Verse/Note15:29

Verse/Note15:29
১৫:২৯
فَإِذَا سَوَّيْتُهُ وَنَفَخْتُ فِيهِ مِنْ رُوحِي فَقَعُوا لَهُ سَاجِدِينَ
এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা,
.
15:29 and when I have formed him fully and breathed into him of My spirit, fall down before him in prostration!

Note.
Cf. 2 : 30-34🟣 and the corresponding notes, as well as 7:11. The allegorical character of all the passages bearing on the creation of man and on God's command to the angels to prostrate themselves before him is brought out clearly in God's saying, "I am about to create mortal man ... ; and when I have formed him fully. ..", etc.: for it is obvious that, in reality, no lapse of time is required for God's completing His creation - since, "when He wills a thing to be, He but says unto it, 'Be'-and it is" (cf. 🟥2:117, 3:47 and 59, 6:73, 16:40, 19:35, 36:82 and 40:68). God's "breathing of His spirit" into man is obviously a metaphor for His endowing him with life and consciousness: that is, with a soul.
⬇️
🟣2:30-34, 7:11
cf. 2:117, 3:47 and 59, 6:73, 16:40, 19:35, 
36:82 and 40:68).
.
২:৩০-৩৪
وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي جَاعِلٌ فِي الْأَرْضِ خَلِيفَةً ۖ قَالُوا أَتَجْعَلُ فِيهَا مَنْ يُفْسِدُ فِيهَا وَيَسْفِكُ الدِّمَاءَ وَنَحْنُ نُسَبِّحُ بِحَمْدِكَ وَنُقَدِّسُ لَكَ ۖ قَالَ إِنِّي أَعْلَمُ مَا لَا تَعْلَمُونَ
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক ক’লে, নিশ্চয় মই পৃথিৱীত খলিফা  সৃষ্টি কৰিবলৈ থিৰ কৰিছো। সিহঁতে ক’লে, তুমি পৃথিৱীত এনে এটা জীৱ সৃষ্টি কৰিব বিচৰা নেকি, যিয়ে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিব আৰু তেজ প্ৰবাহিত কৰিব?  আৰু আমিতো তোমাৰ হামদসহ তছবীহ পাঠ কৰিয়েই থাকো, লগতে তোমাৰ পৱিত্ৰতা ঘোষণা কৰো। তেওঁ ক’লে, ‘নিশ্চয় মই যিটো জানো তোমালোকে সেইটো নাজানা’ ।
২:৩১
وَعَلَّمَ آدَمَ الْأَسْمَاءَ كُلَّهَا ثُمَّ عَرَضَهُمْ عَلَى الْمَلَائِكَةِ فَقَالَ أَنْبِئُونِي بِأَسْمَاءِ هَٰؤُلَاءِ إِنْ كُنْتُمْ صَادِقِينَ
আৰু তেওঁ আদমক  যাৱতীয় নামৰ শিক্ষা দিলে, তাৰ পিছত সেইবোৰ ফিৰিস্তাসকলৰ আগত উপস্থাপন কৰি ক’লে, ‘যদি তোমালোক সত্যবাদী তেন্তে মোক এইবোৰৰ নাম কোৱা’ ।
২:৩২
قَالُوا سُبْحَانَكَ لَا عِلْمَ لَنَا إِلَّا مَا عَلَّمْتَنَا ۖ إِنَّكَ أَنْتَ الْعَلِيمُ الْحَكِيمُ
সিহঁতে ক’লে, ‘তুমি পৱিত্ৰ। তুমি আমাক যি শিক্ষা দিছা তাৰ বাহিৰে আমাৰ আন কোনো জ্ঞান নাই। নিশ্চয় তুমি সৰ্বজ্ঞ প্ৰজ্ঞাময়’।
