ref14:21
ref14:21
.
🛡️৪০:৪৭-৪৮
وَإِذْ يَتَحَاجُّونَ فِي النَّارِ فَيَقُولُ الضُّعَفَاءُ لِلَّذِينَ اسْتَكْبَرُوا إِنَّا كُنَّا لَكُمْ تَبَعًا فَهَلْ أَنْتُمْ مُغْنُونَ عَنَّا نَصِيبًا مِنَ النَّارِ
আৰু যেতিয়া সিহঁতে জাহান্নামত পৰস্পৰে বিতৰ্কত লিপ্ত হ’ব, তেতিয়া দুৰ্বলসকলে অহংকাৰীবিলাকক ক’ব, ‘নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলো, এতেকে তোমালোকে আমাৰ পৰা জাহান্নামৰ জুইৰ কিছু অংশ গ্ৰহণ কৰিবানে’?
৪০:৪৮
قَالَ الَّذِينَ اسْتَكْبَرُوا إِنَّا كُلٌّ فِيهَا إِنَّ اللَّهَ قَدْ حَكَمَ بَيْنَ الْعِبَادِ
অহংকাৰীবিলাকে ক’ব, ‘নিশ্চয় আমি সকলোৱে ইয়াতেই আছো, নিশ্চয় আল্লাহে বান্দাসকলৰ মাজত বিচাৰ সম্পন্ন কৰিছে’।
.
🛡️৭:৩৮-৩৯
قَالَ ادْخُلُوا فِي أُمَمٍ قَدْ خَلَتْ مِنْ قَبْلِكُمْ مِنَ الْجِنِّ وَالْإِنْسِ فِي النَّارِ ۖ كُلَّمَا دَخَلَتْ أُمَّةٌ لَعَنَتْ أُخْتَهَا ۖ حَتَّىٰ إِذَا ادَّارَكُوا فِيهَا جَمِيعًا قَالَتْ أُخْرَاهُمْ لِأُولَاهُمْ رَبَّنَا هَٰؤُلَاءِ أَضَلُّونَا فَآتِهِمْ عَذَابًا ضِعْفًا مِنَ النَّارِ ۖ قَالَ لِكُلٍّ ضِعْفٌ وَلَٰكِنْ لَا تَعْلَمُونَ
আল্লাহে ক’ব, ‘তোমালোকৰ আগত যিবোৰ জ্বিন আৰু মানৱদল পাৰ হৈছে সিহঁতৰ লগত তোমালোকেও জুইত প্ৰৱেশ কৰা’। যেতিয়াই কোনো দল তাত প্ৰৱেশ কৰিব তেতিয়াই আন দলক সিহঁতে অভিসম্পাত কৰিব। অৱশেষত যেতিয়া সিহঁত সকলোৱে তাত একত্ৰিত হ’ব, তেতিয়া সিহঁতৰ পৰবৰ্তীসকলে পূৰ্বৱৰ্তীসকলৰ বিষয়ে ক’ব, ‘হে আমাৰ ৰব! ইহঁতেই আমাক বিভ্ৰান্ত কৰিছিল; সেয়ে ইহঁতক দ্বিগুণ জুইৰ শাস্তি দিয়া’। আল্লাহে ক’ব, ‘প্ৰত্যেকৰে বাবে আছে দ্বিগুণ শাস্তি কিন্তু তোমালোকে নাজানা’।
৭:৩৯
وَقَالَتْ أُولَاهُمْ لِأُخْرَاهُمْ فَمَا كَانَ لَكُمْ عَلَيْنَا مِنْ فَضْلٍ فَذُوقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْسِبُونَ
আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলে পৰৱৰ্তীসকলক ক’ব, আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব নাই, গতিকে তোমালোকে যি অৰ্জন কৰিছিলা তাৰ বাবে এতিয়া শাস্তি ভোগ কৰা’।
.
🛡️৩৪:৩১-৩৩
وَقَالَ الَّذِينَ كَفَرُوا لَنْ نُؤْمِنَ بِهَٰذَا الْقُرْآنِ وَلَا بِالَّذِي بَيْنَ يَدَيْهِ ۗ وَلَوْ تَرَىٰ إِذِ الظَّالِمُونَ مَوْقُوفُونَ عِنْدَ رَبِّهِمْ يَرْجِعُ بَعْضُهُمْ إِلَىٰ بَعْضٍ الْقَوْلَ يَقُولُ الَّذِينَ اسْتُضْعِفُوا لِلَّذِينَ اسْتَكْبَرُوا لَوْلَا أَنْتُمْ لَكُنَّا مُؤْمِنِينَ
যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘আমি এই কোৰআনৰ প্ৰতি কেতিয়াও ঈমান পোষণ নকৰোঁ আৰু ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবৰ প্ৰতিও নকৰোঁ’। হায়! যদি তুমি দেখিলাহেঁতেন যালিমসকলক, যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদ-প্ৰতিবাদ কৰি থাকিব, যিবোৰক দুৰ্বল বুলি ভৱা হৈছিল, সিহঁতে অহংকাৰী বিলাকক ক’ব, ‘তোমালোক নাথাকিলে আমি অৱশ্যে মুমিন হ’লোহেঁতেন!’
৩৪:৩২
قَالَ الَّذِينَ اسْتَكْبَرُوا لِلَّذِينَ اسْتُضْعِفُوا أَنَحْنُ صَدَدْنَاكُمْ عَنِ الْهُدَىٰ بَعْدَ إِذْ جَاءَكُمْ ۖ بَلْ كُنْتُمْ مُجْرِمِينَ
যিসকল অহংকাৰী আছিল, সিহঁতে দুৰ্বল কৰি ৰখাবিলাকক ক’ব, ‘তোমালোকৰ ওচৰত হিদায়ত অহাৰ পিছত আমি তোমালোকক তাৰ পৰা নিবৃত্ত কৰিছিলো নে? বৰং তোমালোকহে অপৰাধী আছিলা’।
৩৪:৩৩
وَقَالَ الَّذِينَ اسْتُضْعِفُوا لِلَّذِينَ اسْتَكْبَرُوا بَلْ مَكْرُ اللَّيْلِ وَالنَّهَارِ إِذْ تَأْمُرُونَنَا أَنْ نَكْفُرَ بِاللَّهِ وَنَجْعَلَ لَهُ أَنْدَادًا ۚ وَأَسَرُّوا النَّدَامَةَ لَمَّا رَأَوُا الْعَذَابَ وَجَعَلْنَا الْأَغْلَالَ فِي أَعْنَاقِ الَّذِينَ كَفَرُوا ۚ هَلْ يُجْزَوْنَ إِلَّا مَا كَانُوا يَعْمَلُونَ
আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে, অহংকাৰকাৰীবিলাকক ক’ব, ‘দৰাচলতে তোমালোকেই দিনে-ৰাতি চক্ৰান্তত লিপ্ত আছিলা, যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা যাতে আমি আল্লাহৰ লগত কুফৰী কৰো আৰু তেওঁৰ বাবে সমকক্ষ (শ্বিৰ্ক) স্থাপন কৰো’। কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতে অনুতাপ গোপনে ৰাখিব আৰু যিসকলে কুফৰী কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম। সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।
....ooo....
Comments
Post a Comment