ref11:12

ref11:12
.
🔵১১:১২
فَلَعَلَّكَ تَارِكٌ بَعْضَ مَا يُوحَىٰ إِلَيْكَ وَضَائِقٌ بِهِ صَدْرُكَ أَنْ يَقُولُوا لَوْلَا أُنْزِلَ عَلَيْهِ كَنْزٌ أَوْ جَاءَ مَعَهُ مَلَكٌ ۚ إِنَّمَا أَنْتَ نَذِيرٌ ۚ وَاللَّهُ عَلَىٰ كُلِّ شَيْءٍ وَكِيلٌ
তেন্তে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে তাৰ পৰা কিবা তুমি বৰ্জন কৰিবা নেকি আৰু ইয়াৰ দ্বাৰা তোমাৰ মন সংকুচিত হ’ব নেকি, সিহঁতৰ এই কথা কোৱাৰ বাবে যে, ‘তাৰ ওচৰত ধন-ভান্ডাৰ কিয় অৱতীৰ্ণ কৰা নহয় অথবা তাৰ লগত ফিৰিস্তা কিয় নাহে’?(*) তুমিহে কেৱল এজন সতৰ্ককাৰী আৰু আল্লাহ সকলো বস্তুৰ ওপৰত কৰ্মবিধায়ক।(**)
REFERENCES:
(৬:৮*
وَقَالُوا لَوْلَا أُنْزِلَ عَلَيْهِ مَلَكٌ ۖ وَلَوْ أَنْزَلْنَا مَلَكًا لَقُضِيَ الْأَمْرُ ثُمَّ لَا يُنْظَرُونَ
আৰু সিহঁতে কয়, ‘কিয় তাৰ ওচৰত কোনো ফিৰিস্তা অৱতীৰ্ণ নহয়?’ আৰু যদি আমি ফিৰিস্তা অৱতীৰ্ণ কৰিলোহেঁতেন, তেন্তে বিষয়টোৰ চূড়ান্ত ফয়চালাই হৈ গ’লেহেঁতেন, তাৰ পিছত সিহঁতক আৰু কোনো অৱকাশ দিয়া নহ’লেহেঁতেন।
.
১৭:৯০*
وَقَالُوا لَنْ نُؤْمِنَ لَكَ حَتَّىٰ تَفْجُرَ لَنَا مِنَ الْأَرْضِ يَنْبُوعًا
আৰু সিহঁতে কয়, ‘আমি কেতিয়াও তোমাৰ ওপৰত ঈমান পোষণ নকৰিম, যেতিয়ালৈকে তুমি আমাৰ বাবে ভূমিৰ পৰা এটা প্ৰস্ৰৱন উৎসাৰিত নকৰিবা;
.
২৫:৭-৮
وَقَالُوا مَالِ هَٰذَا الرَّسُولِ يَأْكُلُ الطَّعَامَ وَيَمْشِي فِي الْأَسْوَاقِ ۙ لَوْلَا أُنْزِلَ إِلَيْهِ مَلَكٌ فَيَكُونَ مَعَهُ نَذِيرًا
সিহঁতে আৰু কয়, ‘এওঁ কেনেকুৱা ৰাছুল, যিয়ে খোৱা-বোৱা কৰে আকৌ হাট-বজাৰতো চলাফুৰা কৰে; তেওঁৰ ওচৰত কোনো ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহ’ল, যিয়ে তেওঁৰ লগত সতৰ্ককাৰীৰূপে থাকিলেহেঁতেন?
২৫:৮
أَوْ يُلْقَىٰ إِلَيْهِ كَنْزٌ أَوْ تَكُونُ لَهُ جَنَّةٌ يَأْكُلُ مِنْهَا ۚ وَقَالَ الظَّالِمُونَ إِنْ تَتَّبِعُونَ إِلَّا رَجُلًا مَسْحُورًا
‘অথবা তেওঁৰ ওচৰত কোনো ধনভাণ্ডাৰ নাহিল কিয়, নাইবা তেওঁৰ কাৰণে এখন বাগান নহয় কিয়, য’ৰ পৰা তেওঁ খাব পাৰিলেহেঁতেন?’ যালিমসকলে আৰু কয়, ‘তোমালোকে কেৱল এজন যাদুগ্ৰস্ত ব্যক্তিৰহে অনুসৰণ কৰি আছা’।)
.
(৬:৫০**
قُلْ لَا أَقُولُ لَكُمْ عِنْدِي خَزَائِنُ اللَّهِ وَلَا أَعْلَمُ الْغَيْبَ وَلَا أَقُولُ لَكُمْ إِنِّي مَلَكٌ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰ إِلَيَّ ۚ قُلْ هَلْ يَسْتَوِي الْأَعْمَىٰ وَالْبَصِيرُ ۚ أَفَلَا تَتَفَكَّرُونَ
কোৱা, ‘মই তোমালোকক এইটো নকওঁ যে, মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে, আৰু মই গায়েবও নাজানো আৰু তোমালোকক এইটোও নকওঁ যে, মই ফিৰিস্তা, মোৰ প্ৰতি যি অহীৰূপে প্ৰেৰণ কৰা হয়, মই কেৱল সেইটোকেই অনুসৰণ কৰো’। কোৱা, ‘অন্ধ আৰু দৃষ্টিৱান ব্যক্তি উভয়ে সমান হ’ব পাৰেনে? তোমালোকে চিন্তা নকৰা নেকি’?)
...
Raf

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.