২:৩৩
قَالَ يَا آدَمُ أَنْبِئْهُمْ بِأَسْمَائِهِمْ ۖ فَلَمَّا أَنْبَأَهُمْ بِأَسْمَائِهِمْ قَالَ أَلَمْ أَقُلْ لَكُمْ إِنِّي أَعْلَمُ غَيْبَ السَّمَاوَاتِ وَالْأَرْضِ وَأَعْلَمُ مَا تُبْدُونَ وَمَا كُنْتُمْ تَكْتُمُونَ
তেওঁ ক’লে, ‘হে আদম, এইবোৰৰ নাম তুমি সিহঁতক জনাই দিয়া’। তাৰ পিছত যেতিয়া তেওঁ (আদমে) এইবোৰৰ নাম জনাই দিলে তেতিয়া তেওঁ ক’লে, ‘মই তোমালোকক কোৱা নাছিলো নে?, যে নিশ্চয় মই আকাশমণ্ডল আৰু পৃথিৱীৰ গায়েব (অদৃশ্য) সম্পৰ্কে জানো, মই আৰু জানো যি তোমালোকে প্ৰকাশ কৰা আৰু যি তোমালোকে গোপন কৰা’ ।
২:৩৪
وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ أَبَىٰ وَاسْتَكْبَرَ وَكَانَ مِنَ الْكَافِرِينَ
আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লো, তোমালোকে আদমক ছাজদা কৰা । তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে ছাজদা কৰিলে। সি অস্বীকাৰ কৰিলে আৰু অহংকাৰ কৰিলে । আৰু সি কাফিৰসকলৰ অন্তৰ্ভুক্ত হ’ল।
.
৭:১১
وَلَقَدْ خَلَقْنَاكُمْ ثُمَّ صَوَّرْنَاكُمْ ثُمَّ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ لَمْ يَكُنْ مِنَ السَّاجِدِينَ
আৰু নিশ্চয় আমি তোমালোকক সৃষ্টি কৰিছো, তাৰ পিছত আমি তোমালোকক আকৃতি প্ৰদান কৰিছো, তাৰ পিছত আমি ফিৰিস্তাসকলক কৈছো, ‘আদমক ছাজদা কৰা’। ফলত ইবলীছৰ বাহিৰে সকলোৱে ছাজদা কৰিলে, সি ছাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’ল।
.
২:১১৭🟥
بَدِيعُ السَّمَاوَاتِ وَالْأَرْضِ ۖ وَإِذَا قَضَىٰ أَمْرًا فَإِنَّمَا يَقُولُ لَهُ كُنْ فَيَكُونُ
তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক; আৰু তেওঁ যেতিয়া কিবা কৰাৰ সিদ্ধান্ত লয়, তেতিয়া তাৰ বাবে কেৱল কয়, ‘হ’, ফলত ই হৈ যায়।
.
৩:৪৭
قَالَتْ رَبِّ أَنَّىٰ يَكُونُ لِي وَلَدٌ وَلَمْ يَمْسَسْنِي بَشَرٌ ۖ قَالَ كَذَٰلِكِ اللَّهُ يَخْلُقُ مَا يَشَاءُ ۚ إِذَا قَضَىٰ أَمْرًا فَإِنَّمَا يَقُولُ لَهُ كُنْ فَيَكُونُ
তেওঁ (মাৰইয়ামে) ক’লে, ‘হে মোৰ ৰব! কেনেকৈ মোৰ সন্তান হ’ব? অথচ কোনো পুৰুষেই মোক স্পৰ্শ কৰা নাই’। তেওঁ (আল্লাহে) ক’লে, ‘এনেকৈয়ে’, আল্লাহে যি ইচ্ছা সৃষ্টি কৰে। তেওঁ যেতিয়া কোনো বিষয়ে সিদ্ধান্ত লয় তেতিয়া কেৱল তেওঁ কয়, ‘হ’, ফলত সেইটো হৈ যায়।
.
৩:৫৯
إِنَّ مَثَلَ عِيسَىٰ عِنْدَ اللَّهِ كَمَثَلِ آدَمَ ۖ خَلَقَهُ مِنْ تُرَابٍ ثُمَّ قَالَ لَهُ كُنْ فَيَكُونُ
নিশ্চয় আল্লাহৰ ওচৰত ঈছাৰ উদাহৰণ আদমৰ দৰে, তেখেতে তেওঁক মাটিৰ পৰা সৃষ্টি কৰিছিল। তাৰ পিছত তেওঁক কৈছিল, ‘হ’, ফলত তেওঁ হৈ গ’ল।
....xx.....syedraf.....x......

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.