
৭১:২২
وَمَكَرُوا مَكْرًا كُبَّارًا
আৰু সিহঁতে ভয়াৱহ ষড়যন্ত্ৰ কৰিছে;
.
৩৪:৩৩
وَقَالَ الَّذِينَ اسْتُضْعِفُوا لِلَّذِينَ اسْتَكْبَرُوا بَلْ مَكْرُ اللَّيْلِ وَالنَّهَارِ إِذْ تَأْمُرُونَنَا أَنْ نَكْفُرَ بِاللَّهِ وَنَجْعَلَ لَهُ أَنْدَادًا ۚ وَأَسَرُّوا النَّدَامَةَ لَمَّا رَأَوُا الْعَذَابَ وَجَعَلْنَا الْأَغْلَالَ فِي أَعْنَاقِ الَّذِينَ كَفَرُوا ۚ هَلْ يُجْزَوْنَ إِلَّا مَا كَانُوا يَعْمَلُونَ
আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে, অহংকাৰকাৰীবিলাকক ক’ব, ‘দৰাচলতে তোমালোকেই দিনে-ৰাতি চক্ৰান্তত লিপ্ত আছিলা, যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা যাতে আমি আল্লাহৰ লগত কুফৰী কৰো আৰু তেওঁৰ বাবে সমকক্ষ (শ্বিৰ্ক) স্থাপন কৰো’। কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতে অনুতাপ গোপনে ৰাখিব আৰু যিসকলে কুফৰী কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম। সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।
.
৫:৬৪
وَقَالَتِ الْيَهُودُ يَدُ اللَّهِ مَغْلُولَةٌ ۚ غُلَّتْ أَيْدِيهِمْ وَلُعِنُوا بِمَا قَالُوا ۘ بَلْ يَدَاهُ مَبْسُوطَتَانِ يُنْفِقُ كَيْفَ يَشَاءُ ۚ وَلَيَزِيدَنَّ كَثِيرًا مِنْهُمْ مَا أُنْزِلَ إِلَيْكَ مِنْ رَبِّكَ طُغْيَانًا وَكُفْرًا ۚ وَأَلْقَيْنَا بَيْنَهُمُ الْعَدَاوَةَ وَالْبَغْضَاءَ إِلَىٰ يَوْمِ الْقِيَامَةِ ۚ كُلَّمَا أَوْقَدُوا نَارًا لِلْحَرْبِ أَطْفَأَهَاa اللَّهُ ۚ وَيَسْعَوْنَ فِي الْأَرْضِ فَسَادًا ۚ وَاللَّهُ لَا يُحِبُّ الْمُفْسِدِينَ
আৰু ইয়াহুদীসকলে কয়, ‘আল্লাহৰ হাত ৰুদ্ধ’। দৰাচলতে সিহঁতৰ হাতেই ৰুদ্ধ কৰা হৈছে আৰু সিহঁতে যি কয় তাৰ বাবে সিহঁত অভিশপ্ত, বৰং আল্লাহৰ উভয় হাতেই প্ৰসাৰিত; যেনেকৈ ইচ্ছা তেওঁ দান কৰে। তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেইটোৱে নিশ্চয় সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফৰী বৃদ্ধি কৰিব। আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ ঢালি দিছো। যেতিয়াই সিহঁতে যুদ্ধৰ জুই লগায় তেতিয়াই আল্লাহে তাক নুমাই দিয়ে আৰু সিহঁতে পৃথিৱীত বিপৰ্যয় কৰি ফুৰে; আৰু আল্লাহে বিপৰ্যয়কাৰীসকলক ভাল নাপায়।
.
৫৯:২
هُوَ الَّذِي أَخْرَجَ الَّذِينَ كَفَرُوا مِنْ أَهْلِ الْكِتَابِ مِنْ دِيَارِهِمْ لِأَوَّلِ الْحَشْرِ ۚ مَا ظَنَنْتُمْ أَنْ يَخْرُجُوا ۖ وَظَنُّوا أَنَّهُمْ مَانِعَتُهُمْ حُصُونُهُمْ مِنَ اللَّهِ فَأَتَاهُمُ اللَّهُ مِنْ حَيْثُ لَمْ يَحْتَسِبُوا ۖ وَقَذَفَ فِي قُلُوبِهِمُ الرُّعْبَ ۚ يُخْرِبُونَ بُيُوتَهُمْ بِأَيْدِيهِمْ وَأَيْدِي الْمُؤْمِنِينَ فَاعْتَبِرُوا يَا أُولِي الْأَبْصَارِ
তেৱেঁই আহলে কিতাবসকলৰ মাজত যিসকলে কুফৰী কৰিছিল সিহঁতক প্ৰথম সমাবেশৰ বাবে সিহঁতৰ আবাসভূমিৰ পৰা বিতাৰিত কৰিছিল। তোমালোকে কল্পনাও কৰা নাছিলা যে সিহঁতে ওলাই যাব; আৰু সিহঁতেও ভাবিছিল যে, সিহঁতৰ দুৰ্গসমূহে সিহঁতক আল্লাহৰ পৰা ৰক্ষা কৰিব; কিন্তু সিহঁতৰ ওচৰত আল্লাহৰ আযাব এনে ঠাইৰ পৰা আহিল, যিটো সিহঁতেও কল্পনা কৰিব পৰা নাছিল; আৰু তেওঁ সিহঁতৰ অন্তৰত আতঙ্কৰ সঞ্চাৰ কৰিলে। ফলত সিহঁতে সিহঁতৰ ঘৰ-দুৱাৰ নিজ হাতে আৰু মুমিনসকলৰ হাতেৰে ধ্বংস কৰিলে; এতেকে হে দৃষ্টিমান ব্যক্তিসকল! তোমালোকে উপদেশ গ্ৰহণ কৰা।
.....x.....raf.....x.....
Comments
Post a Comment